--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৩ত ২ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব খেল। এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকাৰ কেণ্ডিত এই দুয়োটা দলৰ মাজত হাইভল্টেজ মেছ অনুষ্ঠিত হ’ব। এছিয়া কাপ ২০২৩ৰ সূচী এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। এইবাৰ হাইব্ৰিড মডেলত আয়োজন কৰা হ’ব প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনৰ কিছু মেচ পাকিস্তানত আৰু বাকীবোৰ শ্ৰীলংকাত অনুষ্ঠিত হ’ব। উল্লেখ্য যে অহা ৩১ আগষ্টৰ পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

ক্ৰিকইনফ’ৰ এক খবৰ অনুসৰি অহা ২ ছেপ্টেম্বৰত কেণ্ডীত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। এছিয়া কাপ ২০২৩ৰ প্ৰথমখন খেল পাকিস্তানৰ মুলতানত অনুষ্ঠিত হ’ব। আৰু ফাইনেল মেচখন ১৭ ছেপ্টেম্বৰত কলম্বোত অনুষ্ঠিত হ’ব। অহা ৩ ছেপ্টেম্বৰত লাহোৰত অনুষ্ঠিত হ’ব বাংলাদেশ আৰু আফগানিস্তানৰ মাজৰ খেলখন। ইয়াৰ পাছত ৫ ছেপ্টেম্বৰত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হ’ব। এই খেলখন লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব। ভাৰতৰ সময় অনুযায়ী দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচ। দলকেইটা দুটা গ্ৰুপত ভাগ কৰা হৈছে। ভাৰত, পাকিস্তান আৰু নেপালক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানক গ্ৰুপ বিত স্থান দিয়া হৈছে। গ্ৰুপ এ আৰু বিৰ শীৰ্ষ চাৰিটা দলে ছুপাৰ ফ’ৰ পৰ্যায়ত স্থান লাভ কৰিব। ইয়াৰ পাছত ছুপাৰ ফ’ৰৰ শীৰ্ষ দুটা দলে ফাইনেলত স্থান লাভ কৰিব।

তাৎপৰ্যপূৰ্ণভাৱে এছিয়া কাপত এতিয়ালৈকে টিম ইণ্ডিয়াৰ এক বৃহৎ অভিলেখ আছে। ভাৰতীয় দলটোৱে ৭ বাৰ চেম্পিয়ন হৈছে। আৰু শ্ৰীলংকাই ৬ বাৰ খিতাপ দখল কৰিছে। ভাৰতে শেষবাৰৰ বাবে ২০১৮ চনত জয়লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৬ চনতো খিতাপ দখল কৰিছিল। এছিয়া কাপ ২০২২ৰ ফাইনেলত জয়লাভ কৰে শ্ৰীলংকাই। যদি আমি পাকিস্তানৰ কথা কওঁ, তেন্তে পাকিস্তানৰ ২ বাৰ চেম্পিয়ন হৈছে। ২০০০ আৰু ২০১২ চনত তেওঁলোকে এই খিতাপ দখল কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু