--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চা, উৎকণ্ঠাৰ অৱসান ঘটাই বিবাহপাশত আবদ্ধ হ’ল বলীউডৰ অভিনেতা তথা প্ৰযোজক আৰবাজ খান আৰু শ্বুৰা খান৷ আৰবাজ খানে তেওঁৰ পত্নী শ্বুৰা খানৰ সৈতে তেওঁৰ বিবাহৰ স্থিৰচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। আৰবাজ-শ্বুৰাই ২৪ ডিচেম্বৰত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল আৰু অনুৰাগীসকলে তেওঁলোকৰ বিশেষ দিনটো উদযাপন কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। তেওঁলোকৰ বিবাহ অনুষ্ঠান মুম্বাইৰ অৰ্পিতা খান শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হৈছিল৷

আৰবাজ খানৰ বিয়াখন ২৪ ডিচেম্বৰত অনুষ্ঠিত হৈছিল৷ আৰু এই অনুষ্ঠানত তেওঁৰ পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল, য’ত আৰবাজৰ ভাতৃ ছলমান আৰু চোহেল খান লগতে তেওঁৰ পিতৃ-মাতৃ চেলিম আৰু চালমা খানো আছিল।

পৰৱৰ্তী সময়ত আৰবাজে ইনষ্টাগ্ৰামত শ্বুৰাৰ সৈতে ফটো শ্বেয়াৰ কৰে।

অভিনেতা মঞ্জৰী ফাডনিছে লিখিছিল, অভিনন্দন। আপোনালোক দুয়োলৈকে প্ৰচুৰ মৰম থাকিল৷ ‘চেন্নাই এক্সপ্ৰেছ’ত থাংগাবাল্লিৰ চৰিত্ৰৰ বাবে সুপৰিচিত নিকিতিন ধিৰেও নৱদম্পতীক অভিনন্দন জনায়।

গায়ক হৰ্ষদীপ কৌৰেও দম্পতীটোৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি লিখিছিল, অভিনন্দন মৰমৰ আৰবাজ আৰু শ্বুৰা৷

আৰবাজ খান আৰু শ্বুৰা খান তেওঁৰ নতুন ছবি ‘পাটনা শুক্লা’ৰ শ্বুটিংস্থলীত লগ হৈছিল। অভিনেতাজনে আগতে মালাইকা অৰোৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োজনে ২০১৬ৰ মাৰ্চত তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক