--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ২০ বছৰ বয়সতে জীৱনৰ মায়া এৰি গুচি গ’ল অভিনেত্ৰী তুনিশা শৰ্মাই। ২৪ ডিচেম্বৰত আত্মহত্যা কৰে তুনিশাই। ছনী ছৱ টিভিৰ শ্ব’ ‘আলী বাবা: দস্তান-ই-কাবুল’ৰ মেকআপ ৰূমত আত্মহত্যা কৰে তুনিশা শৰ্মাই। মঙলবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। 

মাতৃক অকলশৰীয়া কৰি এৰি থৈ যোৱা তুনিশাই আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য। কন্যাৰ মৃত্যুৰ পাছত মাতৃ সম্পূৰ্ণৰূপে ভাগি পৰিছে। মাতৃৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তুনিশাৰ প্ৰেমিক শ্বীজান মহম্মদ খানক। জানিব পৰা অনুসৰি অভিনেত্ৰীগৰাকীয়ে ১৫ কোটি টকাৰ সম্পত্তি আৰু মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ এটা বিলাসী এপাৰ্টমেণ্ট মাকৰ বাবে এৰি থৈ গৈছে।

১৩ বছৰ বয়সৰ পৰাই কাম কৰি অহা প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে নিজৰ কষ্টৰ উত্তৰাধিকাৰ এৰি থৈ যায় ১৫ কোটি টকাৰ সম্পত্তিৰ ৰূপত, য’ত ভয়ান্দৰ (পূব)ৰ এটা এপাৰ্টমেণ্টকে ধৰি সকলো এতিয়া মাতৃৰ হাতলৈ যাব। মৃত্যুৰ শেষ মুহূৰ্তলৈকে অতি ব্যস্ত আছিল তুনিশা। তেওঁ কেইবাটাও টিভি শ্ব’, চিনেমা আৰু মিউজিক ভিডিঅ’ত কাম কৰিছিল, যিয়ে তেওঁক স্বতন্ত্ৰভাৱে ধনী হোৱাত সহায় কৰিছিল। 

মুম্বাইত মঙলবাৰে সম্পন্ন হোৱা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কেইবাগৰাকীও টেলিভিছনৰ চেলিব্ৰিটি আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিক তথা ‘আলী বাবা: দস্তান-ই-কাবুল’ৰ সহ অভিনেতা শ্বীজান খানৰ মাতৃ আৰু ভগ্নীয়েও অংশগ্ৰহণ কৰে।  

আত্মহত্যা কৰাৰ ১৫ দিন পূৰ্বে শ্বীজান আৰু তুনিশাৰ ব্ৰেকআপ হৈছিল। ব্ৰেকআপৰ পাছত দুখত ভাগি পৰিছিল তুনিশা। সেইবাবেই তেওঁ আত্মহত্যাৰ পথ বাচি লয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক