--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৩ত ২ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব খেল। এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকাৰ কেণ্ডিত এই দুয়োটা দলৰ মাজত হাইভল্টেজ মেছ অনুষ্ঠিত হ’ব। এছিয়া কাপ ২০২৩ৰ সূচী এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। এইবাৰ হাইব্ৰিড মডেলত আয়োজন কৰা হ’ব প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনৰ কিছু মেচ পাকিস্তানত আৰু বাকীবোৰ শ্ৰীলংকাত অনুষ্ঠিত হ’ব। উল্লেখ্য যে অহা ৩১ আগষ্টৰ পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

ক্ৰিকইনফ’ৰ এক খবৰ অনুসৰি অহা ২ ছেপ্টেম্বৰত কেণ্ডীত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। এছিয়া কাপ ২০২৩ৰ প্ৰথমখন খেল পাকিস্তানৰ মুলতানত অনুষ্ঠিত হ’ব। আৰু ফাইনেল মেচখন ১৭ ছেপ্টেম্বৰত কলম্বোত অনুষ্ঠিত হ’ব। অহা ৩ ছেপ্টেম্বৰত লাহোৰত অনুষ্ঠিত হ’ব বাংলাদেশ আৰু আফগানিস্তানৰ মাজৰ খেলখন। ইয়াৰ পাছত ৫ ছেপ্টেম্বৰত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হ’ব। এই খেলখন লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব। ভাৰতৰ সময় অনুযায়ী দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচ। দলকেইটা দুটা গ্ৰুপত ভাগ কৰা হৈছে। ভাৰত, পাকিস্তান আৰু নেপালক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানক গ্ৰুপ বিত স্থান দিয়া হৈছে। গ্ৰুপ এ আৰু বিৰ শীৰ্ষ চাৰিটা দলে ছুপাৰ ফ’ৰ পৰ্যায়ত স্থান লাভ কৰিব। ইয়াৰ পাছত ছুপাৰ ফ’ৰৰ শীৰ্ষ দুটা দলে ফাইনেলত স্থান লাভ কৰিব।

তাৎপৰ্যপূৰ্ণভাৱে এছিয়া কাপত এতিয়ালৈকে টিম ইণ্ডিয়াৰ এক বৃহৎ অভিলেখ আছে। ভাৰতীয় দলটোৱে ৭ বাৰ চেম্পিয়ন হৈছে। আৰু শ্ৰীলংকাই ৬ বাৰ খিতাপ দখল কৰিছে। ভাৰতে শেষবাৰৰ বাবে ২০১৮ চনত জয়লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৬ চনতো খিতাপ দখল কৰিছিল। এছিয়া কাপ ২০২২ৰ ফাইনেলত জয়লাভ কৰে শ্ৰীলংকাই। যদি আমি পাকিস্তানৰ কথা কওঁ, তেন্তে পাকিস্তানৰ ২ বাৰ চেম্পিয়ন হৈছে। ২০০০ আৰু ২০১২ চনত তেওঁলোকে এই খিতাপ দখল কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে