--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে সমগ্ৰ বিশ্ববাসীৰ কেন্দ্ৰবিন্দু হৈ পৰিব কাটাৰৰ লুছাইল ষ্টেডিয়াম। লুছাইলতে হ’ব মহাকাব্যিক এখন ৰণ। বিশ্বকাপৰ ফাইনেল। ইতিমধ্যে এই ৰণখনলৈ অগ্ৰসৰ হৈছে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনা। বিশ্বকাপৰ প্ৰথমখন চেমি ফাইনেলত ক্ৰ’ৱেছিয়াক হৰুৱাই ফাইনেলত উপনীত হৈছে মাৰাডোনাৰ দেশ।

ফাইনেলত কোন হ’ব আৰ্জেণ্টিনাৰ প্ৰতিদন্দন্দী? কাৰ স’তে খেলিব লাগিব মেছিয়ে? সেয়া নিৰ্ণয় হ’ব আজি মাজৰাতি। আৰু কেইঘণ্টামানৰ পাছতে আল বায়ট ষ্টেডিয়ামত খেলোৱা হ’ব দ্বিতীয়খন চেমিফাইনেল।

ফ্ৰান্স বনাম মৰক্কো। ২০১৮ চনৰ বিশ্বজয়ী ফ্ৰান্স আৰু বিশ্ব ফুটবলৰ শেহতীয়া চাঞ্চল্য মৰক্কো। স্বাভাৱিকতে মেচখনত ফেভাৰিট হিচাপে ফ্ৰান্সৰ নামেই উচ্চাৰিত হৈ আছে।

চলিত বিশ্বকাপত ফ্ৰান্সে দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে। ৫ টাকৈ গ’লেৰে শীৰ্ষত আছে কিলিয়ান এমবাপে। এমবাপেৰ খীপ্ৰ গতি, দুৰ্দান্ত শ্বটে প্ৰতিপক্ষক ধৰাসায়ী কৰিছে। সেয়ে মৰক্কোৰ বিৰুদ্ধেও এমবাপেৰ ওপৰত ফ্ৰান্সে নিৰ্ভৰ কৰিব।

কেৱল এমবাপেই নহয়, ফ্ৰান্সৰ আটাইকেওজন খেলুৱৈয়ে দমনীয় প্ৰদৰ্শন আগবঢ়াইছে। তাৰকা ষ্ট্ৰাইকাৰ অলিভিঅ’ৰ জিৰ’ দূৰ্দান্ত ফৰ্মত আছে। বিশ্বকাপত কৰিছে ৪ টাকৈ গ’ল।

জিৰ’, এমবাপেৰ উপৰিও আছে এণ্ট’ইন গ্ৰীজমেন। মিডফিল্ডৰ পৰা নাম্বাৰ চেভেন গ্ৰীজমেনে খেলৰ গতি সলাই দিয়াৰ ক্ষমতা আছে। লেফ্ট উইঙত আছে উচমান ডেম্বেলে। ডেম্বেলেইও বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে।

মিডফিল্ডৰ বাবে ফ্ৰান্স জগতবিখ্যাত। সেয়া যোৱাবাৰৰ বিশ্বকাপতে প্ৰতীয়মান হৈছে। এইবাৰো এদ্ৰিয়ান ৰেবিঅ’ট, চুৱামেনীৰ দৰে তাৰকাৰে গঠিত মিডফিল্ডে বিশ্বকাপত চালকৰ আসন আছে। উল্লেখ্য যে বিশ্বকাপত এইবাৰ প’ল পগবা, এনগ’ল’ কাণ্টেৰ দৰে বিশ্বশ্ৰেষ্ঠ ফৰাচী তাৰকাই খেলা নাই। কিন্তু তথাপিও এওঁলোকৰ অভাৱ অনুভৱ হোৱা নাই ফ্ৰান্সৰ খেলসমূহত।

ফ্ৰান্সৰ ৰক্ষণ বিভাগত আছে থিয়’ হাৰ্ণাণ্ডেজ, ৰাফায়েল ভাৰানে, বেঞ্জামিন পাভাৰ্ডৰ দৰে তাৰকা। এওঁলোকৰ শাৰিৰীক অৱস্থিতিয়েই দলটোক শক্তিশালী মাত্ৰা প্ৰদান কৰি আহিছে। চেমি ফাইনেলতো এওঁলোকে নিজৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিব।

ফ্ৰান্সৰ গ’লকীপাৰ হুগো লৰিছক সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ গ’লকীপাৰ হিচাপে গণ্য কৰা হয়। লৰিছে ফ্ৰান্সৰ অধিনায়কৰ দায়িত্বতো আছে। মৰক্কোৰ বিৰুদ্ধেও ল’ৰিছে এখন দেৱালৰ ভূমিকাত অৱতীৰ্ণ হ’ব সেয়া ধুৰূপ।

আনহাতে, তাৰকাখচিত দল পৰ্তুগালৰ বিৰুদ্ধে ৰোমাঞ্চক বিজয়সাব্যষ্ট কৰি চেমি ফাইনেলত উপনীত হৈছে উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কো। বিশ্বকাপত মৰক্কোৱে সপোনৰ জয়যাত্ৰা কৰিছে। মৰক্কোৰ আগত সেও মানিছে স্পেইন, ক্ৰ’ৱেছিয়া, বেলজিয়ামৰ দৰে আগশাৰীৰ দল।

মৰক্কোৰ এই বিজয়যাত্ৰাৰ মূলতে আছে দলটোৰ সামগ্ৰিক প্ৰদৰ্শন। চৰ্চাত আছে দলটোৰ গ’লকীপাৰ য়াছিন বুন’ৰ নাম। স্পেইন আৰু পৰ্তুগালৰ বিৰুদ্ধে বুন’ই কৰা দূৰ্দান্ত প্ৰদৰ্শনে সকলোকে আকৰ্ষিত কৰিছে। চেমি ফাইনেলত এমবাপে, জিৰ’হঁতক তেওঁ কিদৰে প্ৰত্যাহ্বান জনায়, সেয়া লক্ষ্যণীয় হ’ব।

মৰক্কোৰ ৰক্ষণ বিভাগ যথেষ্ট শক্তিশালী। চৰ্চাত আছে পেৰিছ চেইণ্ট-জাৰ্মানৰ তাৰকা আচ্ৰফ হাকিমি। ৰাইট উইং বেক হাকিমিয়ে বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে। হাকিমিৰ উপৰিও আছে জাৱাদ এল য়ামিক, ৰোমান চাইছৰ দৰে ডিফেণ্ডাৰ। ফ্ৰান্সৰ বিৰুদ্ধে তেওঁলোকে কেনেধৰণে প্ৰতিৰোধ কৰে সেয়া লক্ষ্যণীয় হ’ব।

মৰক্কোৰ মিডফিল্ডত আছে চফিয়ান আম্ৰাবাট, আজেদিন ঔনাহি, ছেলিম আমাল্লাহৰ দৰে মিডফিল্ডাৰ। বিশ্বকাপত এওঁলোকে দূৰ্দান্ত প্ৰদৰ্শন কৰিছে।

আক্ৰমণৰ বিভাগত আছে মৰক্কোৰ দুই শক্তি হাকিম জিয়েক আৰু য়ুছেফ এন-নেছীৰি। দুয়োজনে বিশ্বকাপত চৰ্চাৰ শিখৰত আছে। এন-নেছীৰিয়ে বিশ্বকাপত দুটাকৈ গ’ল কৰিছে। ইয়াৰে এটা হেডাৰ গ’লক লৈ চৰ্চাত আছে তেওঁ। ফ্ৰান্সৰ বিৰুদ্ধে এওঁলোকে কি ভূমিকাত অৱতীৰ্ণ হয় সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে ফ্ৰান্সে এতিয়ালৈকে দুবাৰকৈ বিশ্ব চেম্পিয়ন হৈছে। ১৯৯৮ চনত জিনেদাইন জিদানৰ দিনত আৰু ২০১৮ চনত কিলিয়ান এমবাপেৰ দিনত। সেয়ে এইবাৰো ফাইনেলত উপনীত হৈ বিশ্বজয় কৰিবলৈ দলটোৱে আপ্ৰাণ চেষ্টা চলাব। তাৰবাবে অপেক্ষা কৰিব লাগিব মাত্ৰ কেইঘণ্টামান সময়। আজি মাজৰাতি চাৰে বাৰ বজাৰ পৰা আৰম্ভ হ’ব মহাৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক