--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশা কৰা ধৰণেই সফল হ’ল ফুটবলৰ মহা তাৰকা লিঅ’নেল মেছি৷  ফিফাৰ বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে যেন মেছিক বাছনি কৰাৰ বাদে  আন কাৰোবাক বাছনি কৰাটো প্ৰায় অসম্ভৱ আছিল। লিঅ’নেল মেছিক ২০২২ চনৰ বৰ্ষৰ ফুটবলাৰ হিচাপে মনোনীত কৰা হৈছে। মেছিয়ে ক্লাবৰ সতীৰ্থ কেলিয়ান এমবাপে আৰু বেলন ডি'অৰ বিজয়ী কৰিম বেঞ্জেমাক চেৰ পেলাই এই সন্মানৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে৷ আনহাতে এলেক্সিয়া পুটেলাছক  বছৰটোৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰ হিচাপে মনোনীত কৰা হৈছে।এফ চি বাৰ্চিলোনা দলৰ স্পেনিছ মিডফিল্ডাৰ এলেক্সিয়া পুটেলাছে  শ্ৰেষ্ঠ মহিলা  খেলুৱৈৰ বঁটাৰ বাবে মনোনীত হৈছে৷ 

বছৰটোৰ শ্ৰেষ্ঠ ফুটবলখেলুৱৈজনক প্ৰতিখন দেশৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক, অধিনায়ক আৰু সাংবাদিকৰ ভোটৰ দ্বাৰা বাছনি কৰা হয়। ২০২২ ৰ শ্ৰেষ্ঠ ফুটবলাৰৰ দৌৰত এইবাৰ  মেছি, এমবাপে আৰু বেঞ্জেমা  আছিল। ফ্ৰান্সৰ তাৰকা এমবাপেয়ে বিশ্বকাপৰ ফাইনেলত হেট্ৰিক অৰ্জন কৰিছিল। অৱশেষত, আৰ্জেণ্টিনাই পেনাল্টি শ্বুট আউটলৈ গৈ বিশ্বকাপ জিকিছিল। ৩৬ বছৰৰ পিছত কাপটো নীলা-বগা জাৰ্চী পিন্ধা খেলুৱৈসকলৰ  হাতলৈ গৈছিল৷ 

সপোন পূৰণ কৰাৰ বছৰটোত ফিফাৰ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মানও মেছিৰ হাতলৈয়ে যাব বুলি বহুতে ধাৰণা কৰিছিল৷  ক্ৰিষ্টিয়ানো ৰোনাল্দো আৰু ৰবাৰ্ট লিয়ণ্ডোস্কিয়ে দুবাৰকৈ ফিফা প্লেয়াৰ অফ দা ইয়েৰ জিকিছে। অৱশ্যে এই সন্মানক লৈ এক বিতৰ্কও  হৈছিল। বহুতে অভিযোগ কৰিছিল যে আনুষ্ঠানিক ঘোষণাৰ আগতে শ্ৰেষ্ঠ খেলুৱৈজনৰ নাম লিক হৈছিল। ফুটবল অনুৰাগীসকলে ইতিমধ্যে জানিছিল যে মেছি শ্ৰেষ্ঠ ফুটবলাৰ হ'বলৈ গৈ আছে।কেৱল মেছিয়েই নহয়, ফিফাৰ শ্ৰেষ্ঠৰ তালিকাত আৰ্জেণ্টিনাৰ বহুতো ফুটবলাৰ আছে ।

 এইবেলি এমিলিয়ানো মাৰ্টিনেজে শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা লাভ কৰিছে। লিঅনেল স্কেলোনি শ্ৰেষ্ঠ প্ৰশিক্ষক। আৰ্জেণ্টিনাৰ অনুৰাগীসকলেও ফুটবল অনুৰাগীসকলৰ মাজত শ্ৰেষ্ঠৰ খিতাপ জিকিছে। মাৰ্চিন অলেস্কিয়ে শ্ৰেষ্ঠ গ'লৰ বাবে পুস্কাছ বঁটা লাভ কৰিছে। চাৰিনা ৱিগমেনক মহিলা দলৰ শ্ৰেষ্ঠ প্ৰশিক্ষক হিচাপে মনোনীত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু