--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযুঁজাৰু বজৰং পুনিয়া আৰু বিনেশ ফোগাটে ট্ৰাইল অবিহনে এছিয়ান গেমছত খেলিবলৈ প্ৰত্যক্ষ সুযোগ লাভ কৰিছে। সংবাদ সংস্থা এএনআইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি এড-হক কমিটীৰ পৰা ৰেহাই পোৱাৰ পাছত দুয়োজন মল্লযুঁজাৰুৱে ট্ৰাইল নোহোৱাকৈ এছিয়ান গেমছত খেলিব পাৰিব। একে সময়তে আন আন মল্লযুঁজাৰুসকলেও কমিটীৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কয় যে মল্লযুঁজাৰুসকলে ইমান দিনে ধৰ্ণা কৰি আছিল, আনহাতে অন্যসকলে অবিৰতভাৱে অনুশীলন কৰি আছে।

মল্লযুঁজাৰু বিশাল কালিৰমনে কয়, "মইও ৬৫ কেজি শাখাৰ অনুৰ্ধত খেলো আৰু বজৰং পুনিয়াক এছিয়ান গেমছৰ বাবে প্ৰত্যক্ষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে।প্ৰায় এবছৰ ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, আনহাতে আমি অবিৰত অনুশীলন কৰি আহিছো।আমি তেওঁলোকৰ পৰা ট্ৰাইলৰ দাবী জনাইছো আমি কোনো অনুগ্ৰহ বা সুবিধা নিবিচাৰো, কিন্তু অন্ততঃ বিচাৰ হ'ব লাগে অন্যথা আমিও আদালতলৈ যাবলৈ সাজু আৰু আমি আদালতত এই সন্দৰ্ভত আবেদন কৰিম৷'' 

উল্লেখযোগ্য যে, শেহতীয়াকৈ বহু মল্লযুঁজাৰুৱে বিজেপিৰ সাংসদ ব্রীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল৷ ব্ৰীজ ভূষণৰ বিৰুদ্ধে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ পদত অধিষ্ঠিত হৈ থকাৰ সময়তে মহিলা মল্লযুঁজাৰুৰ সৈতে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে৷

মঙলবাৰে অৰ্থাৎ ১৮ জুলাইত দিল্লীৰ ৰাউজ এভিনিউ আদালতত এই গোচৰৰ শুনানি অনুষ্ঠিত হয় আৰু আদালতৰ পৰা দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰে ব্রীজ ভূষণ সিঙে। তদন্তৰ সময়ত ব্রীজ ভূষণ সিঙক গ্ৰেপ্তাৰ নকৰাৰ লগতে কোনো শাস্তিমূলক প্রক্রিয়া অবিহনে আদালতত হাজিৰ হোৱা বুলি বিবেচনা কৰি আদালতে সকাহ দিয়ে৷ অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ হাৰ্জিত সিং জছপালে ২৫ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত বিজেপি সাংসদগৰাকীক এই সকাহ প্ৰদান কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে