--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সাধাৰণতে ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী দেশৰ শাসন ব্যৱস্থাৰ মূল ব্যক্তি হয় যদিও পাকিস্তানত এতিয়া সেনা প্রধান মুনিৰৰ কথাই আইন হিচাপে বিবেচিত হয়। দেশখনৰ চাৰিখন মূল প্রশাসনিক প্রদেশ পঞ্জাব, সিন্ধু, খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানক শতাধিক খণ্ড খণ্ড ভাগত বিভক্ত কৰাৰ পৰিকল্পনা কৰিছে।

ডিজিটেল ডেস্ক: পাকিস্তানৰ সামৰিক বাহিনীৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰ ক্ৰমাৎ দেশখনৰ সৰ্বময়কৰ্তা হৈ পৰিছে। শেহতীয়াভাৱে তেওঁ দেশখনত বিভাজনৰ নীতিৰে খণ্ড-বিখণ্ড কৰি শাসনৰ পৰিকল্পনা গ্রহণ কৰিছে।


সাধাৰণতে ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী দেশৰ শাসন ব্যৱস্থাৰ মূল ব্যক্তি হয় যদিও পাকিস্তানত এতিয়া সেনা প্রধান মুনিৰৰ কথাই আইন হিচাপে বিবেচিত হয়। দেশখনৰ চাৰিখন মূল প্রশাসনিক প্রদেশ পঞ্জাব, সিন্ধু, খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানক শতাধিক খণ্ড খণ্ড ভাগত বিভক্ত কৰাৰ পৰিকল্পনা কৰিছে। 


উল্লেখযোগ্য যে এই চাৰিখন প্রদেশত ১৯৪৭ চনত দেশখনৰ জন্মৰ সময়ৰ পৰা কোনোধৰণৰ সালসলনি হোৱা নাছিল। পঞ্জাব হৈছে সর্বাধিক জনসংখ্যাৰ প্ৰদেশ, য'ত প্রায় ১২৮ নিযুত লোকে বাস কৰে। আনহাতে, বেলুচিস্তান হৈছে আটাইতকৈ কম জনসংখ্যাৰ প্ৰদেশ। ৰাজনৈতিক বিশেষজ্ঞসকলে প্রকাশ কৰিছে যে ভাগ ভাগ কৰি শাসন কৰিব বিচাৰিলে অৰাজকতাৰহে সৃষ্টি হ'ব। কিন্তু দেশখনৰ স্বৈৰাচাৰী সেনা প্রধান মুনিৰে সকলো উপদেশ নস্যাৎ কৰি এই চাৰি প্ৰদেশক শতাধিক ভাগত ভাগ কৰাৰ সিদ্ধান্ত লৈছে। 


মুনিৰে দাবী কৰিছে যে এই প্রদেশকেইখন শাসনৰ ক্ষেত্ৰত ইয়াৰ বৃহৎ আকাৰে সমস্যাৰ সৃষ্টি কৰিছে। অর্থাৎ লাহে লাহে এই অঞ্চলকেইটাত মুনিৰে নিজৰ শাসন প্ৰৱৰ্তনৰ যো-জা কৰিছে। ইফালে, ভাৰতৰ লগতো শত্রুতাপূর্ণ সম্পর্কই বৰ্তাই ৰাখিব বিচাৰে সেনা প্রধান মুনিৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ