--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত নৱেম্বৰ মাহত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ পিতৃ-মাতৃ হৈছিল এটি কন্যা সন্তানৰ। মাত্ৰ ডেৰ বছৰ বয়সৰ ৰাহা। এতিয়া কণমানি ৰাহাই বলীউডৰ আটাইতকৈ ধনী তাৰকা সন্তানৰ খিতাপ পালে! কিন্তু কেনেকৈ সম্ভৱ?

এই মুহূৰ্তত মুম্বাইৰ পালি হিলছ অঞ্চলৰ বাস্তু এপাৰ্টমেণ্টৰ নৱম মহলাত থাকে ‘ৰানলিয়া’। আলিয়াৰ এই বাসগৃহতো এটা ফ্লেট আছে, যাৰ মূল্য ৩২ কোটি টকা বুলি অনুমান কৰা হৈছে। আনহাতে, তাৰকা দম্পতীয়ে বিগত তিনি বছৰ ধৰি বান্দ্ৰাত নিজাকৈ বাংলো নিৰ্মাণ কৰি আহিছে। দাদু ৰাজ কাপুৰৰ ‘কৃষ্ণ ৰাজ’ বাংলো নতুন ধৰণেৰে নিৰ্মাণ কৰা হৈছে। কাম প্ৰায় শেষ হৈ গৈছে, অতি সোনকালে ৰণবীৰ-আলিয়া তেওঁলোকৰ সপোনৰ ঘৰত প্ৰৱেশ কৰিব। এই বাংলোটোৰ আনুমানিক মূল্য প্ৰায় ২৫০ কোটি। 

বলীউডৰ ঘনিষ্ঠ সূত্ৰৰ মতে, তাৰকা দম্পতীয়ে নিজৰ উপাৰ্জনৰ বহুখিনি এই ঘৰতে বিনিয়োগ কৰিছে। ইতিমধ্যে কন্যা ৰাহৰৰ নামত ঘৰটো দিছে অভিনেতাজনে। এই বাংলোটোৰ বজাৰ মূল্য শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু অমিতাভ বচ্চনৰ ‘জলছা’ৰ সমান। সেই দৃষ্টিকোণৰ পৰা চালে ৰহা কাপুৰ এই মুহূৰ্তত বলীউডৰ আটাইতকৈ ধনী তাৰকা সন্তান। জন্মৰ পিছতে ইমান কোটি সম্পত্তিৰ মালিক তাই। কিন্তু এই বাংলোটোৰ বাহিৰেও আলিয়াৰ মুম্বাইত চাৰিটা ফ্লেট আছে। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীৰ লণ্ডনত এটা ঘৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ