--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাহে লাহে সুস্থ হৈ উঠিছে ঋষভ পন্ত। চিকিৎসালয়ত কেনেদৰে দিন কটাইছে ঋষভ পণ্টে? এই সন্দৰ্ভত বক্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে। গাংগুলীয়ে আইপিএলত দিল্লী কেপিটেলছৰো পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ঋষভ পণ্ট এই দিল্লী কেপিটেলছৰে অধিনায়ক।

বৰ্তমান দলটো গাংগুলীৰ অধীনত কলকাতাত প্ৰস্তুতি শিবিৰত ব্যস্ত হৈ আছে। সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সৌৰভ গাংগুলীয়ে কয় যে, ''পণ্টৰ স’তে মই দুবাৰমান কথা পাতিছো। কঠিন সময়ৰ মাজেৰে পাৰ হৈছে তেওঁ। প্ৰথমে আঘাত, তাৰ পিছত অস্ত্ৰোপচাৰ। আশা কৰিছো সোনকালে সুস্থ হৈ উঠিব। হয়তো এই বছৰৰ শেষৰ ফালে বা দুবছৰমানৰ ভিতৰতে তেওঁক ভাৰতীয় দলৰ হৈ খেলা দেখা যাব।"

আই পি এলৰ সময়ত তেওঁ পণ্ট দলৰ সৈতে থাকিব বিচাৰে নেকি? সৌৰভে উত্তৰ দিলে, “এতিয়াও সিদ্ধান্ত লোৱা নাই। চোৱা যাওক!” অৱশ্যে বিচিচিআইৰ প্ৰাক্তন সভাপতিগৰাকীয়ে স্বীকাৰ কৰে যে পণ্টৰ বিকল্প বিচৰাৰ সময় আহি পৰিছে।

এই সাক্ষাৎকাৰত সৌৰভে কে এল ৰাহুলৰ বিষয়েও বহু কথা কয়। তেওঁ কয়- ''ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে সমালোচনা শুনিবই লাগিব। কেৱল ৰাহুল নহয়। বিগত সময়তো বহু ক্ৰিকেটাৰৰ লগত এনেকুৱা হৈছে।’’

গতিকে বাৰে বাৰে ৰাহুলক কিয় সুযোগ দিয়া হৈছে? তাৰ বাবে সৌৰভেও যুক্তি দিলে। তেওঁ কয়, ‘এতিয়া প্ৰতিজন ক্ৰিকেটাৰৰ ওপৰত যথেষ্ট হেঁচা পৰিছে। মেনেজমেণ্টে হয়তো অনুভৱ কৰে যে ৰাহুল দলৰ বাবে অতি গুৰুত্বপূৰ্ণ খেলুৱৈ। দিনৰ শেষত সকলো নিৰ্ভৰ কৰে প্ৰশিক্ষক আৰু অধিনায়কৰ মানসিকতাৰ ওপৰত।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক