--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আগন্তুক পঞ্জাৱ লোকসভা নিৰ্বাচন৷ ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন৷ বিগত নিৰ্বাচনত অৰ্থাৎ ২০১৭ ৰ পঞ্জাৱ বিধান সভা নিৰ্বাচনত, ভাৰতীয় জাতীয় কংগ্ৰেছে মুঠ ১১৭ খন আসনৰ ভিতৰত ৭৭ খন আসন লাভ কৰিছিল। এই বিশাল বিজয়ে শিৰোমণি অকালি দল (এছএডি) আৰু ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) মাজৰ শাসকীয় মিত্ৰতাক মাত্ৰ ১৮ খন আসনৰ সৈতে তৃতীয় স্থানলৈ অৱনমিত কৰিলে৷

মূলত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা পঞ্জাব, এতিয়া বিৰোধীৰ পক্ষৰ বাবে হৈ পৰিছে শেনচকু৷ চলে-বলে কৌশলে এতিয়া পঞ্জাবত কংগ্ৰেছক উফৰাই বিৰোধীয়ে চৰকাৰ গঠন কৰিবলৈ ৰণকৌশল চলাইছে৷ শেহতীয়াকৈ শিৰোমণি অকালি দলে ২০২০ বৰ্ষতে বিজেপিৰ ছত্ৰচায়াত ভাৰতীয় সংসদৰ দ্বাৰা গৃহীত হোৱা বিতৰ্কিত কৃষি বিধেয়কৰ বাবে দুটা দশকধৰি বিজেপিৰ সৈতে চলি থকা মিত্ৰতা ভংগ কৰে অকালি দলে।

ইফালে এইবাৰ কংগ্ৰেছৰো স্থিতি সন্তোষজনক নহয় বুলি বিবেচিত হৈছে, ২০২১ চনৰ ১৮ ছেপ্টেম্বৰত কংগ্ৰছৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছৰ আন সদস্যসকলৰ সৈতে মতভেদৰ বাবে পদত্যাগ কৰে। কংগ্ৰেছ দলটোৰ আভ্যন্তৰীণ কন্দলৰ সুযোগ ল’ব বিচাৰিছে এতিয়া বিৰোধী দলসমূহে৷

আজি পঞ্জাবত নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বন্যা বোৱাবলৈ ৰাওনা হ’ব নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ ফিৰোজপুৰ ভ্ৰমণ কৰিব আৰু ৪২,৭৫০ কোটিৰ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে; অমৃতসৰৰ চাৰি লেনিং - উনা শাখা; মুখেৰিয়ান - তলৱাৰা নিউ ব্ৰডগজ ৰেলপথ; প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ') মতে, ফিৰোজপুৰৰ পিজিআই উপগ্ৰহ কেন্দ্ৰ আৰু কাপুৰথালা আৰু হোচিয়াৰপুৰত দুখন নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লগতে ক’য় যে, সমগ্ৰ দেশতে যোগাযোগ উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত পঞ্জাবত একাধিক ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য ২০১৪ চনৰ পৰা প্ৰায় ১৭০০ কিলোমিটাৰৰ পৰা ২০২১ চনত ৪১০০ কিলোমিটাৰলৈ অৰ্থাৎ দুগুণতকৈও অধিক বৃদ্ধি হৈছে।

পিএমঅ'ৰ মতে, ৬৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে মুঠ ৩৯,৫০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। ই দিল্লীৰ পৰা অমৃতসৰ আৰু দিল্লীৰ পৰা কাটৰালৈ যাত্ৰা কালৰ সময় হ্ৰাস কৰিব। এক্সপ্ৰেছৱেটোৱে হাৰিয়ানা, চণ্ডিগড়, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ তিনিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্যৰ আম্বালা চণ্ডিগড়, মোহালি, চাংৰুৰ, পাটিয়ালা, লুধিয়ানা, জলন্ধৰ, কাপুৰথালা, কাঠুৱা আৰু চাম্বাৰ দৰে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰসমূহকো সংযোগ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে মুকেৰিয়ান আৰু তলৱাৰাৰ মাজত প্ৰায় ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ব্ৰডগজ ৰে'লপথৰ আধাৰশিলা স্থাপন কৰিব, যিটো প্ৰকল্প প্ৰায় ৪১০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো প্ৰান্ততে বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদানৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে পঞ্জাবৰ তিনিখন চহৰত নতুন চিকিৎসা আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰিব। ফিৰোজপুৰৰ ১০০ খন বিছনাযুক্ত চিকিৎসালয় ৪৯০ কোটি অধিক ব্যয়েৰে নিৰ্মাণ কৰিব৷ কাপুৰথালা আৰু হোচিয়াৰপুৰৰ দুখন চিকিৎসা মহাবিদ্যালয় প্ৰায় ৩২৫ কোটি ব্যয়েৰে আৰু প্ৰায় ১০০ খন বিছনা সুবিধাৰে নিৰ্মাণ কৰা হ'ব।

ভাৰতৰ সংসদে ২০২০ বৰ্ষৰ ১৭ ছেপ্টেম্বৰত লোকসভাত আৰু ২০ ছেপ্টেম্বৰ ২০২০ ত ৰাজ্যসভাত ৩ খন কৃষি কৃষি আইন গৃহীত কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০২০ চনৰ ২৭ ছেপ্টেম্বৰত এই আইনৰ সন্মতি প্ৰদান কৰে। ইয়াকে লৈ পঞ্জাবৰ কৃষকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই আইন আমি কোনা কাৰণতে মানি নলও বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল।

ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ নূলত পঞ্জাবৰ কৃষকসকলে এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল৷ কৃষকসকলক বিকৰ্কিত কৃষি আইনেৰে আঘাত সনা নৰেন্দ্ৰ মোদী চৰকাৰখনে এতিয়া দেশৰ কৃষকসকলক ভালৰি লগাবলৈ চৰকাৰে কৃষকৰ স্বাৰ্থত গ্ৰহণ কৰিছে কেতবোৰ উন্নয়নমূলক পদক্ষেপ৷ কৃষি প্ৰধান দেশখনৰ বাবে কৃষকসকলেই হ’ল মূল চালিকা শক্তি, চৰকাৰখনো ভালদৰে জ্ঞাত যে কৃষকসকলক কোনোবাখিনিত আঘাত সনা মানেই চৰকাৰখনৰে বৃহৎ ক্ষতি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু