--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযুঁজাৰু বজৰং পুনিয়া আৰু বিনেশ ফোগাটে ট্ৰাইল অবিহনে এছিয়ান গেমছত খেলিবলৈ প্ৰত্যক্ষ সুযোগ লাভ কৰিছে। সংবাদ সংস্থা এএনআইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি এড-হক কমিটীৰ পৰা ৰেহাই পোৱাৰ পাছত দুয়োজন মল্লযুঁজাৰুৱে ট্ৰাইল নোহোৱাকৈ এছিয়ান গেমছত খেলিব পাৰিব। একে সময়তে আন আন মল্লযুঁজাৰুসকলেও কমিটীৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কয় যে মল্লযুঁজাৰুসকলে ইমান দিনে ধৰ্ণা কৰি আছিল, আনহাতে অন্যসকলে অবিৰতভাৱে অনুশীলন কৰি আছে।

মল্লযুঁজাৰু বিশাল কালিৰমনে কয়, "মইও ৬৫ কেজি শাখাৰ অনুৰ্ধত খেলো আৰু বজৰং পুনিয়াক এছিয়ান গেমছৰ বাবে প্ৰত্যক্ষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে।প্ৰায় এবছৰ ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, আনহাতে আমি অবিৰত অনুশীলন কৰি আহিছো।আমি তেওঁলোকৰ পৰা ট্ৰাইলৰ দাবী জনাইছো আমি কোনো অনুগ্ৰহ বা সুবিধা নিবিচাৰো, কিন্তু অন্ততঃ বিচাৰ হ'ব লাগে অন্যথা আমিও আদালতলৈ যাবলৈ সাজু আৰু আমি আদালতত এই সন্দৰ্ভত আবেদন কৰিম৷'' 

উল্লেখযোগ্য যে, শেহতীয়াকৈ বহু মল্লযুঁজাৰুৱে বিজেপিৰ সাংসদ ব্রীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল৷ ব্ৰীজ ভূষণৰ বিৰুদ্ধে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ পদত অধিষ্ঠিত হৈ থকাৰ সময়তে মহিলা মল্লযুঁজাৰুৰ সৈতে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে৷

মঙলবাৰে অৰ্থাৎ ১৮ জুলাইত দিল্লীৰ ৰাউজ এভিনিউ আদালতত এই গোচৰৰ শুনানি অনুষ্ঠিত হয় আৰু আদালতৰ পৰা দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰে ব্রীজ ভূষণ সিঙে। তদন্তৰ সময়ত ব্রীজ ভূষণ সিঙক গ্ৰেপ্তাৰ নকৰাৰ লগতে কোনো শাস্তিমূলক প্রক্রিয়া অবিহনে আদালতত হাজিৰ হোৱা বুলি বিবেচনা কৰি আদালতে সকাহ দিয়ে৷ অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ হাৰ্জিত সিং জছপালে ২৫ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত বিজেপি সাংসদগৰাকীক এই সকাহ প্ৰদান কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু