--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিনেতা ৰনিত ৰয়ৰ ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম অব্যাহত আছে। ৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে পত্নী নীলম বসু ৰায়ৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হৈছে। বিবাহৰ ২০ বছৰীয়া জয়ন্তী উপলক্ষে পুনৰ পত্নীক বিয়া কৰাইছে ৰনিতে।

ছ’চিয়েল মিডিয়াত ইয়াৰ আভাস দেখুৱাইছে অভিনেতাগৰাকীয়ে। ৰনিতে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বহু বিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ২০ বছৰৰ পাছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছে। এই সময়ত ৰনিত আৰু নীলমৰ পুত্ৰ অগস্ত্য বসুকো পিতৃ-মাতৃৰ বিয়া উপভোগ কৰা দেখা গৈছিল।

সম্পূৰ্ণ ৰীতি-নীতিৰে পত্নীৰ লগত বিয়া পাতিলে ৰনিতে। অভিনেতাগৰাকীয়ে পত্নী নীলমৰ সৈতে সাত ফেৰে লৈ বিয়াৰ সকলো কামো সম্পূৰ্ণ কৰে।

ভিডিঅ’টো শ্বেয়াৰ কৰি থাকোঁতে ৰনিতে কেপচনত লিখিছে, ‘আপুনি মোক বিয়া কৰাবনে... আকৌ?’। গোৱাৰ এটা মন্দিৰত ৰনিতৰ বিয়া হৈছিল। তেওঁৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। অনুৰাগীয়ে দম্পতীহালক বিবাহ বাৰ্ষিকীত অহৰহ শুভকামনা জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান