--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ বছৰটোৱে বিদায় ল’বলৈ আৰু কেইটামান দিনহে বাকী ৷ নতুন বছৰক আদৰিবলৈ কিমনৰ যে কিমান পৰিকল্পনা! সাধাৰণ জনতাৰ লগতে বলীউডৰ তাৰকাসকলেও বিভিন্ন উপায়েৰে নৱবৰ্ষক আদৰণি জনাবলৈ প্ৰস্তুত হৈছে৷ এনে সময়তে  বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বিমানত উঠি ক’ৰবালৈ গুচি গ’ল৷ তেওঁলোক ক’লৈ গ’ল তাকে ভাবি বিৰাট-অনুষ্কাৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে৷

একাংশৰ মতে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা ২০২৩ ক স্বাগতম জনোৱাৰ বাবে এক অজ্ঞাত স্থানলৈ গৈছে। দম্পতীহালক বুধবাৰে মাজনিশা বিমানবন্দৰত দেখা গৈছিল।  বিৰাটে ডেনিমৰ সৈতে এটা বগা চুৱেটশ্বীট পিন্ধিছিল, অনুষ্কাই জিন্স আৰু স্লিং বেগৰ সৈতে এটা ক'লা টাৰ্টেলনেক চুৱেটাৰ টপ পিন্ধি আছিল৷এতিয়াও এয়া  অজ্ঞাত হৈয়েই আছে যে দম্পতীহালে ক'ত অৱতৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ 



তেওঁলোকে বিমানত উঠি ক’ৰৱালৈ যোৱাৰ  ভিডিঅ'টোৱে তেওঁলোকৰ অনুৰাগীসকলক চিন্তাৰ মাজতে আনন্দিত কৰিও তুলিছে। কিছুদিন পূৰ্বে কেটৰিনা কাইফ আৰু বিকি কৌশলেও তেওঁলোকৰ নৱবৰ্ষ উদযাপনৰ বাবে সংবাদ মাধ্যমৰ অজ্ঞাত স্থানলৈ ৰাওনা হৈছিল। তেওঁলোকে হয়তো নিউয়ৰ্কলৈ যাত্ৰা কৰিছে বুলিও বহুতে মন্তব্য কৰিছে৷ নৱবৰ্ষ উদযাপনৰ বাবেই বিৰাট-অনুষ্কাই নিউয়ৰ্কলৈ যাব পাৰে বুলি বহুতে আলোচনা কৰা দেখা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু