--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশা কৰা ধৰণেই সফল হ’ল ফুটবলৰ মহা তাৰকা লিঅ’নেল মেছি৷  ফিফাৰ বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে যেন মেছিক বাছনি কৰাৰ বাদে  আন কাৰোবাক বাছনি কৰাটো প্ৰায় অসম্ভৱ আছিল। লিঅ’নেল মেছিক ২০২২ চনৰ বৰ্ষৰ ফুটবলাৰ হিচাপে মনোনীত কৰা হৈছে। মেছিয়ে ক্লাবৰ সতীৰ্থ কেলিয়ান এমবাপে আৰু বেলন ডি'অৰ বিজয়ী কৰিম বেঞ্জেমাক চেৰ পেলাই এই সন্মানৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে৷ আনহাতে এলেক্সিয়া পুটেলাছক  বছৰটোৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰ হিচাপে মনোনীত কৰা হৈছে।এফ চি বাৰ্চিলোনা দলৰ স্পেনিছ মিডফিল্ডাৰ এলেক্সিয়া পুটেলাছে  শ্ৰেষ্ঠ মহিলা  খেলুৱৈৰ বঁটাৰ বাবে মনোনীত হৈছে৷ 

বছৰটোৰ শ্ৰেষ্ঠ ফুটবলখেলুৱৈজনক প্ৰতিখন দেশৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক, অধিনায়ক আৰু সাংবাদিকৰ ভোটৰ দ্বাৰা বাছনি কৰা হয়। ২০২২ ৰ শ্ৰেষ্ঠ ফুটবলাৰৰ দৌৰত এইবাৰ  মেছি, এমবাপে আৰু বেঞ্জেমা  আছিল। ফ্ৰান্সৰ তাৰকা এমবাপেয়ে বিশ্বকাপৰ ফাইনেলত হেট্ৰিক অৰ্জন কৰিছিল। অৱশেষত, আৰ্জেণ্টিনাই পেনাল্টি শ্বুট আউটলৈ গৈ বিশ্বকাপ জিকিছিল। ৩৬ বছৰৰ পিছত কাপটো নীলা-বগা জাৰ্চী পিন্ধা খেলুৱৈসকলৰ  হাতলৈ গৈছিল৷ 

সপোন পূৰণ কৰাৰ বছৰটোত ফিফাৰ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মানও মেছিৰ হাতলৈয়ে যাব বুলি বহুতে ধাৰণা কৰিছিল৷  ক্ৰিষ্টিয়ানো ৰোনাল্দো আৰু ৰবাৰ্ট লিয়ণ্ডোস্কিয়ে দুবাৰকৈ ফিফা প্লেয়াৰ অফ দা ইয়েৰ জিকিছে। অৱশ্যে এই সন্মানক লৈ এক বিতৰ্কও  হৈছিল। বহুতে অভিযোগ কৰিছিল যে আনুষ্ঠানিক ঘোষণাৰ আগতে শ্ৰেষ্ঠ খেলুৱৈজনৰ নাম লিক হৈছিল। ফুটবল অনুৰাগীসকলে ইতিমধ্যে জানিছিল যে মেছি শ্ৰেষ্ঠ ফুটবলাৰ হ'বলৈ গৈ আছে।কেৱল মেছিয়েই নহয়, ফিফাৰ শ্ৰেষ্ঠৰ তালিকাত আৰ্জেণ্টিনাৰ বহুতো ফুটবলাৰ আছে ।

 এইবেলি এমিলিয়ানো মাৰ্টিনেজে শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা লাভ কৰিছে। লিঅনেল স্কেলোনি শ্ৰেষ্ঠ প্ৰশিক্ষক। আৰ্জেণ্টিনাৰ অনুৰাগীসকলেও ফুটবল অনুৰাগীসকলৰ মাজত শ্ৰেষ্ঠৰ খিতাপ জিকিছে। মাৰ্চিন অলেস্কিয়ে শ্ৰেষ্ঠ গ'লৰ বাবে পুস্কাছ বঁটা লাভ কৰিছে। চাৰিনা ৱিগমেনক মহিলা দলৰ শ্ৰেষ্ঠ প্ৰশিক্ষক হিচাপে মনোনীত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক