--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছত প্ৰকাশিত এক নতুন গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে পৃথিৱীত এক অনন্য স্ব-পৰিষ্কাৰ ব্যৱস্থা আছে, যি ব্যৱস্থা স্ম্পৰ্কে এতিয়ালৈকে বিজ্ঞান‌ বা বিজ্ঞানীসকল অজ্ঞাত আছিল।

পৃথিৱীত প্ৰদূষণ দ্ৰুতগতিত বিয়পি পৰিছে, মানুহৰ দ্বাৰা বিয়পি পৰা এই প্ৰদূষণে মানুহকে হত্যা কৰি আছে। এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পুনৰ সমগ্ৰ পৃথিৱীখন পৰিষ্কাৰ কৰাটো মানুহৰ নিয়ন্ত্ৰণত আছেনে, মানুহে কেতিয়াবা নিজৰ ভুলৰ বাবে বিয়পোৱা প্ৰদূষণৰ পৰা পৃথিৱীখনক মুক্ত কৰিবলৈ সক্ষম হ’বনে? কিন্ত  মানুহে এই কামটো কৰক বা নকৰক, পৃথিৱীয়ে নিজে নিজক পৰিষ্কাৰ কৰিব পাৰে। এক নতুন গৱেষণাৰ জৰিয়তে পোহৰলৈ আহিছে যে পৃথিৱীয়ে নিজেই পৰিষ্কাৰ কৰিব পাৰে।

নতুন গৱেষণাত কি কি উন্মোচিত হ’ল?
প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছত প্ৰকাশিত এক নতুন গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে পৃথিৱীত এক অনন্য স্ব-পৰিষ্কাৰ ব্যৱস্থা আছে, যিটো এতিয়ালৈকে বিজ্ঞানৰ বাবে অজ্ঞাত আছিল। এই ব্যৱস্থাৰ অধীনত বায়ুত উৎপন্ন হোৱা পানীৰ টোপালবোৰে নিজৰ পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ সৈতে মিলি এক শক্তিশালী বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰে, যাৰ ফলত OH অণু উৎপন্ন হয়। বিজ্ঞানীসকলৰ মতে এই OH অণুটোৱে প্ৰদূষক পদাৰ্থৰ সৈতে বিক্ৰিয়া কৰি বায়ুমণ্ডলৰ পৰা আঁতৰাই পেলোৱাৰ কাম কৰে।

এই অণুৱে বিষাক্ত গেছকো ধ্বংস কৰে
বিজ্ঞানীসকলৰ মতে এই OH অণুবোৰে বায়ুমণ্ডলত উপস্থিত বিষাক্ত গেছবোৰকো ধ্বংস কৰাৰ কাম কৰে। ইহঁতে প্ৰথমে বায়ুত ওপঙি থকা প্ৰদূষকবোৰৰ প্ৰতি বিক্ৰিয়া কৰি ভাঙি পেলায়, প্ৰদূষকবোৰ ভাঙি যোৱাৰ লগে লগে ইহঁতৰ ভিতৰত থকা চালফাৰ ডাই অক্সাইড আৰু নাইট্ৰিক অক্সাইডৰ দৰে বিষাক্ত গেছ বায়ুমণ্ডলৰ পৰা নোহোৱা হৈ যায়। বিজ্ঞানীসকলে এতিয়াও এই OH অণুটোৰ ওপৰত গৱেষণা কৰি আছে। উল্লেখযোগ্য যে প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছৰ গৱেষকসকলে কৰা এই গৱেষণা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে কৰা গৱেষণাৰ ভিত্তিত কৰা হৈছে, য’ত কোৱা হৈছিল যে পানীৰ টোপালৰ পৃষ্ঠত লগে লগে হাইড্ৰ’জেন পেৰাক্সাইড গঠন হ’ব পাৰে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক