--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জানিব পৰা মতে, MP 33 H 2083 নম্বৰৰ ট্ৰাকখন উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা ত্ৰিপুৰালৈ গৈ আছিল। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা নিশা বালাছড়া টোলগেটত ট্ৰাকখন ৰখাই তালাচী চলায় আৰক্ষীয়ে।

ডিজিটেল ডেস্ক: চেনিৰ আঁৰত বৃহৎ পৰিমাণৰ কফ ছিৰাপ সৰবৰাহৰ চেষ্টা বিফল কৰিলে কাছাৰৰ বৰখলা আৰক্ষীয়ে। বালাছড়া টোলগেটত অভিযান চলাই এখন ট্ৰাকৰ পৰা ৪৭ হাজাৰ বটল কফ জব্দ উদ্ধাৰ কৰা হৈছে। জব্দ হোৱা ছিৰাপখিনিৰ আনুমানিক বজাৰ মূল্য ১ কোটি ২৬ লাখ ৯০ হাজাৰ টকা। ঘটনাৰ সৈতে জড়িত ট্ৰাকখনৰ চালক আৰু সহচালকক আটক কৰিছে আৰক্ষীয়ে।


জানিব পৰা মতে, MP 33 H 2083 নম্বৰৰ ট্ৰাকখন উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা ত্ৰিপুৰালৈ গৈ আছিল। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা নিশা বালাছড়া টোলগেটত ট্ৰাকখন ৰখাই তালাচী চলায় আৰক্ষীয়ে। চেনিভৰ্তি ট্ৰাকখনৰ ভিতৰত ৪৭০টা কাৰ্টনত মুঠ ৪৭ হাজাৰ বটল কফ ছিৰাপ মজুত আছিল বুলি জানিব পৰা গৈছে।


বৰখলা থানাৰ অ’চি কুলেন্দ্ৰ কুমাৰ হুজুৰিৰ নেতৃত্বত এই অভিযান চলোৱা হয়। আটকাধীন দুয়োকে থানালৈ লৈ গৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই সৰবৰাহৰ সৈতে কোনো সংগঠিত চক্ৰ জড়িত আছে নেকি, ছিৰাপখিনি ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ গন্তব্যস্থান ক’ত আছিল, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ