--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালা উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ কেৰালা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক  সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি।কেৰালা উচ্চ ন্যায়ালয়ে এক গোচৰত কয়, "সংবিধানৰ ৩(২) অনুচ্ছেদে স্পষ্টকৈ কৈছে যে যেতিয়া এগৰাকী ব্যক্তি ধৰ্ষণৰ ফলত গৰ্ভৱতী হয়, মহিলাগৰাকী মানসিকভাৱে ভাঙি পৰে। ফলস্বৰূপে, ভুক্তভোগীগৰাকীক কোনো প্ৰকাৰে ধৰ্ষণকাৰীৰ সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি। ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক গৰ্ভপাত কৰিবলৈ নিদিয়াৰ অৰ্থ হৈছে মাতৃত্বৰ বোজা তেওঁৰ ওপৰত  জাপি দিয়া। সন্মানৰ সৈতে জীয়াই থকাৰ অধিকাৰ নোহোৱা  কৰা। এয়া মহিলাগৰাকীৰ মানসিক স্বাস্থ্যৰ বাবে এক তীব্ৰ আঘাত। "

 এগৰাকী  ১৬  বছৰীয়া ধৰ্ষণৰ ভুক্তভোগীয়ে গৰ্ভপাত বিচাৰি তেওঁৰ  মাতৃৰ জৰিয়তে আদালতৰ কাষ চাপিছিল। নৱম শ্ৰেণীত থাকোতে তেওঁক  ১৯ বছৰীয়া 'প্ৰেমিকে'  ধৰ্ষণ কৰিছিল বুলি অভিযোগ কৰা হৈছে। অৱশ্যে, সংবিধান অনুসৰি, গৰ্ভপাতৰ সৰ্বাধিক সীমা হৈছে ২৪ সপ্তাহ (কিছু ক্ষেত্ৰত ব্যতিক্ৰম আছে)। কিন্তু যেতিয়া নাবালিকাগৰাকীয়ে আদালতৰ কাষ চাপিছিল, তেওঁ ২৮ সপ্তাহৰ গৰ্ভৱতী আছিল। এই ক্ষেত্ৰত আদালতে কয়  যে ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব৷ গোচৰটোৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে তেওঁক  গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু