--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজৰ কৌতুকেৰে লাখ লাখ অনুৰাগীক হাঁহিৰ খোৰাক দিয়া কমেডিয়ান ভাৰতী সিঙে বিগত বছৰত বৃহৎ পৰিৱৰ্তনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কমেডী শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ত অভিনয় কৰাৰ সময়ত ভাৰতী সিঙক অতি ক্ষীণকায় চেহেৰাত দেখা গৈছিল কাৰণ তেওঁৰ ওজন প্ৰায় ১৫ কিলো হ্ৰাস হৈছিল। যদিও সেই সময়ছোৱাত তেওঁ বহু চিকিৎসাজনিত সমস্যাত পৰিছিল আৰু গৰ্ভধাৰণৰ পৰিকল্পনাও কৰি আছিল। কিন্তু ভাৰতী সিঙে খাদ্য ত্যাগ নকৰাকৈয়ে নিজৰ ওজন হ্ৰাস কৰিছিল প্ৰায় ১৫ কিলোগ্ৰাম। জানো আহক কেনেকৈ?

 ভাৰতী সিঙে তেওঁৰ খাদ্যাভ্যাসৰ বিষয়ে কয় যে যোৱা ৩০-৩২ বছৰে মই নিজৰ যত্ন লোৱা নাই আৰু অনিয়মিত সময়ত খাদ্য গ্ৰহণ কৰিছিলো। ইয়াৰ ফলত বহুত সমস্যাৰ সৃষ্টি হৈছিল আৰু মই ডায়েবেটিছৰ সমস্যাত ভুগি আছিলো লগতে এটা সময়ত মোৰ হাঁপানীও হৈছিল আৰু সহজে ভাগৰি পৰিছিলোঁ। এতিয়া মোৰ অতিৰিক্ত ওজন কমোৱাৰ পাছত অতি পাতল অনুভৱ কৰিছো আৰু মোৰ কোনো স্বাস্থ্যজনিত সমস্যা নাই।

 স্বাস্থ্য সন্দৰ্ভত এই ৪টা সহজ উপায় মানি চলিছিল ভাৰতী সিঙে-

১. মাজে মাজে উপবাস থকাঃ-ভাৰতী সিঙে কঠোৰ ব্যায়ামৰ আশ্ৰয় নোলোৱাকৈ ওজন কমাবলৈ মাজে মাজে উপবাস কৰিছিল। খবৰ অনুসৰি ভাৰতীয়ে সন্ধিয়া ৭ বজাৰ পাছত একো খোৱা নাছিল আৰু পিছদিনা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। তেওঁ মাজে মাজে উপবাসো পালন কৰিছিল। ইয়াৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু কম কেলৰি খোৱাত সহায় কৰে।

২. খাদ্যপ্ৰেমী ভাৰতী সিঙে প্ৰায়ে কৈছে তেওঁ খাদ্য খাই ভালপোৱাৰ কথা। কিন্তু ভাৰতী সিঙে ডায়েট প্লেন মানি চলিছিল। যিহেতু তেওঁ কঠোৰ খাদ্যাভ্যাস মানি চলিছিল, গতিকে খুব সহজেই ওজন হ্ৰাস কৰিব পাৰিছিল।

৩. খাদ্য খোৱা নিয়ন্ত্ৰণৰ অভ্যাস-

খাদ্য পৰিৱৰ্তন কৰিলেও ওজন হ্ৰাস কৰাত সঁচাকৈয়ে উপকাৰ পোৱা এটা কথা হ’ল খাদ্য গ্ৰহণৰ প্ৰণালী। এবাৰতে খোৱাৰ পৰিৱৰ্তে অলপ অলপকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক।

৪. খাদ্য খোৱাৰ সময়-

অভিনেতাৰ জীৱনটো প্ৰায়ে ব্যস্ততাপূৰ্ণ শ্বুটিংসূচী আৰু অস্বাভাৱিক জীৱনশৈলীৰ মাজত পাৰ হয়। সময় অনুযায়ী খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ হ’লেও ভাৰতীয়ে নিজৰ জীৱনশৈলীত ডাঙৰ পৰিৱৰ্তন আনি কঠোৰ ৰুটিন মানি চলিছিল। আনকি যেতিয়া তেওঁ ব্ৰত নিয়ম মানি চলিছিল, তেতিয়াও খাদ্য নিয়ন্ত্ৰণত ৰাখিছিল আৰু অধিক খোৱাৰ পৰাও বিৰত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু