--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিজ্ঞানী তিনিজনৰ গৱেষণাই নিউৰ' ছায়েন্স অর্থাৎ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰৰ অধ্যয়নক এক নতুন মাত্রা দিয়ে। অপ্টোজেনেটিক্স এনে এক কৌশল যাৰ জৰিয়তে বিজ্ঞানীয়ে পোহৰৰ ৰশ্মিৰ সহায়ত জীৱিত মস্তিষ্কত থকা বিশেষ স্নায়ু কোষ অৰ্থাৎ নিউৰনৰ গতিবিধি নিয়ন্ত্ৰণ কৰিব পাৰে।

ডিজিটেল ডেস্ক : এইবছৰৰ চিকিৎসা বিজ্ঞানীৰ নোবেল বঁটা ক্রমে জার্মানিৰ পিটাৰ হেগমেন আৰু জর্জ নাগেল তথা আমেৰিকাৰ কাৰ্ল ডাইছেৰোথলৈ আগবঢ়োৱা হৈছে। তেওঁলোকলৈ 'লাইট-গেটেড ঐয়ন চেনেল' আৰু অপ্টোজেনেটিক্সৰ সৈতে জড়িত তেওঁলোকৰ গৱেষণাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। নোবেল এছেম্বলীয়ে কালি এই কথা ঘোষণা কৰে। 

বিজ্ঞানী তিনিজনৰ গৱেষণাই নিউৰ' ছায়েন্স অর্থাৎ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰৰ অধ্যয়নক এক নতুন মাত্রা দিয়ে। অপ্টোজেনেটিক্স এনে এক কৌশল যাৰ জৰিয়তে বিজ্ঞানীয়ে পোহৰৰ ৰশ্মিৰ সহায়ত জীৱিত মস্তিষ্কত থকা বিশেষ স্নায়ু কোষ অৰ্থাৎ নিউৰনৰ গতিবিধি নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ জৰিয়তে মস্তিষ্কৰ বেলেগ বেলেগ কোষে স্মৃতি, আৱেগ আৰু ব্যৱহাৰক কেনেকৈ প্ৰভাৱিত কৰে সেই কথা জনাত সহায় কৰিছে। আমাক শৰীৰৰ কোষত থকা আয়ন চেনেল এনেকুৱা এবিধ প্রটিন যি কোষৰ মেমব্রেন্সৰ ইপাৰে-সিপাৰে আদানযুক্ত কণাৰ অৰ্থাৎ আয়নৰ অহা-যোৱা নিয়ন্ত্ৰণ কৰে। নিউৰনৰ কাম কৰাত এই কণাৰ গতিবিধি গুৰুত্বপূর্ণ। 


উল্লেখযোগ্য যে ইয়াৰ আগলৈকে মস্তিষ্কৰ কোনবিধ স্নায়ু কোষ কোনবিলাক কামৰ বাবে দায়বদ্ধ সেই কথা জনাটো কঠিন আছিল। অপ্টিজেনেটিক্সে ডিপ্ৰেশ্যনৰ দৰে মানসিক ৰোগক লৈ গৱেষণা কৰাটো সহজ কৰি তুলিলে। নোবেল বঁটা কমিটিৰ মতে, বিজ্ঞানী তিনিজনে কৰা গৱেষণাই মানুহৰ মস্তিষ্কক বুজি পোৱাৰ বাবে গৱেষণা কৰাৰ এক নতুন পথ মুকলি কৰিলে। এই কৌশলে চকুৰ ৰোগৰ চিকিৎসা কৰাতো সহায় কৰিব। বিজ্ঞানীসকলে এতিয়া ইয়াৰ সহায়ত দৃষ্টি হেৰুৱাই পেলোৱা লোকসকলৰ দৃষ্টি শক্তি পুনৰ ঘূৰাই আনিব পাৰি নেকি সেই বিষয়ে গৱেষণা কৰি আছে। বিজ্ঞানী তিনিজনে কৰা গৱেষণাত পোহৰৰ ৰশ্মিক অনুভৱ কৰা প্ৰটিন আৱিষ্কাৰ কৰে। এই গৱেষণাৰ আৰম্ভণি হৈছিল এবিধ ক্ষুদ্র শেলুৱৈক লৈ। ক্লেমাআড 'মনাছনামৰ এই শিলুৱৈবিধে পোহৰৰ দিশে কেনেকৈ ঘূৰে সেই কথা জানিবলৈ বিচাৰিছিল। এই গৱেষণাৰ সময়তে পিটাৰ হেগমেন আৰু নাগেলে শেলুৱৈবিধত চেনলৰ'ডপছিন নামৰ এবিধ বিশেষধৰণৰ প্ৰটিন আৱিষ্কাৰ কৰে। এই প্রটিনবিধে পোহৰৰ ৰশ্মিক অনুভৱ কৰিব পাৰে। নীলা ৰশ্মি পৰাৰ লগতে ইয়াত এটা পথ মুকলি হয় আৰু কোষৰ ভিতৰলৈ আধানযুক্ত কণা যাবলৈ আৰম্ভ কৰে। ইয়াৰ জৰিয়তে বৈদ্যুতিক ছিগনেলৰ সৃষ্টি হয়। এই প্রটিনবিধ আন কোষত প্ৰৱেশ কৰাৰ পাছত দেখা পাই যে এই কোষবোৰেও পোহৰৰ ফালে ঘূৰিবলৈ লৈছে। ইয়াৰ পাছত আমেৰিকাৰ বিজ্ঞানী ডাইছেৰোথে এই প্ৰক্ৰিয়াটো মানুহৰ মগজুৰ ক্ষেত্ৰত পৰীক্ষা কৰি চায় আৰু নিউৰনত চেনলৰ'ডপছিন সৃষ্টি কৰা জীনলৈ প্ৰেৰণ কৰে। 


এতিয়া নীলা ৰশ্মি প্রয়োগ কৰি এই কোষবোৰক সক্ৰিয় কৰা হৈছিল। চাইছেৰোথৰ এই গৱেষণাৰ বিষয়ে ২০০৫ চনত প্রকাশ পাইছিল আৰু ২০০৮ চনত এন্দুৰক লৈ ইয়াৰ পৰীক্ষা কৰা হৈছিল। ইয়াৰ পৰাই অপ্টিজেনেটিক্সৰ পথ মুকলি হয় য'ত পোহৰৰ ৰশ্মিৰ সহায়ত মগজুৰ বিশেষ স্নায়ু কোষক নিয়ন্ত্ৰণ কৰিব পৰা যায়। উল্লেখযোগ্য যে নোবেল বঁটা বিজয়ীক এটা পদক, প্রমাণ-পত্ৰ আৰু ১.২ ছুইডিছ ক্ৰনৰ অৰ্থাৎ ১১.১ কোটি টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰা হয়। এইবাৰৰ পুৰস্কাৰৰ ধন তিনিওজন বিজ্ঞানীৰ মাজত ভগাই দিয়া হ'ব। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’