--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ পদাংক অণুসৰণ কৰি এগৰাকী সাহসী কন্যাই যোগ দিলে ভাৰতীয় সেনাবাহিনীত। জম্মু-কাশ্মীৰত তেওঁৰ পিতৃ মেজৰ নৱনীত ভাট শ্বহীদ হোৱাৰ ২০ বছৰৰ পাছত শনিবাৰে ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰে লেফটেনেণ্ট ইনায়ত ভাটে।  চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি মিলিটাৰী ইনটেলিজেন্স কৰ্পছত লেফটেনেণ্ট হিচাপে যোগ দিয়ে ইনায়তে। 

পাছিং আউট পেৰেডত ইনায়তে পিন্ধিছিল সেই একেটা অলিভ গ্ৰীণ ইউনিফৰ্ম যি ইউনিফৰ্ম তেওঁৰ দেউতাক নৱনীত ভাটে পৰিধান কৰিছিল। মাত্ৰ তিনি বছৰ বয়সতে পিতৃ নৱনীত ভাটক হেৰুৱাইছিল ইনায়তে।

ভাৰতীয় সেনাই এক্সত ইনায়তৰ ছবি পোষ্ট কৰি লিখে “স্বাগতম, সেনাৰ কন্যা লেফটেনেণ্ট ইনায়ত ভাটছ”

মাতৃ শিবানী ভাটছকো ছবিখনত কাষতে থিয় হৈ থকা দেখা গৈছে।

২০ বছৰ পূৰ্বে জম্মু-কাশ্মীৰত তেওঁৰ পিতৃৰ কৰ্মৰত অৱস্থাতে মৃত্যু হৈছিল। ইনায়ত ভাটছক সামৰিক চোৰাংচোৱা বাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে।

চণ্ডীগড়ৰ পৰা অহা মেজৰ নৱনীত ভাটক ৩ গোৰ্খা ৰাইফলছ ৰেজিমেণ্টৰ চতুৰ্থ বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। ২০০৩ চনৰ নৱেম্বৰ মাহত শ্ৰীনগৰত বিদ্ৰোহ বিৰোধী অভিযানত কৰ্মৰত অৱস্থাতে মৃত্যু হৈছিল নৱনীত ভাটৰ।

নৱনীত ভাটৰ বীৰত্ব আৰু পৰম ত্যাগৰ বাবে তেওঁক বীৰত্ব বঁটা, সেনা পদক দিয়া হৈছিল।

ইনায়ত ভাট দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ স্নাতক।

২০২৩ চনৰ এপ্ৰিল মাহত চেন্নাইৰ বিষয়া প্ৰশিক্ষণ একাডেমীত যোগদান কৰাৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ইনায়তে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ