--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন  হৈছে  ২০১৯ চনৰ ১১ ডিচেম্বৰত ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এক আইন। এই  আইনখনৰ উদ্দেশ্য হৈছে ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰা।আইন খনে  আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ অবৈধ প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। ভাৰতীয় আইনত প্ৰথমবাৰৰ বাবে নাগৰিকত্বৰ চৰ্ত হিচাপে ধৰ্মীয় পৰিচয় অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ পূৰ্বৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল যে শাসনলৈ আহিলেই দলটোৱে  চুবুৰীয়া দেশসমূহত নিৰ্যাতিত হিন্দু সংখ্যালঘুসকলক ভাৰতত  নাগৰিকত্ব প্ৰদান কৰিব। 

 সংশোধিত আইন খন অনুসৰি উক্ত  ধৰ্মসমূহৰ লোকসকলে  ৩১  ডিচেম্বৰ ২০১৪-ৰ আগতে ভাৰতত প্ৰৱেশ কৰা হ’ব লাগিব  আৰু সংখ্যালঘু হোৱাৰ বাবেই বিদেশত  "ধৰ্মীয় অত্যাচাৰৰ" ভুক্তভোগী বা ধৰ্মীয় অত্যাচাৰৰ ভাবুকি পোৱা লোক হ’ব লাগিব। তেতিয়াই তেওঁলোকে  ভাৰতীয় নাগৰিকত্ব লাভ  কৰিব পাৰে। ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি এজন ব্যক্তিয়ে  ১১ বছৰ ভাৰতত থাকিব লাগিছিল। নতুন সংশোধনীয়ে সেই সময়  সলনি কৰিছিল । ওপৰোক্ত দেশসমূহৰ পৰা অহা নিৰ্দিষ্ট ৬ টা ধৰ্মৰ বাবে ১১ বছৰৰ ম্যাদ ৫ বছৰলৈ হ্ৰাস কৰা হৈছে।

উল্লেখ্য পূৰ্বে ভাৰতৰ  নাগৰিকত্ব আইন ১৯৯৫ চন অনুসৰি  ধৰ্মৰ ভিত্তিত কাকো নাগৰিকত্ব প্ৰদান কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। নাগৰিকত্ব আইন, ১৯৫৫  অনুসৰি এজন ব্যক্তিয়ে ভাৰতৰ  নাগৰিকত্ব পাবলৈ কমেও ১১  বছৰ আৰু এমাহৰ বাবে একেৰাহে ভাৰতত বাস কৰিব লাগিব। সংশোধনী আইন খনত এঘাৰ বছৰৰ পৰা পাঁচ বছৰলৈ হ্ৰাস কৰা হৈছে। 

বিধেয়কখন প্ৰথমবাৰৰ বাবে লোকসভাত ১৯  জুলাই, ২০১৬ তাৰিখে উত্থাপন কৰা হৈছিল। বিধেয়কখন সেই বছৰৰে ১২ আগষ্টত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। সমিতিখনে ৭ জানুৱাৰী ২০১৯ তাৰিখে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল। পিছদিনা, ৮ জানুৱাৰী ২০১৯ তাৰিখে, লোকসভাই বিধেয়কখন গৃহীত কৰে। ১২  ডিচেম্বৰ ২০১৯  তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উক্ত বিধেয়কত অনুমোদন জনাইছিল।সপ্তদশ লোকসভা গঠনৰ পিছত ৪ ডিচেম্বৰ ২০১৯  তাৰিখে, ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে সংসদত উত্থাপনৰ  বাবে বিধেয়কখন অনুমোদন জনায়। 

সংশোধনী বিধেয়কখন গৃহ মন্ত্ৰী অমিত শ্বাহে ৯ ডিচেম্বৰ ২০১৯ ত সপ্তদশ লোকসভাত উত্থাপন কৰিছিল আৰু ৭ ঘণ্টাৰ বিতৰ্কৰ পিছত ১০ ডিচেম্বৰ ২০১৯ ত গৃহীত হৈছিল।  ৩১১ জন সাংসদে বিধেয়কখনৰ সপক্ষে ভোট দান কৰিছিল আৰু ৮০ জনে বিপক্ষে ভোট দিছিল।
বিধেয়কখন ৰাজ্যসভাই ১১ ডিচেম্বৰ ২০১৯  তাৰিখে গৃহীত কৰিছিল। ৰাজ্যসভাত সপক্ষে ১২৫ টা ভোট আৰু বিপক্ষে ১০৫ টা ভোট পৰিছিল।

ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ লগতে দেশৰ বহু প্ৰান্তৰ লোকে  প্ৰব্ৰজনকাৰী সকলক আদৰি  ল'বলৈ আগ্ৰহী নহয়।  কিয়নো তেওঁলোকে অত্যধিক অনুপ্ৰৱেশকাৰীৰ হেঁচাত স্থানীয় সংস্কৃতি বিপদৰ গৰাহত পৰিব বুলি আশংকা কৰি আহিছে।  



 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু