--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চা, উৎকণ্ঠাৰ অৱসান ঘটাই বিবাহপাশত আবদ্ধ হ’ল বলীউডৰ অভিনেতা তথা প্ৰযোজক আৰবাজ খান আৰু শ্বুৰা খান৷ আৰবাজ খানে তেওঁৰ পত্নী শ্বুৰা খানৰ সৈতে তেওঁৰ বিবাহৰ স্থিৰচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। আৰবাজ-শ্বুৰাই ২৪ ডিচেম্বৰত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল আৰু অনুৰাগীসকলে তেওঁলোকৰ বিশেষ দিনটো উদযাপন কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। তেওঁলোকৰ বিবাহ অনুষ্ঠান মুম্বাইৰ অৰ্পিতা খান শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হৈছিল৷

আৰবাজ খানৰ বিয়াখন ২৪ ডিচেম্বৰত অনুষ্ঠিত হৈছিল৷ আৰু এই অনুষ্ঠানত তেওঁৰ পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল, য’ত আৰবাজৰ ভাতৃ ছলমান আৰু চোহেল খান লগতে তেওঁৰ পিতৃ-মাতৃ চেলিম আৰু চালমা খানো আছিল।

পৰৱৰ্তী সময়ত আৰবাজে ইনষ্টাগ্ৰামত শ্বুৰাৰ সৈতে ফটো শ্বেয়াৰ কৰে।

অভিনেতা মঞ্জৰী ফাডনিছে লিখিছিল, অভিনন্দন। আপোনালোক দুয়োলৈকে প্ৰচুৰ মৰম থাকিল৷ ‘চেন্নাই এক্সপ্ৰেছ’ত থাংগাবাল্লিৰ চৰিত্ৰৰ বাবে সুপৰিচিত নিকিতিন ধিৰেও নৱদম্পতীক অভিনন্দন জনায়।

গায়ক হৰ্ষদীপ কৌৰেও দম্পতীটোৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি লিখিছিল, অভিনন্দন মৰমৰ আৰবাজ আৰু শ্বুৰা৷

আৰবাজ খান আৰু শ্বুৰা খান তেওঁৰ নতুন ছবি ‘পাটনা শুক্লা’ৰ শ্বুটিংস্থলীত লগ হৈছিল। অভিনেতাজনে আগতে মালাইকা অৰোৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োজনে ২০১৬ৰ মাৰ্চত তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান