--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্রাম্প প্রশাসনে কালি ভাৰতৰ টাটা, ইনফ'ছিছ, উইপ্ৰ' আৰু এইচ চি এলক আমেৰিকাৰ গ্ৰীন কার্ড প্ৰগ্ৰেমৰ পৰা নিষিদ্ধ কৰে। ট্রাম্প প্রশাসনে মুঠতে আঠটা কোম্পানীক গ্রীন কার্ড প্ৰগ্ৰেমৰ পৰা নিষিদ্ধ কৰে।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্ৰশাসনে এইবাৰ ভাৰতীয় কোম্পানীক লক্ষ্য হিচাপে লৈছে। ইৰানৰ পৰা তেল ক্ৰয় কৰাৰ অভিযোগত দুটা কোম্পানী আৰু পাঁচজন ভাৰতীয় ব্যৱসায়ীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে ট্রাম্প প্রশাসনে ভাৰতৰ তথ্য-প্রযুক্তি খণ্ডৰ আগশাৰীৰ ৪টা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰে। 


ট্রাম্প প্রশাসনে কালি ভাৰতৰ টাটা, ইনফ'ছিছ, উইপ্ৰ' আৰু এইচ চি এলক আমেৰিকাৰ গ্ৰীন কার্ড প্ৰগ্ৰেমৰ পৰা নিষিদ্ধ কৰে। ট্রাম্প প্রশাসনে মুঠতে আঠটা কোম্পানীক গ্রীন কার্ড প্ৰগ্ৰেমৰ পৰা নিষিদ্ধ কৰে। আন কোম্পানীকেইটা হ'ল মাইক্র'ছফট, এডব, কগনিজেন্ট আৰু কেপজেমিনী। এই কোম্পানীকেইটাক গ্রীন কার্ড প্ৰগ্ৰেমৰ পৰা নিষিদ্ধ কৰাৰ ফলত আমেৰিকাত কাম কৰি থকা ভাৰতীয়সকল ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব। চৰকাৰৰ এই সিদ্ধান্তৰ পাছত কোম্পানীসমূহে তেওঁলোকৰ কৰ্মচাৰীৰ বাবে এতিয়াৰ পৰা 'পাৰমেনেন্ট লেবাৰ চাৰ্টিফিকেশ্যন'ৰ (পি ই আৰ এম) আৱেদন জনাব নোৱাৰিব। 


এই প্ৰক্ৰিয়াৰ জৰিয়তে কোম্পানীসমূহে এইচ-১ বি বি ভিছাত কাম কৰি থকা বিদেশী কৰ্মচাৰীক আমেৰিকাত স্থায়ীভাৱে থকাৰ বাবে আৱেদন জনায়। ট্রাম্প প্রশাসনে কয় যে তেওঁলোকে স্থানীয় আমেৰিকানক চাকৰিৰ পৰা বঞ্চিত কৰি বিদেশীক দিব নোৱাৰে। এই সিদ্ধান্তৰ পাছত উক্ত কোম্পানীকেইটাৰ জৰিয়তে আমেৰিকাত গ্রীন কার্ড লাভৰ বাবে অপেক্ষা কৰি থকা হাজাৰ হাজাৰ ভাৰতীয় কৰ্মচাৰীৰ গ্ৰীন কার্ড প্রক্রিয়া বন্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। 


চৰকাৰৰ এই সিদ্ধান্তৰ পাছত এতিয়া কোম্পানীসমূহৰ নতুন আৱেদন গ্রহণ কৰা নহ'ব। ইয়াৰ লগতে ইতিমধ্যে জনোৱা আৱেদনৰ অনুমোদন জনোৱাৰ প্ৰক্ৰিয়াও স্থগিত ৰখা হয়। ইয়াৰ পাছত এতিয়া আমেৰিকাত কাম কৰি থকা কৰ্মচাৰীসকলে নিজৰ কোম্পানী সলনি কৰিব লগা হ'ব পাৰে অথবা এইচ-১ বি ভিছাৰ ম্যাদ শেষ হোৱাৰ লগে লগে আমেৰিকা ত্যাগ কৰিব লাগিব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী