--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ২০ বছৰ বয়সতে জীৱনৰ মায়া এৰি গুচি গ’ল অভিনেত্ৰী তুনিশা শৰ্মাই। ২৪ ডিচেম্বৰত আত্মহত্যা কৰে তুনিশাই। ছনী ছৱ টিভিৰ শ্ব’ ‘আলী বাবা: দস্তান-ই-কাবুল’ৰ মেকআপ ৰূমত আত্মহত্যা কৰে তুনিশা শৰ্মাই। মঙলবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। 

মাতৃক অকলশৰীয়া কৰি এৰি থৈ যোৱা তুনিশাই আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য। কন্যাৰ মৃত্যুৰ পাছত মাতৃ সম্পূৰ্ণৰূপে ভাগি পৰিছে। মাতৃৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তুনিশাৰ প্ৰেমিক শ্বীজান মহম্মদ খানক। জানিব পৰা অনুসৰি অভিনেত্ৰীগৰাকীয়ে ১৫ কোটি টকাৰ সম্পত্তি আৰু মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ এটা বিলাসী এপাৰ্টমেণ্ট মাকৰ বাবে এৰি থৈ গৈছে।

১৩ বছৰ বয়সৰ পৰাই কাম কৰি অহা প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে নিজৰ কষ্টৰ উত্তৰাধিকাৰ এৰি থৈ যায় ১৫ কোটি টকাৰ সম্পত্তিৰ ৰূপত, য’ত ভয়ান্দৰ (পূব)ৰ এটা এপাৰ্টমেণ্টকে ধৰি সকলো এতিয়া মাতৃৰ হাতলৈ যাব। মৃত্যুৰ শেষ মুহূৰ্তলৈকে অতি ব্যস্ত আছিল তুনিশা। তেওঁ কেইবাটাও টিভি শ্ব’, চিনেমা আৰু মিউজিক ভিডিঅ’ত কাম কৰিছিল, যিয়ে তেওঁক স্বতন্ত্ৰভাৱে ধনী হোৱাত সহায় কৰিছিল। 

মুম্বাইত মঙলবাৰে সম্পন্ন হোৱা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কেইবাগৰাকীও টেলিভিছনৰ চেলিব্ৰিটি আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিক তথা ‘আলী বাবা: দস্তান-ই-কাবুল’ৰ সহ অভিনেতা শ্বীজান খানৰ মাতৃ আৰু ভগ্নীয়েও অংশগ্ৰহণ কৰে।  

আত্মহত্যা কৰাৰ ১৫ দিন পূৰ্বে শ্বীজান আৰু তুনিশাৰ ব্ৰেকআপ হৈছিল। ব্ৰেকআপৰ পাছত দুখত ভাগি পৰিছিল তুনিশা। সেইবাবেই তেওঁ আত্মহত্যাৰ পথ বাচি লয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য