--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেল বিপণন কোম্পানী অর্থাৎ অ'এম চিসমূহে ডিলাৰসমূহৰ সৈতে 'একপক্ষীয়' আৰু 'স্বেচ্ছাচাৰী' আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি সংস্থাটোৱে এই প্রতিবাদৰ সিদ্ধান্ত গ্রহণ কৰিছে।

ডিজিটেল ডেস্ক: তেল বিপণন কোম্পানীসমূহৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰি অহা ১২ নৱেম্বৰত ২৪ঘণ্টীয়া পেট্রল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে নর্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী গোটে। এই সন্দৰ্ভত সংস্থাটোৱে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈকে গুৱাহাটী মহানগৰীৰ সকলো পেট্রল পাম্পত প্রতিবাদকল্পে পেট্রল-ডিজেলৰ ক্রয়-বিক্রয় সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। 


তেল বিপণন কোম্পানী অর্থাৎ অ'এম চিসমূহে ডিলাৰসমূহৰ সৈতে 'একপক্ষীয়' আৰু 'স্বেচ্ছাচাৰী' আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি সংস্থাটোৱে এই প্রতিবাদৰ সিদ্ধান্ত গ্রহণ কৰিছে। দীর্ঘদিন ধৰি চলি অহা মতানৈক্য আৰু সমস্যা সমাধানৰ প্রতি কোম্পানীসমূহে পর্যাপ্ত গুৰুত্ব নিদিয়াৰ বাবেই ডিলাৰসকলে কঠোৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে। বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি, ডিলাৰত কোনো ধৰণৰ পূৰ্ব জাননী বা শুনানিৰ সুযোগ নিদিয়াকৈয়ে পেট্রল আৰু ডিজেলৰ যোগান বন্ধ কৰাৰ ভাবুকি প্রদান কৰা হৈছে। 


আনহাতে, পেট্রল-ডিজেলৰ যোগান অব্যাহত ৰখাৰ চৰ্ত হিচাপে ডিলাৰসমূহৰ ওপৰত অতিৰিক্ত লুব্রিকেন্ট ক্ৰয়ৰ বাবে হেঁচা প্রয়োগ কৰাৰ অভিযোগো উত্থাপন কৰিছে সংগঠনটোৱে। সন্থাৰ মতে, এইদৰে অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰোৱাৰ ফলত ডিলাৰসমূহৰ আৰ্থিক লোকচান দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ উপৰি ডিলাৰৰ এছ এ পি একাউণ্টৰ পৰা কোনো আগতীয়া জাননী বা যথাযথ প্রক্রিয়া অবিহনে ধন কৰ্তন কৰা, টেংকাৰৰ জৰিয়তে ইন্ধন পৰিবহণৰ বাবে পূৰ্বৰে পৰা চলি থকা কনছ'র্টিয়াম ব্যৱস্থা কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ বাতিল কৰা, অনুমোদিত ৰাজসাহায্য আৰু বিভিন্ন কামৰ বাবদ প্রাপ্য ধন আদায় নিদিয়াৰ অভিযোগো উত্থাপন কৰিছে সংস্থাই। বিজ্ঞপ্তিত কোৱা হৈছে যে ডিলাৰসমূহে লিগেল মেট্ৰ'লজি বিভাগৰ বিভিন্ন কামৰ বাবদ আগবঢ়োৱা ধন, কেলিবেশ্যন চার্জ আৰু অন্যান্য অনুমোদিত ব্যয়ৰ ধনো দীর্ঘদিন ধৰি ঘূৰাই পোৱা নাই। এই সকলো প্রাপ্য ধন ১৫ দিনৰ ভিতৰত আদায় দিয়াৰ দাবী জনাইছে সংস্থাই। 


কনছ'র্টিয়াম ব্যৱস্থা বাতিলৰ ফলত ডিলাৰ আৰু পৰিবহণকাৰীসকল লোকচানৰ সন্মুখীন হৈছে বুলিও অভিযোগ কৰা হৈছে। ইয়াৰ উপৰি ইণ্ডিয়ান অইলৰ এগৰাকী বিষয়াই এজন ডিলাৰক ইন্ধন যোগান বন্ধ কৰি দিয়াৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনে। সংস্থাটোৱে স্পষ্ট কৰি দিছে যে উত্থাপিত অভিযোগসমূহৰ সমাধান নকৰিলে ১২ নৱেম্বৰৰ ২৪ ঘণ্টীয়া বন্ধৰ ১১ দিনৰ পাছত, অৰ্থাৎ ২৩ নৱেম্বৰৰ পৰা অনির্দিষ্টকালীন বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি