--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আত্মা সঁচাকৈয়ে আছেনে? বহুতেই বিশ্বাস কৰে যে আত্মা আছে, আত্মাৰ মৰণ নাই৷ সেয়ে ২০ বছৰ আগতে পথ দুৰ্ঘটনাত মৃত্যু ঘটা এজন  যুৱকজনৰ আত্মা বিচাৰি চিকিৎসালয়ত তান্ত্ৰিকৰ সৈতে উপস্থিত হ’ল পৰিয়ালৰ লোক৷ ৰাজস্থানৰ বেহৰোৰ জিলা চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত যুৱকজনৰ আত্মা বিচাৰি পৰিয়ালৰ লোকে  তান্ত্ৰিক ৰীতি-নীতি অনুষ্ঠিত  কৰে।  

ইয়াৰ বাবে তেওঁ ঘন্টাৰ পিছত ঘণ্টা বহি তন্ত্ৰ বিদ্যা চৰ্চা কৰা হয়৷ কোৱা হৈছে যে ইয়াৰ আগতেও চিকিৎসালয়ত এনে তান্ত্ৰিক কাৰ্যকলাপ কৰা হৈছে৷ ৰাজস্থানৰ আলৱাৰৰ ঘটনা এয়া  ।  চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰত  তান্ত্ৰিক কাৰ্য সম্পন্ন কৰা হয়। তিনিখন বাহনত উঠি ভীলৱাৰাৰ দুই ডজন লোকে তান্ত্ৰিকৰ সৈতে একেলগে অনুষ্ঠানটো সম্পাদন কৰিবলৈ তালৈ যায়৷   এই ঘটনা দেখাৰ পিছতো  চিকিৎসালয় প্ৰশাসনে ইয়াৰ প্ৰতি কোনো  মনোযোগ দিয়া পৰিলক্ষিত নহ’ল৷
তথ্য অনুসৰি ভিলৱাৰাৰ প্ৰায় ১৫ ৰ পৰা ২০ কিলোমিটাৰ দূৰত বাস কৰা মৃতকৰ পৰিয়ালৰ সদস্যসকলে তিনিখন বাহনত জিলা চিকিৎসালয়ত  উপস্থিত হৈ অন্ধবিশ্বাসৰ  এই খেল খেলিছিল। 

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত  চিকিৎসালয় প্ৰশাসন সক্ৰিয় হৈ পৰে আৰু এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে৷  চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত  বিষয়া সতবীৰ যাদৱে কয় যে তেওঁ শনিবাৰে ছুটীত আছিল সেয়ে  চিকিৎসালয় চৌহদত সম্পাদন কৰা কোনো তান্ত্ৰিক কাৰ্যকলাপৰ বিষয়ে অৱগত নাছিল। যদি এনে কোনো ঘটনা ঘটিছে অনুসন্ধানৰ পিছত ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ