--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফিফা বিশ্বকাপ ২০২২ৰ চূড়ান্ত প্ৰতিযোগী দুয়োটা দলে মুখামুখি হৈছে। এতিয়া দেওবাৰে আৰ্জেণ্টিনা আৰু ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সৰ মাজত খিতাপৰ যুঁজ হ’ব। যোৱা নিশাৰ ছেমি ফাইনেলত পৰাস্ত হৈ বাহিৰ হোৱা মৰক্কো দলটোৱে এক সংঘৰ্ষত লিপ্ত হয়। ফ্ৰান্সৰ হাতত ০-২ গ’লত পৰাস্ত হৈ ব্ৰাছেলছত আৰক্ষীৰ সৈতে সংঘৰ্ষ মৰক্কোৰ অনুৰাগীৰ। ব্ৰাছেলছ চাউথ ষ্টেচনৰ ওচৰত মৰক্কোৰ পতাকা পিন্ধা ১০০ৰো অধিক অনুৰাগীয়ে আৰক্ষীৰ ওপৰত ফটকা আৰু অন্যান্য বস্তু নিক্ষেপ কৰে। জাবৰৰ মোনা আৰু কাৰ্ডবৰ্ডৰ বাকচত অগ্নিসংযোগ কৰাৰ লগে লগে আৰক্ষীয়ে পানীৰ কামান আৰু কন্দুৱা গেছ নিক্ষেপ কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰৰ মতে, আৰক্ষীয়ে কেইবাজনো অনুৰাগীক আটক কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু ক'তো গুৰুতৰ ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে। 

ফ্ৰান্সৰ ৰাজধানীতো দেখা গ’ল মৰক্কোৰ অনুৰাগীৰ গুণ্ডাগিৰি য'ত মৰক্কোৰ অনুৰাগীয়ে নিজৰ দলৰ জয়ৰ পাছত উদযাপন কৰিবলৈ অহা ফৰাচী অনুৰাগীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। বৃহৎ সংখ্যক মৰক্কোৰ প্ৰবাসী ফ্ৰান্সত বাস কৰে।

পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰে আৰু  মুকলি কৰে কন্দুৱা গেছ। মেচখনৰ লগে লগে ফ্ৰান্সৰ কেইবাখনো চহৰ আৰক্ষীৰ কেণ্টনমেণ্টলৈ ৰূপান্তৰিত কৰা হয়।

এই হুলস্থুলৰ পাছত ফ্ৰান্সৰ গৃহমন্ত্ৰীয়ে বিবৃতি জাৰি কৰিবলগীয়া হ’ল। ফৰাচী অনুৰাগীৰ দৰেই মৰক্কোৰ অনুৰাগীও আমাৰ মানুহ বুলিও তেওঁ কয়। 'জয়ৰ আনন্দ আৰু পৰাজয়ৰ দুখ উদযাপন কৰিবলৈ সকলো স্বাধীন, কিন্তু মোৰ আবেদন আইন হাতত যাতে কোনেও নলয়।'

ফিফা বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো আফ্ৰিকান দল হিচাপে পৰিগণিত হয় মৰক্কো। ইয়াৰ পূৰ্বে ১০ ডিচেম্বৰত পৰ্তুগালক প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়াৰ পাছতো পেৰিছত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল।

মেচখনৰ পাছত মৰক্কোৰ প্ৰশিক্ষক ৰেগাৰ্গুইয়ে কয় যে তেওঁৰ দলটোৱে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে আৰু ছেমি ফাইনেলৰ পৰাজয়ে ফিফা বিশ্বকাপ ২০২২ৰ অভিযানৰ সময়ত তেওঁলোকৰ বীৰত্ব হ্ৰাস কৰিব নোৱাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু