--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজনীতি আশ্চৰ্যজনক। সাধু, সন্ত, মঠ আৰু মন্দিৰসমূহে উত্তৰ প্ৰদেশৰ ৰাজনীতিত বিশেষ ভূমিকা পালন কৰে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি নেতাৰ মাতৃয়ে সংবাদ শিৰোনাম দখল কৰিছে। পুত্ৰৰ বাবে ২০বছৰ উপবাসে আছে মাতৃগৰাকী। পুত্ৰ নিৰ্বাচনত জয়ী হোৱাৰ মানসেৰে উপবাসে থকা এই মাতৃ গৰাকীৰ সন্তান হৈছে বিধায়ক সঞ্জয় প্ৰতাপ জয়চোৱাল। বিগত ২০বছৰে কোনো অন্ন গ্ৰহণ কৰা নাই মাতৃগৰাকীয়ে। ৰুধাউলী বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক সঞ্জয় প্ৰতাপ জয়ছোৱালৰ মাতৃ মায়া দেৱীৰ ত্যাগ দেখি ৰাইজ হতবাক হৈ পৰিছে। মাতৃয়ে পুত্ৰক বিধায়ক ৰূপে চাবলৈ প্ৰথমে ১০ বছৰ উপবাস কৰিছিল। যেতিয়া ঈশ্বৰে তেওঁৰ শপত পূৰণ কৰিলে আৰু পুত্ৰ বিধায়ক হ'ল, তেতিয়া তেওঁ উপবাস ভাঙিলে কিন্তু পুনৰ উপবাস আৰম্ভ কৰিলে। সঞ্জয় প্ৰতাপ জয়ছোৱালৰ মাতৃয়ে ২০০২ চনৰ পৰা উপবাস আৰম্ভ কৰিছিল আৰু ২০১২ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ টিকটত বিধানসভা নিৰ্বাচনত জয়লাভ কৰি বিধায়ক হৈছিল সঞ্জয় প্ৰতাপ জয়ছোৱাল। ২০১২ চনত জয়ছোৱালে নিৰ্বাচনত জয়ী হোৱাৰ পাছত তেওঁৰ মাতৃয়ে উপবাস ভাঙিছিল কিন্তু কিছু সময়ৰ পিছত তেওঁ পুনৰ উপবাস আৰম্ভ কৰিছিল। যাতে পুত্ৰৰ স্থিতি একে থাকে। ২০১৭ চনত জয়ছোৱালে বিজেপিলৈ দল সলনি কৰে আৰু পুনৰ বিধায়ক হয়। যেতিয়া সঞ্জয়ে ২০০২ চনৰ পৰা ৰুধাউলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল তেতিয়া তেওঁ জয়ী হোৱা নাছিল। পুত্ৰৰ সংগ্ৰাম দেখি মাতৃয়ে ঈশ্বৰৰ ওচৰত এটা প্ৰতিজ্ঞা কৰিছিল যে যেতিয়ালৈকে তেওঁৰ পুত্ৰ বিধায়ক নহয়, তেতিয়ালৈকে তেওঁ অন্নৰ এটা দানাও মুখত নিদিয়ে। মায়া দেৱীয়ে কয় যে "মই কেৱল ফলাহাৰ কৰোঁ আৰু মই বেছিভাগ সময় ঈশ্বৰভক্তিত কটাওঁ।মোৰ পুত্ৰই ৰাজনীতিত কেৰিয়াৰ গঢ়িবলৈ বহুত কঠোৰ পৰিশ্ৰম কৰিছে। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেওঁক যাতে আগুৱাই লৈ যায়।" একে সময়তে বিজেপি বিধায়ক সঞ্জয় জয়ছোৱালেও বিশ্বাস কৰে যে তেওঁ তেওঁৰ মাতৃৰ আশীৰ্বাদৰ বাবেহে ৰাজনীতিৰ পথাৰত এই স্থানত উপনীত হ'ব পাৰিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু