--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ পদাংক অণুসৰণ কৰি এগৰাকী সাহসী কন্যাই যোগ দিলে ভাৰতীয় সেনাবাহিনীত। জম্মু-কাশ্মীৰত তেওঁৰ পিতৃ মেজৰ নৱনীত ভাট শ্বহীদ হোৱাৰ ২০ বছৰৰ পাছত শনিবাৰে ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰে লেফটেনেণ্ট ইনায়ত ভাটে।  চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি মিলিটাৰী ইনটেলিজেন্স কৰ্পছত লেফটেনেণ্ট হিচাপে যোগ দিয়ে ইনায়তে। 

পাছিং আউট পেৰেডত ইনায়তে পিন্ধিছিল সেই একেটা অলিভ গ্ৰীণ ইউনিফৰ্ম যি ইউনিফৰ্ম তেওঁৰ দেউতাক নৱনীত ভাটে পৰিধান কৰিছিল। মাত্ৰ তিনি বছৰ বয়সতে পিতৃ নৱনীত ভাটক হেৰুৱাইছিল ইনায়তে।

ভাৰতীয় সেনাই এক্সত ইনায়তৰ ছবি পোষ্ট কৰি লিখে “স্বাগতম, সেনাৰ কন্যা লেফটেনেণ্ট ইনায়ত ভাটছ”

মাতৃ শিবানী ভাটছকো ছবিখনত কাষতে থিয় হৈ থকা দেখা গৈছে।

২০ বছৰ পূৰ্বে জম্মু-কাশ্মীৰত তেওঁৰ পিতৃৰ কৰ্মৰত অৱস্থাতে মৃত্যু হৈছিল। ইনায়ত ভাটছক সামৰিক চোৰাংচোৱা বাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে।

চণ্ডীগড়ৰ পৰা অহা মেজৰ নৱনীত ভাটক ৩ গোৰ্খা ৰাইফলছ ৰেজিমেণ্টৰ চতুৰ্থ বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। ২০০৩ চনৰ নৱেম্বৰ মাহত শ্ৰীনগৰত বিদ্ৰোহ বিৰোধী অভিযানত কৰ্মৰত অৱস্থাতে মৃত্যু হৈছিল নৱনীত ভাটৰ।

নৱনীত ভাটৰ বীৰত্ব আৰু পৰম ত্যাগৰ বাবে তেওঁক বীৰত্ব বঁটা, সেনা পদক দিয়া হৈছিল।

ইনায়ত ভাট দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ স্নাতক।

২০২৩ চনৰ এপ্ৰিল মাহত চেন্নাইৰ বিষয়া প্ৰশিক্ষণ একাডেমীত যোগদান কৰাৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ইনায়তে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু