--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰসকলৰ ভিতৰত উপাৰ্জনৰ ক্ষেত্ৰত বিৰাট কোহলী শীৰ্ষস্থানত আছে। কেইবাবছৰো বলিউডত দপদপাবলৈ সক্ষম হোৱা অনুষ্কা শৰ্মাৰো উপাৰ্জন অনেক। এই প্ৰতিবেদনতে চাও আহক  তাৰকা দম্পতীহালৰ সম্পত্তিৰ পৰিমাণ!

বিৰাট আৰু অনুষ্কাই মুম্বাইৰ ৱৰ্লিত থকা 'ওমকাৰ ১৯৭৩’ নামৰ তিনিটা টাৱাৰৰ কমপ্লেক্সত থাকে। তেওঁলোকৰ ঘৰ চি টাৱাৰৰ ৩৫ নং মহলাত। মুম্বাইৰ এই ফ্লেটটোৰ পৰা সাগৰৰ সুন্দৰ দৃশ্য দেখা যায়। বিৰাট আৰু অনুষ্কা দুয়োজনেই মাজে মাজে ইনষ্টাগ্ৰামত ফ্লেটৰ ছবি পোষ্ট কৰে। ৭,১৭১ বৰ্গফুটৰ এই ফ্লেটটো ক্ৰয় কৰিবলৈ বিৰাট আৰু অনুষ্কাই ৩৪ কোটি টকা খৰচ কৰিছিল।

মুম্বাইৰ অধিকাংশ প্রভাৱশালী লোকে আলিবাগ অঞ্চলত বিলাসী বাসগৃহ ক্ৰয় কৰে। ইয়াৰ ব্যতিক্ৰম নহয় বিৰাট আৰু অনুষ্কাও। আলিবাগত এটা দামী ফাৰ্ম হাউচ আছে দম্পত্তিটোৰ। মহামাৰীৰ সময়ত তাৰকা দম্পতীহালে ইয়াতে কটাইছিল। আলিবাগৰ এই ফাৰ্ম হাউচটো ক্ৰয় কৰিবলৈ বিৰাট আৰু অনুষ্কাই ২০ কোটি টকা খৰচ কৰিছিল।

বিৰাট আৰু অনুষ্কাই গুৰুগ্ৰামতো এটা দামী বাংলো ক্ৰয় কৰিছইল। পৰিয়ালকে ধৰি সকলোৱে বেছিভাগ সময় এই বাংলোতে কটায়। ১০ হাজাৰ বৰ্গফুটৰ এই বাংলোটোৰ বজাৰ মূল্য ৮০ কোটি।

অনুষ্কাই ৯ বছৰ অভিনয়ৰ অন্তত ব্যৱসায় আৰম্ভ কৰে। ২০১৭ চনত তেওঁ কাপোৰ বিক্ৰী কৰা কোম্পানী এটা প্ৰতিষ্ঠা কৰে। এই সংস্থাটোৰ মুঠ সম্পত্তি ৭০ কোটি টকা।

বিখ্যাত ব্ৰেণ্ডৰ ঘড়ী সংগ্ৰহ কৰি ভাল পায় বিৰাটে। ক্ৰিকেটাৰগৰাকীৰ বহু দামী ঘড়ী আছে যদিও তাৰ ভিতৰত এটা হৈছে ৰলেক্স ঘড়ী। Rolex Cosmograph Daytona Rainbow Everose Gold Watch ৰ বজাৰ মূল্য ৬৯ লাখ টকা। এই ঘড়ীৰ কেছত ৫৬টা ভিন্ন কাটি লোৱা হীৰা ছেট কৰা হৈছে।

বিৰাটৰ নামত আছে বেণ্টলি ফ্লাইং স্পাৰ ব্ৰেণ্ডৰ এখন বিলাসী গাড়ীও। ক্ৰিকেটাৰগৰাকীয়ে এই গাড়ীখন ক্ৰয় কৰিবলৈ ৩.৯৭ কোটি টকা খৰচ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু