--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাহে লাহে সুস্থ হৈ উঠিছে ঋষভ পন্ত। চিকিৎসালয়ত কেনেদৰে দিন কটাইছে ঋষভ পণ্টে? এই সন্দৰ্ভত বক্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে। গাংগুলীয়ে আইপিএলত দিল্লী কেপিটেলছৰো পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ঋষভ পণ্ট এই দিল্লী কেপিটেলছৰে অধিনায়ক।

বৰ্তমান দলটো গাংগুলীৰ অধীনত কলকাতাত প্ৰস্তুতি শিবিৰত ব্যস্ত হৈ আছে। সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সৌৰভ গাংগুলীয়ে কয় যে, ''পণ্টৰ স’তে মই দুবাৰমান কথা পাতিছো। কঠিন সময়ৰ মাজেৰে পাৰ হৈছে তেওঁ। প্ৰথমে আঘাত, তাৰ পিছত অস্ত্ৰোপচাৰ। আশা কৰিছো সোনকালে সুস্থ হৈ উঠিব। হয়তো এই বছৰৰ শেষৰ ফালে বা দুবছৰমানৰ ভিতৰতে তেওঁক ভাৰতীয় দলৰ হৈ খেলা দেখা যাব।"

আই পি এলৰ সময়ত তেওঁ পণ্ট দলৰ সৈতে থাকিব বিচাৰে নেকি? সৌৰভে উত্তৰ দিলে, “এতিয়াও সিদ্ধান্ত লোৱা নাই। চোৱা যাওক!” অৱশ্যে বিচিচিআইৰ প্ৰাক্তন সভাপতিগৰাকীয়ে স্বীকাৰ কৰে যে পণ্টৰ বিকল্প বিচৰাৰ সময় আহি পৰিছে।

এই সাক্ষাৎকাৰত সৌৰভে কে এল ৰাহুলৰ বিষয়েও বহু কথা কয়। তেওঁ কয়- ''ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে সমালোচনা শুনিবই লাগিব। কেৱল ৰাহুল নহয়। বিগত সময়তো বহু ক্ৰিকেটাৰৰ লগত এনেকুৱা হৈছে।’’

গতিকে বাৰে বাৰে ৰাহুলক কিয় সুযোগ দিয়া হৈছে? তাৰ বাবে সৌৰভেও যুক্তি দিলে। তেওঁ কয়, ‘এতিয়া প্ৰতিজন ক্ৰিকেটাৰৰ ওপৰত যথেষ্ট হেঁচা পৰিছে। মেনেজমেণ্টে হয়তো অনুভৱ কৰে যে ৰাহুল দলৰ বাবে অতি গুৰুত্বপূৰ্ণ খেলুৱৈ। দিনৰ শেষত সকলো নিৰ্ভৰ কৰে প্ৰশিক্ষক আৰু অধিনায়কৰ মানসিকতাৰ ওপৰত।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু