--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছত প্ৰকাশিত এক নতুন গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে পৃথিৱীত এক অনন্য স্ব-পৰিষ্কাৰ ব্যৱস্থা আছে, যি ব্যৱস্থা স্ম্পৰ্কে এতিয়ালৈকে বিজ্ঞান‌ বা বিজ্ঞানীসকল অজ্ঞাত আছিল।

পৃথিৱীত প্ৰদূষণ দ্ৰুতগতিত বিয়পি পৰিছে, মানুহৰ দ্বাৰা বিয়পি পৰা এই প্ৰদূষণে মানুহকে হত্যা কৰি আছে। এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পুনৰ সমগ্ৰ পৃথিৱীখন পৰিষ্কাৰ কৰাটো মানুহৰ নিয়ন্ত্ৰণত আছেনে, মানুহে কেতিয়াবা নিজৰ ভুলৰ বাবে বিয়পোৱা প্ৰদূষণৰ পৰা পৃথিৱীখনক মুক্ত কৰিবলৈ সক্ষম হ’বনে? কিন্ত  মানুহে এই কামটো কৰক বা নকৰক, পৃথিৱীয়ে নিজে নিজক পৰিষ্কাৰ কৰিব পাৰে। এক নতুন গৱেষণাৰ জৰিয়তে পোহৰলৈ আহিছে যে পৃথিৱীয়ে নিজেই পৰিষ্কাৰ কৰিব পাৰে।

নতুন গৱেষণাত কি কি উন্মোচিত হ’ল?
প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছত প্ৰকাশিত এক নতুন গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে পৃথিৱীত এক অনন্য স্ব-পৰিষ্কাৰ ব্যৱস্থা আছে, যিটো এতিয়ালৈকে বিজ্ঞানৰ বাবে অজ্ঞাত আছিল। এই ব্যৱস্থাৰ অধীনত বায়ুত উৎপন্ন হোৱা পানীৰ টোপালবোৰে নিজৰ পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ সৈতে মিলি এক শক্তিশালী বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰে, যাৰ ফলত OH অণু উৎপন্ন হয়। বিজ্ঞানীসকলৰ মতে এই OH অণুটোৱে প্ৰদূষক পদাৰ্থৰ সৈতে বিক্ৰিয়া কৰি বায়ুমণ্ডলৰ পৰা আঁতৰাই পেলোৱাৰ কাম কৰে।

এই অণুৱে বিষাক্ত গেছকো ধ্বংস কৰে
বিজ্ঞানীসকলৰ মতে এই OH অণুবোৰে বায়ুমণ্ডলত উপস্থিত বিষাক্ত গেছবোৰকো ধ্বংস কৰাৰ কাম কৰে। ইহঁতে প্ৰথমে বায়ুত ওপঙি থকা প্ৰদূষকবোৰৰ প্ৰতি বিক্ৰিয়া কৰি ভাঙি পেলায়, প্ৰদূষকবোৰ ভাঙি যোৱাৰ লগে লগে ইহঁতৰ ভিতৰত থকা চালফাৰ ডাই অক্সাইড আৰু নাইট্ৰিক অক্সাইডৰ দৰে বিষাক্ত গেছ বায়ুমণ্ডলৰ পৰা নোহোৱা হৈ যায়। বিজ্ঞানীসকলে এতিয়াও এই OH অণুটোৰ ওপৰত গৱেষণা কৰি আছে। উল্লেখযোগ্য যে প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছৰ গৱেষকসকলে কৰা এই গৱেষণা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে কৰা গৱেষণাৰ ভিত্তিত কৰা হৈছে, য’ত কোৱা হৈছিল যে পানীৰ টোপালৰ পৃষ্ঠত লগে লগে হাইড্ৰ’জেন পেৰাক্সাইড গঠন হ’ব পাৰে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু