--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ বছৰটোৱে বিদায় ল’বলৈ আৰু কেইটামান দিনহে বাকী ৷ নতুন বছৰক আদৰিবলৈ কিমনৰ যে কিমান পৰিকল্পনা! সাধাৰণ জনতাৰ লগতে বলীউডৰ তাৰকাসকলেও বিভিন্ন উপায়েৰে নৱবৰ্ষক আদৰণি জনাবলৈ প্ৰস্তুত হৈছে৷ এনে সময়তে  বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বিমানত উঠি ক’ৰবালৈ গুচি গ’ল৷ তেওঁলোক ক’লৈ গ’ল তাকে ভাবি বিৰাট-অনুষ্কাৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে৷

একাংশৰ মতে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা ২০২৩ ক স্বাগতম জনোৱাৰ বাবে এক অজ্ঞাত স্থানলৈ গৈছে। দম্পতীহালক বুধবাৰে মাজনিশা বিমানবন্দৰত দেখা গৈছিল।  বিৰাটে ডেনিমৰ সৈতে এটা বগা চুৱেটশ্বীট পিন্ধিছিল, অনুষ্কাই জিন্স আৰু স্লিং বেগৰ সৈতে এটা ক'লা টাৰ্টেলনেক চুৱেটাৰ টপ পিন্ধি আছিল৷এতিয়াও এয়া  অজ্ঞাত হৈয়েই আছে যে দম্পতীহালে ক'ত অৱতৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ 



তেওঁলোকে বিমানত উঠি ক’ৰৱালৈ যোৱাৰ  ভিডিঅ'টোৱে তেওঁলোকৰ অনুৰাগীসকলক চিন্তাৰ মাজতে আনন্দিত কৰিও তুলিছে। কিছুদিন পূৰ্বে কেটৰিনা কাইফ আৰু বিকি কৌশলেও তেওঁলোকৰ নৱবৰ্ষ উদযাপনৰ বাবে সংবাদ মাধ্যমৰ অজ্ঞাত স্থানলৈ ৰাওনা হৈছিল। তেওঁলোকে হয়তো নিউয়ৰ্কলৈ যাত্ৰা কৰিছে বুলিও বহুতে মন্তব্য কৰিছে৷ নৱবৰ্ষ উদযাপনৰ বাবেই বিৰাট-অনুষ্কাই নিউয়ৰ্কলৈ যাব পাৰে বুলি বহুতে আলোচনা কৰা দেখা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক