ডিজিটেল ডেস্ক: এভাৰেষ্ট চাবলৈ গৈ মৃত্যুক সাবটিলে ভাৰতীয়ই। এভাৰেষ্টৰ বুকুত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। হেলিপেডতে সংঘৰ্ষ দুখন হেলিকপ্টাৰৰ। চকুৰ সন্মুখতে মৃত্যুৰ বিভীষিকা। অৱতৰণ কৰিবলৈ লওঁতেই হেলিপেডত ভয়ংকৰ সংঘৰ্ষ দুখন হেলিকপ্টাৰৰ।নেপালৰ এভাৰেষ্ট অঞ্চলত সংঘটিত এই শিহৰণকাৰী দুৰ্ঘটনাৰ দৃশ্য বন্দী হ'ল কেমেৰাত।
নেপালৰ মাউণ্ট এভাৰেষ্ট অঞ্চলৰ পেৰিচে হেলিপেডত পুৱা প্ৰায় ৮.১৫ বজাত সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা। এখনৰ সৈতে আনখন হেলিকপ্টাৰৰ সংঘৰ্ষৰ পিছতে সৃষ্টি হয় আতংকময় পৰিৱেশ। দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ দুখন আছিল ফিষ্টেইল এয়াৰ আৰু এয়াৰ ডাইনেষ্টিৰ।
এই ভয়ংকৰ সংঘৰ্ষত ফিষ্টেইল এয়াৰৰ হেলিকপ্টাৰত যাত্ৰা কৰা এগৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু। নিহত লোকজনক ফিচটেইল এয়াৰ হেলিকপ্টাৰত যাত্ৰা কৰা ভাৰতীয় বসন্ত কুমাৰ বুলি চিনাক্ত কৰিছে। একেখন বিমানতে থকা ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ নাগৰিক শৈলেশ কৃষ্ণ পেটেল আহত হয়।
দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল। ছিমৰিক এয়াৰৰ এখন হেলিকপ্টাৰেও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহযোগ কৰে। ফিষ্টেইল এয়াৰৰ হেলিকপ্টাৰখনৰ পাইলট আছিল কেপ্টেইন প্ৰজ্জ্বল কে চি। আনহাতে, ডাইনেষ্টি এয়াৰৰ হেলিকপ্টাৰখনৰ দায়িত্বত আছিল কেপ্টেইন ৰবীন্দ্ৰ প্ৰজাপতি।
কিন্তু কিয় সংঘটিত হ'ল এই ভয়ংকৰ সংঘৰ্ষ? অৱতৰণৰ সময়ত কেনেকৈ নিয়ন্ত্ৰণ হেৰুৱালে হেলিকপ্টাৰ দুখনে? এই সকলো দিশ চালি-জাৰি চাইছে কৰ্তৃপক্ষই। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টৰ বুকুত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্যই এতিয়া সামাজিক সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য।