--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বায়ু প্ৰদূষণৰ ফলত ভাৰতীয় মানুহৰ আয়ুস ক্ষয় হৈ গৈ আছে। শেহতীয়া অধ্যয়নে সেই কথাই প্ৰমাণ কৰিছে।  ভাৰতীয় লোকৰ স্বাস্থ্যৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি স্বৰূপ হৈ পৰিছে প্ৰদূষণ। ঘাতক প্ৰদূষণে  ভাৰতীয় লোকৰ জীৱনকাল  পাঁচ বছৰলৈ হ্ৰাস কৰিব বুলি আশংকা ব্যক্ত কৰি আহিছে  চিকাগো বিশ্ববিদ্যালয়ৰ বায়ু গুণমান জীৱন সূচক (একিউএলআই) প্ৰতিষ্ঠানে ।

 দিল্লী হৈ পৰিছে  বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ। য'ত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭  মাইক্ৰ'গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১  গুণতকৈ বেছি।প্ৰদূষণ  মানৱ স্বাস্থ্যৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ বিপদাশংকা হিচাবে থিয় দিছে। পৰিসংখ্যাত প্ৰকাশ পোৱা তথ্য অনুসৰি  বিশ্বব্যাপী বায়ু প্ৰদূষণে মানুহৰ ২.২ বছৰকৈ আয়ুস হ্ৰাস কৰিছে।এইচ.আই.ভি./এইডছতকৈ ছয় গুণ আৰু সন্ত্ৰাসবাদতকৈ ৮৯ গুণে বেছি  এই প্ৰদূষণৰ মাৰক ক্ষমতা।

 বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত  প্ৰদূষণে ভাৰতীয় লোকৰ স্বাস্থ্যৰ প্ৰতি  সৰ্বাধিক বিদ নমাই আনিছে। প্ৰতিবেদন খনত কোৱা হৈছে যে  ২০১৩ চনৰ পৰা বিশ্বৰ মুঠ প্ৰদূষণৰ ৪৪  শতাংশ কেৱল ভাৰতৰ পৰাই হৈছে।যদি প্ৰদূষণৰ এনে স্তৰ অব্যাহত থাকে তেন্তে ভাৰতীয় লোকে কমেও পাঁচ বছৰৰ আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।১৯৯৮  চনৰ পৰা ভাৰতৰ বতাহত  গড় বাৰ্ষিক প্ৰদূষণ  সৃষ্টিকাৰী কণিকা  ৬১.৪  শতাংশ বৃদ্ধি হৈছে।

 অধ্যয়নটোৱে ভাৰতত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে যোৱা দুটা দশকত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিকে দায়ী কৰিছে।  অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমানৰ প্ৰদূষণৰ স্তৰ অব্যাহত থাকিলে ভাৰত-গাঙ্গেয় সমভূমিৰ ৫১০ নিযুত বাসিন্দাই গড়ে ৭.৬ বছৰৰ আয়ুস হেৰুৱাব পাৰে। লক্ষ্ণৌৰ বাসিন্দাসকলে ৯.৫ বছৰৰ আয়ুস হেৰুৱাব লগীয়া হ’ব পাৰে। একেদৰে উত্তৰ প্ৰদেশত ৮.২ বছৰ, বিহাৰত ৭.৯ বছৰ, পশ্চিম বংগত ৫.৯ বছৰ আৰু ৰাজস্থানত ৪.৮ বছৰ সেই ৰাজ্যসমূহৰ মানুহে হেৰুৱা লাগিব বুলি আশংকা  কৰা হৈছে ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে