--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত নৱেম্বৰ মাহত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ পিতৃ-মাতৃ হৈছিল এটি কন্যা সন্তানৰ। মাত্ৰ ডেৰ বছৰ বয়সৰ ৰাহা। এতিয়া কণমানি ৰাহাই বলীউডৰ আটাইতকৈ ধনী তাৰকা সন্তানৰ খিতাপ পালে! কিন্তু কেনেকৈ সম্ভৱ?

এই মুহূৰ্তত মুম্বাইৰ পালি হিলছ অঞ্চলৰ বাস্তু এপাৰ্টমেণ্টৰ নৱম মহলাত থাকে ‘ৰানলিয়া’। আলিয়াৰ এই বাসগৃহতো এটা ফ্লেট আছে, যাৰ মূল্য ৩২ কোটি টকা বুলি অনুমান কৰা হৈছে। আনহাতে, তাৰকা দম্পতীয়ে বিগত তিনি বছৰ ধৰি বান্দ্ৰাত নিজাকৈ বাংলো নিৰ্মাণ কৰি আহিছে। দাদু ৰাজ কাপুৰৰ ‘কৃষ্ণ ৰাজ’ বাংলো নতুন ধৰণেৰে নিৰ্মাণ কৰা হৈছে। কাম প্ৰায় শেষ হৈ গৈছে, অতি সোনকালে ৰণবীৰ-আলিয়া তেওঁলোকৰ সপোনৰ ঘৰত প্ৰৱেশ কৰিব। এই বাংলোটোৰ আনুমানিক মূল্য প্ৰায় ২৫০ কোটি। 

বলীউডৰ ঘনিষ্ঠ সূত্ৰৰ মতে, তাৰকা দম্পতীয়ে নিজৰ উপাৰ্জনৰ বহুখিনি এই ঘৰতে বিনিয়োগ কৰিছে। ইতিমধ্যে কন্যা ৰাহৰৰ নামত ঘৰটো দিছে অভিনেতাজনে। এই বাংলোটোৰ বজাৰ মূল্য শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু অমিতাভ বচ্চনৰ ‘জলছা’ৰ সমান। সেই দৃষ্টিকোণৰ পৰা চালে ৰহা কাপুৰ এই মুহূৰ্তত বলীউডৰ আটাইতকৈ ধনী তাৰকা সন্তান। জন্মৰ পিছতে ইমান কোটি সম্পত্তিৰ মালিক তাই। কিন্তু এই বাংলোটোৰ বাহিৰেও আলিয়াৰ মুম্বাইত চাৰিটা ফ্লেট আছে। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীৰ লণ্ডনত এটা ঘৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু