--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঠেঙাল-কছাৰী সকলৰ সামগ্রিক উন্নয়নৰ বাবে গঠন কৰা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব। পৰিষদীয় নিৰ্বাচন ক কেন্দ্র কৰি ৰাজ্যত লাহে লাহে বলিছে নিৰ্বাচনী গৰম বতাহ। শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। সমানেই তৎপৰ হৈ পৰিছে প্ৰতিটো নিৰ্বাচনকে গুৰুত্ব দিয়া শাসকীয় দল বি জে পি। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত পৰিষদীয় নিৰ্বাচনক কেন্দ্র কৰি সঘনাই অনুষ্ঠিত হৈছে বৈঠক।

ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২২টা পৰিষদীয় সমষ্টিৰ ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইয়াৰে ২১ নং ৰূপহী গড়পাৰা পৰিষদীয় সমষ্টিত ভোটদানৰ পূর্বে বিৰোধী দলসমূহে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো চৰম লজ্জাৰ বিষয় হিচাপে পৰিগণিত হ’ব ।

সমষ্টিটোৰ পৰা কংগ্রেছৰ মৃদুপৱন বৰাই প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন-পত্ৰ দাখিল কৰিছিল। আৰু বিজেপিৰ দলীয় প্রার্থীগৰাকীৰ বিৰুদ্ধে তেওঁ আছিল একমাত্র প্ৰতিদ্বন্দী।

কিন্তু ৰহস্যজনকভাৱে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কংগ্রেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিজেপি ৰ দলীয় প্রার্থী ৰাজু শইকীয়াক ধেমাজি জিলা নিৰ্বাচনী আয়োগে বিজয়ী বুলি ঘোষণা কৰে। দলীয় প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাত বিজেপিৰ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ