--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা দীৰ্ঘদিন ধৰি হোৱা নাই। পূৰ্বে দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ খেলা চলিছিল। ৱাছিম ​​আক্ৰমে তেনে এটা শৃংখলাৰ সোঁৱৰণ কৰিছে। শেহতীয়াকৈ ১৯৯৯ চনৰ চেন্নাই টেষ্টৰ সোঁৱৰণ কৰিলে পাকিস্তানৰ প্ৰাক্তন তাৰকা পেচাৰজনে। সেই মেচখনত শচীন টেণ্ডুলকাৰক কেনেকৈ আউট কৰা হৈছিল সেই কথা আক্ৰমে মনত পেলায়।

আক্ৰামে কয়- ''চেন্নাই টেষ্ট মোৰ বাবে এখন বিশেষ মেচ। আমাৰ দলত ছাকলেইন মুস্তাকৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ বলাৰ আছিল যদিও শচীনে অনায়াসে খেলি আছিল। প্ৰথম ইনিংছত ছাকলেইনৰ দুছৰা শচীনে অনায়াসে খেলিছিল। শচীনে প্ৰতিবাৰেই ছাকলেইনে দুছৰা দিয়াৰ সময়ত কীপাৰৰ পিছফালে লেপ শ্বট খেলিছিল, যিটো সেই সময়ত কোনেও শুনা নাছিল।”

আক্ৰমে লগতে কয়, ''মোৰ মনত আছে সেই মেচখন কিমান তীব্ৰ আছিল। ভাৰতক জয়ী হ’বলৈ ২০ ৰানৰ প্ৰয়োজন আছিল আৰু শচীনে ১৩৬ ৰানত বেটিং কৰি আছিল। সেইসময়ত প্ৰতিজন ফিল্ডাৰ বাউণ্ডেৰীত আছিল। শচীনৰ বিৰুদ্ধে বলিং কৰিছিল ছাকলাইনে। মই তেওঁক ক’লোঁ যে অফষ্টাম্পৰ বাহিৰত দুছৰা অথবা বলটো বতাহত ভাঁহি দিবলৈ। তেতিয়া মিডউইকেটৰে মাৰিবলৈ চাব। ঠিক তেনেকুৱাই হৈছিল। তাৰ পাছত ছয় মাৰিলে। বলটো বেটৰ ধাৰত খুন্দা মাৰি ওপৰলৈ উঠি গ’ল। মই কেচটো আয়ত্ত কৰি লৈছিলো আৰু মেচখনো জয়ী হৈছিলো।’’

আক্ৰমে কয়- ''সেই সময়ত চেন্নাইৰ দৰ্শকেও পাকিস্তানৰ বিজয়ৰ বাবে উল্লাস কৰিছিল। চল্লিশ হাজাৰ লোকে থিয় হৈ আক্ৰামক চেলুট দিছিল। ভাৰতলৈ আহি ভাৰতক পৰাস্ত কৰাটো এটা কঠিন কাম আছিল। সেইটো সহজ কৰি তুলিছিল পাকিস্তানে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু