--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজৰ কৌতুকেৰে লাখ লাখ অনুৰাগীক হাঁহিৰ খোৰাক দিয়া কমেডিয়ান ভাৰতী সিঙে বিগত বছৰত বৃহৎ পৰিৱৰ্তনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কমেডী শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ত অভিনয় কৰাৰ সময়ত ভাৰতী সিঙক অতি ক্ষীণকায় চেহেৰাত দেখা গৈছিল কাৰণ তেওঁৰ ওজন প্ৰায় ১৫ কিলো হ্ৰাস হৈছিল। যদিও সেই সময়ছোৱাত তেওঁ বহু চিকিৎসাজনিত সমস্যাত পৰিছিল আৰু গৰ্ভধাৰণৰ পৰিকল্পনাও কৰি আছিল। কিন্তু ভাৰতী সিঙে খাদ্য ত্যাগ নকৰাকৈয়ে নিজৰ ওজন হ্ৰাস কৰিছিল প্ৰায় ১৫ কিলোগ্ৰাম। জানো আহক কেনেকৈ?

 ভাৰতী সিঙে তেওঁৰ খাদ্যাভ্যাসৰ বিষয়ে কয় যে যোৱা ৩০-৩২ বছৰে মই নিজৰ যত্ন লোৱা নাই আৰু অনিয়মিত সময়ত খাদ্য গ্ৰহণ কৰিছিলো। ইয়াৰ ফলত বহুত সমস্যাৰ সৃষ্টি হৈছিল আৰু মই ডায়েবেটিছৰ সমস্যাত ভুগি আছিলো লগতে এটা সময়ত মোৰ হাঁপানীও হৈছিল আৰু সহজে ভাগৰি পৰিছিলোঁ। এতিয়া মোৰ অতিৰিক্ত ওজন কমোৱাৰ পাছত অতি পাতল অনুভৱ কৰিছো আৰু মোৰ কোনো স্বাস্থ্যজনিত সমস্যা নাই।

 স্বাস্থ্য সন্দৰ্ভত এই ৪টা সহজ উপায় মানি চলিছিল ভাৰতী সিঙে-

১. মাজে মাজে উপবাস থকাঃ-ভাৰতী সিঙে কঠোৰ ব্যায়ামৰ আশ্ৰয় নোলোৱাকৈ ওজন কমাবলৈ মাজে মাজে উপবাস কৰিছিল। খবৰ অনুসৰি ভাৰতীয়ে সন্ধিয়া ৭ বজাৰ পাছত একো খোৱা নাছিল আৰু পিছদিনা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। তেওঁ মাজে মাজে উপবাসো পালন কৰিছিল। ইয়াৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু কম কেলৰি খোৱাত সহায় কৰে।

২. খাদ্যপ্ৰেমী ভাৰতী সিঙে প্ৰায়ে কৈছে তেওঁ খাদ্য খাই ভালপোৱাৰ কথা। কিন্তু ভাৰতী সিঙে ডায়েট প্লেন মানি চলিছিল। যিহেতু তেওঁ কঠোৰ খাদ্যাভ্যাস মানি চলিছিল, গতিকে খুব সহজেই ওজন হ্ৰাস কৰিব পাৰিছিল।

৩. খাদ্য খোৱা নিয়ন্ত্ৰণৰ অভ্যাস-

খাদ্য পৰিৱৰ্তন কৰিলেও ওজন হ্ৰাস কৰাত সঁচাকৈয়ে উপকাৰ পোৱা এটা কথা হ’ল খাদ্য গ্ৰহণৰ প্ৰণালী। এবাৰতে খোৱাৰ পৰিৱৰ্তে অলপ অলপকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক।

৪. খাদ্য খোৱাৰ সময়-

অভিনেতাৰ জীৱনটো প্ৰায়ে ব্যস্ততাপূৰ্ণ শ্বুটিংসূচী আৰু অস্বাভাৱিক জীৱনশৈলীৰ মাজত পাৰ হয়। সময় অনুযায়ী খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ হ’লেও ভাৰতীয়ে নিজৰ জীৱনশৈলীত ডাঙৰ পৰিৱৰ্তন আনি কঠোৰ ৰুটিন মানি চলিছিল। আনকি যেতিয়া তেওঁ ব্ৰত নিয়ম মানি চলিছিল, তেতিয়াও খাদ্য নিয়ন্ত্ৰণত ৰাখিছিল আৰু অধিক খোৱাৰ পৰাও বিৰত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement