--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফিফা বিশ্বকাপ ২০২২ৰ চূড়ান্ত প্ৰতিযোগী দুয়োটা দলে মুখামুখি হৈছে। এতিয়া দেওবাৰে আৰ্জেণ্টিনা আৰু ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সৰ মাজত খিতাপৰ যুঁজ হ’ব। যোৱা নিশাৰ ছেমি ফাইনেলত পৰাস্ত হৈ বাহিৰ হোৱা মৰক্কো দলটোৱে এক সংঘৰ্ষত লিপ্ত হয়। ফ্ৰান্সৰ হাতত ০-২ গ’লত পৰাস্ত হৈ ব্ৰাছেলছত আৰক্ষীৰ সৈতে সংঘৰ্ষ মৰক্কোৰ অনুৰাগীৰ। ব্ৰাছেলছ চাউথ ষ্টেচনৰ ওচৰত মৰক্কোৰ পতাকা পিন্ধা ১০০ৰো অধিক অনুৰাগীয়ে আৰক্ষীৰ ওপৰত ফটকা আৰু অন্যান্য বস্তু নিক্ষেপ কৰে। জাবৰৰ মোনা আৰু কাৰ্ডবৰ্ডৰ বাকচত অগ্নিসংযোগ কৰাৰ লগে লগে আৰক্ষীয়ে পানীৰ কামান আৰু কন্দুৱা গেছ নিক্ষেপ কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰৰ মতে, আৰক্ষীয়ে কেইবাজনো অনুৰাগীক আটক কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু ক'তো গুৰুতৰ ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে। 

ফ্ৰান্সৰ ৰাজধানীতো দেখা গ’ল মৰক্কোৰ অনুৰাগীৰ গুণ্ডাগিৰি য'ত মৰক্কোৰ অনুৰাগীয়ে নিজৰ দলৰ জয়ৰ পাছত উদযাপন কৰিবলৈ অহা ফৰাচী অনুৰাগীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। বৃহৎ সংখ্যক মৰক্কোৰ প্ৰবাসী ফ্ৰান্সত বাস কৰে।

পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰে আৰু  মুকলি কৰে কন্দুৱা গেছ। মেচখনৰ লগে লগে ফ্ৰান্সৰ কেইবাখনো চহৰ আৰক্ষীৰ কেণ্টনমেণ্টলৈ ৰূপান্তৰিত কৰা হয়।

এই হুলস্থুলৰ পাছত ফ্ৰান্সৰ গৃহমন্ত্ৰীয়ে বিবৃতি জাৰি কৰিবলগীয়া হ’ল। ফৰাচী অনুৰাগীৰ দৰেই মৰক্কোৰ অনুৰাগীও আমাৰ মানুহ বুলিও তেওঁ কয়। 'জয়ৰ আনন্দ আৰু পৰাজয়ৰ দুখ উদযাপন কৰিবলৈ সকলো স্বাধীন, কিন্তু মোৰ আবেদন আইন হাতত যাতে কোনেও নলয়।'

ফিফা বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো আফ্ৰিকান দল হিচাপে পৰিগণিত হয় মৰক্কো। ইয়াৰ পূৰ্বে ১০ ডিচেম্বৰত পৰ্তুগালক প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়াৰ পাছতো পেৰিছত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল।

মেচখনৰ পাছত মৰক্কোৰ প্ৰশিক্ষক ৰেগাৰ্গুইয়ে কয় যে তেওঁৰ দলটোৱে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে আৰু ছেমি ফাইনেলৰ পৰাজয়ে ফিফা বিশ্বকাপ ২০২২ৰ অভিযানৰ সময়ত তেওঁলোকৰ বীৰত্ব হ্ৰাস কৰিব নোৱাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement