--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজনীতি আশ্চৰ্যজনক। সাধু, সন্ত, মঠ আৰু মন্দিৰসমূহে উত্তৰ প্ৰদেশৰ ৰাজনীতিত বিশেষ ভূমিকা পালন কৰে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি নেতাৰ মাতৃয়ে সংবাদ শিৰোনাম দখল কৰিছে। পুত্ৰৰ বাবে ২০বছৰ উপবাসে আছে মাতৃগৰাকী। পুত্ৰ নিৰ্বাচনত জয়ী হোৱাৰ মানসেৰে উপবাসে থকা এই মাতৃ গৰাকীৰ সন্তান হৈছে বিধায়ক সঞ্জয় প্ৰতাপ জয়চোৱাল। বিগত ২০বছৰে কোনো অন্ন গ্ৰহণ কৰা নাই মাতৃগৰাকীয়ে। ৰুধাউলী বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক সঞ্জয় প্ৰতাপ জয়ছোৱালৰ মাতৃ মায়া দেৱীৰ ত্যাগ দেখি ৰাইজ হতবাক হৈ পৰিছে। মাতৃয়ে পুত্ৰক বিধায়ক ৰূপে চাবলৈ প্ৰথমে ১০ বছৰ উপবাস কৰিছিল। যেতিয়া ঈশ্বৰে তেওঁৰ শপত পূৰণ কৰিলে আৰু পুত্ৰ বিধায়ক হ'ল, তেতিয়া তেওঁ উপবাস ভাঙিলে কিন্তু পুনৰ উপবাস আৰম্ভ কৰিলে। সঞ্জয় প্ৰতাপ জয়ছোৱালৰ মাতৃয়ে ২০০২ চনৰ পৰা উপবাস আৰম্ভ কৰিছিল আৰু ২০১২ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ টিকটত বিধানসভা নিৰ্বাচনত জয়লাভ কৰি বিধায়ক হৈছিল সঞ্জয় প্ৰতাপ জয়ছোৱাল। ২০১২ চনত জয়ছোৱালে নিৰ্বাচনত জয়ী হোৱাৰ পাছত তেওঁৰ মাতৃয়ে উপবাস ভাঙিছিল কিন্তু কিছু সময়ৰ পিছত তেওঁ পুনৰ উপবাস আৰম্ভ কৰিছিল। যাতে পুত্ৰৰ স্থিতি একে থাকে। ২০১৭ চনত জয়ছোৱালে বিজেপিলৈ দল সলনি কৰে আৰু পুনৰ বিধায়ক হয়। যেতিয়া সঞ্জয়ে ২০০২ চনৰ পৰা ৰুধাউলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল তেতিয়া তেওঁ জয়ী হোৱা নাছিল। পুত্ৰৰ সংগ্ৰাম দেখি মাতৃয়ে ঈশ্বৰৰ ওচৰত এটা প্ৰতিজ্ঞা কৰিছিল যে যেতিয়ালৈকে তেওঁৰ পুত্ৰ বিধায়ক নহয়, তেতিয়ালৈকে তেওঁ অন্নৰ এটা দানাও মুখত নিদিয়ে। মায়া দেৱীয়ে কয় যে "মই কেৱল ফলাহাৰ কৰোঁ আৰু মই বেছিভাগ সময় ঈশ্বৰভক্তিত কটাওঁ।মোৰ পুত্ৰই ৰাজনীতিত কেৰিয়াৰ গঢ়িবলৈ বহুত কঠোৰ পৰিশ্ৰম কৰিছে। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেওঁক যাতে আগুৱাই লৈ যায়।" একে সময়তে বিজেপি বিধায়ক সঞ্জয় জয়ছোৱালেও বিশ্বাস কৰে যে তেওঁ তেওঁৰ মাতৃৰ আশীৰ্বাদৰ বাবেহে ৰাজনীতিৰ পথাৰত এই স্থানত উপনীত হ'ব পাৰিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক