--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত দেশজুৰি কা প্ৰযোজ্য কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে। এতিয়াৰে পৰা  সমগ্ৰ দেশত প্ৰযোজ্য  হ’ব নাগৰিকত্ব সংশোধনী আইন বা কা।  সোমবাৰে  প্ৰধানমন্ত্ৰীৰ কাযালয়ে কা বলবৎ কৰা হ’ব বুলি আনুষ্ঠানকভাবে ঘোষণা কৰে। অৱশ্যে এই বাতৰি যুগুত কৰা পৰলৈকে কাৰ অধিসূচনা জাৰি কৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

 গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিবলৈ অনলাইনত আবাদন কৰিবলৈ এটা বিশেষ পৰ্টেল মুকলি কৰা হ’ব।   আজি নিশাই জাৰি হ’ব পাৰে কাৰ অধিসূচনা। সেইমৰ্মে অসমকে ধৰি সমগ্ৰ দেশতে পানী নসৰকা নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। উল্লেখ্য  লোকসভা নিৰ্বাচন ২০২৪ ঘোষণাৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাই আছিল।

নাগৰিকত্ব সংশোধনী আইনে  হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ অ-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে, যিসকলে ৩১  ডিচেম্বৰ, ২০১৪-ৰ আগতে ভাৰতত বসতি স্থাপন কৰিছিল।  বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত উৎপীড়নৰ সন্মুখীন হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। নাগৰিকত্ব সংশোধনী আইন ২০১৯ চনৰ ডিচেম্বৰ মাহত নানান বাদ-প্ৰতিবাদৰ মাজেৰে সংসদত গৃহীত কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিয়েও ইয়াত অনুমোদন লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ