--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঠেঙাল-কছাৰী সকলৰ সামগ্রিক উন্নয়নৰ বাবে গঠন কৰা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব। পৰিষদীয় নিৰ্বাচন ক কেন্দ্র কৰি ৰাজ্যত লাহে লাহে বলিছে নিৰ্বাচনী গৰম বতাহ। শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। সমানেই তৎপৰ হৈ পৰিছে প্ৰতিটো নিৰ্বাচনকে গুৰুত্ব দিয়া শাসকীয় দল বি জে পি। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত পৰিষদীয় নিৰ্বাচনক কেন্দ্র কৰি সঘনাই অনুষ্ঠিত হৈছে বৈঠক।

ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২২টা পৰিষদীয় সমষ্টিৰ ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইয়াৰে ২১ নং ৰূপহী গড়পাৰা পৰিষদীয় সমষ্টিত ভোটদানৰ পূর্বে বিৰোধী দলসমূহে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো চৰম লজ্জাৰ বিষয় হিচাপে পৰিগণিত হ’ব ।

সমষ্টিটোৰ পৰা কংগ্রেছৰ মৃদুপৱন বৰাই প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন-পত্ৰ দাখিল কৰিছিল। আৰু বিজেপিৰ দলীয় প্রার্থীগৰাকীৰ বিৰুদ্ধে তেওঁ আছিল একমাত্র প্ৰতিদ্বন্দী।

কিন্তু ৰহস্যজনকভাৱে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কংগ্রেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিজেপি ৰ দলীয় প্রার্থী ৰাজু শইকীয়াক ধেমাজি জিলা নিৰ্বাচনী আয়োগে বিজয়ী বুলি ঘোষণা কৰে। দলীয় প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাত বিজেপিৰ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু