--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালা উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ কেৰালা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক  সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি।কেৰালা উচ্চ ন্যায়ালয়ে এক গোচৰত কয়, "সংবিধানৰ ৩(২) অনুচ্ছেদে স্পষ্টকৈ কৈছে যে যেতিয়া এগৰাকী ব্যক্তি ধৰ্ষণৰ ফলত গৰ্ভৱতী হয়, মহিলাগৰাকী মানসিকভাৱে ভাঙি পৰে। ফলস্বৰূপে, ভুক্তভোগীগৰাকীক কোনো প্ৰকাৰে ধৰ্ষণকাৰীৰ সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি। ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক গৰ্ভপাত কৰিবলৈ নিদিয়াৰ অৰ্থ হৈছে মাতৃত্বৰ বোজা তেওঁৰ ওপৰত  জাপি দিয়া। সন্মানৰ সৈতে জীয়াই থকাৰ অধিকাৰ নোহোৱা  কৰা। এয়া মহিলাগৰাকীৰ মানসিক স্বাস্থ্যৰ বাবে এক তীব্ৰ আঘাত। "

 এগৰাকী  ১৬  বছৰীয়া ধৰ্ষণৰ ভুক্তভোগীয়ে গৰ্ভপাত বিচাৰি তেওঁৰ  মাতৃৰ জৰিয়তে আদালতৰ কাষ চাপিছিল। নৱম শ্ৰেণীত থাকোতে তেওঁক  ১৯ বছৰীয়া 'প্ৰেমিকে'  ধৰ্ষণ কৰিছিল বুলি অভিযোগ কৰা হৈছে। অৱশ্যে, সংবিধান অনুসৰি, গৰ্ভপাতৰ সৰ্বাধিক সীমা হৈছে ২৪ সপ্তাহ (কিছু ক্ষেত্ৰত ব্যতিক্ৰম আছে)। কিন্তু যেতিয়া নাবালিকাগৰাকীয়ে আদালতৰ কাষ চাপিছিল, তেওঁ ২৮ সপ্তাহৰ গৰ্ভৱতী আছিল। এই ক্ষেত্ৰত আদালতে কয়  যে ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব৷ গোচৰটোৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে তেওঁক  গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement