--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰসকলৰ ভিতৰত উপাৰ্জনৰ ক্ষেত্ৰত বিৰাট কোহলী শীৰ্ষস্থানত আছে। কেইবাবছৰো বলিউডত দপদপাবলৈ সক্ষম হোৱা অনুষ্কা শৰ্মাৰো উপাৰ্জন অনেক। এই প্ৰতিবেদনতে চাও আহক  তাৰকা দম্পতীহালৰ সম্পত্তিৰ পৰিমাণ!

বিৰাট আৰু অনুষ্কাই মুম্বাইৰ ৱৰ্লিত থকা 'ওমকাৰ ১৯৭৩’ নামৰ তিনিটা টাৱাৰৰ কমপ্লেক্সত থাকে। তেওঁলোকৰ ঘৰ চি টাৱাৰৰ ৩৫ নং মহলাত। মুম্বাইৰ এই ফ্লেটটোৰ পৰা সাগৰৰ সুন্দৰ দৃশ্য দেখা যায়। বিৰাট আৰু অনুষ্কা দুয়োজনেই মাজে মাজে ইনষ্টাগ্ৰামত ফ্লেটৰ ছবি পোষ্ট কৰে। ৭,১৭১ বৰ্গফুটৰ এই ফ্লেটটো ক্ৰয় কৰিবলৈ বিৰাট আৰু অনুষ্কাই ৩৪ কোটি টকা খৰচ কৰিছিল।

মুম্বাইৰ অধিকাংশ প্রভাৱশালী লোকে আলিবাগ অঞ্চলত বিলাসী বাসগৃহ ক্ৰয় কৰে। ইয়াৰ ব্যতিক্ৰম নহয় বিৰাট আৰু অনুষ্কাও। আলিবাগত এটা দামী ফাৰ্ম হাউচ আছে দম্পত্তিটোৰ। মহামাৰীৰ সময়ত তাৰকা দম্পতীহালে ইয়াতে কটাইছিল। আলিবাগৰ এই ফাৰ্ম হাউচটো ক্ৰয় কৰিবলৈ বিৰাট আৰু অনুষ্কাই ২০ কোটি টকা খৰচ কৰিছিল।

বিৰাট আৰু অনুষ্কাই গুৰুগ্ৰামতো এটা দামী বাংলো ক্ৰয় কৰিছইল। পৰিয়ালকে ধৰি সকলোৱে বেছিভাগ সময় এই বাংলোতে কটায়। ১০ হাজাৰ বৰ্গফুটৰ এই বাংলোটোৰ বজাৰ মূল্য ৮০ কোটি।

অনুষ্কাই ৯ বছৰ অভিনয়ৰ অন্তত ব্যৱসায় আৰম্ভ কৰে। ২০১৭ চনত তেওঁ কাপোৰ বিক্ৰী কৰা কোম্পানী এটা প্ৰতিষ্ঠা কৰে। এই সংস্থাটোৰ মুঠ সম্পত্তি ৭০ কোটি টকা।

বিখ্যাত ব্ৰেণ্ডৰ ঘড়ী সংগ্ৰহ কৰি ভাল পায় বিৰাটে। ক্ৰিকেটাৰগৰাকীৰ বহু দামী ঘড়ী আছে যদিও তাৰ ভিতৰত এটা হৈছে ৰলেক্স ঘড়ী। Rolex Cosmograph Daytona Rainbow Everose Gold Watch ৰ বজাৰ মূল্য ৬৯ লাখ টকা। এই ঘড়ীৰ কেছত ৫৬টা ভিন্ন কাটি লোৱা হীৰা ছেট কৰা হৈছে।

বিৰাটৰ নামত আছে বেণ্টলি ফ্লাইং স্পাৰ ব্ৰেণ্ডৰ এখন বিলাসী গাড়ীও। ক্ৰিকেটাৰগৰাকীয়ে এই গাড়ীখন ক্ৰয় কৰিবলৈ ৩.৯৭ কোটি টকা খৰচ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক