--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে। ৩৬ বছৰীয়া ছানিয়া মিৰ্জাৰ এই ঘোষণাত দুখী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। শুকুৰবাৰে তেওঁ খেলিলে জীৱনৰ অন্তিমখন খেল। ডুবাইত আয়োজিত টুৰ্ণামেণ্টত শেষৰখন খেল খেলিলে ছানিয়াই। অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত ছানিয়া মিৰ্জা দুখত কাতৰ হৈ পৰে। ছানিয়া মিৰ্জাৰ ব্যক্তিগত জীৱনতো বহু ধুমুহা চলি থকাৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ মাজতে যদি তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত জয়ী হ’লহেঁতেন তেন্তে সেই ঘাঁবোৰ নিশ্চিতভাৱে অলপ হ’লেও ভাল হ’লহেঁতেন, কিন্তু সেয়া নহ’ল।

ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদৰ খবৰেও কিছুদিন পূৰ্বে তোলপাৰ লগাইছিল সংবাদ মাধ্যম। পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে ২০১০ চনত বিবাহপাশত আৱদ্ধ হৈছিল ছানিয়া। ছানিয়া ছোৱেইব মালিকৰ দ্বিতীয় পত্নী।

উল্লেখ্য যে ছোৱেইব মালিকৰ পূৰ্বে অন্য এজন যুৱকৰ সৈতে বিয়া ঠিক হৈছিল ছানিয়াৰ। ২০০৯ চনৰ ১০ জুলাইত বন্ধু ছোহৰাব মিৰ্জাৰ সৈতে এংগেজমেণ্ট হৈছিল ছানিয়াৰ। হায়দৰাবাদৰ মহম্মদ ছোহৰাব মিৰ্জাৰ পৰিয়ালটোক চহৰখনৰ প্ৰভাৱশালী লোকৰ ভিতৰত গণ্য কৰা হয় আৰু তেওঁলোকৰ এটা বেকাৰী কোম্পানী আছে।

ইউনিভাৰ্চেল বেকাৰছ চেইনৰ মালিক ছোহৰাব আৰু ছানিয়াৰ এংগেজমেণ্টে সেইসময়ত সংবাদ শিৰোনাম দখল কৰিছিল। দুয়োৰে পৰিয়াল এই সম্পৰ্কক লৈ বৰ সুখী হৈছিল কিন্তু ছমাহৰ পাছত এই এংগেজমেণ্ট ভাঙি গৈছিল। দুয়ো দুয়োকে বিয়া নপতাৰ সিদ্ধান্ত লয়। ছোহৰাব আৰু ছানিয়াৰ লগ হৈছিল হায়দৰাবাদৰ ছেইণ্ট মেৰী কলেজত, য’ত তেওঁলোকে আগতে পঢ়িছিল। দুয়োজনেই প্ৰায় পাঁচ বছৰ ধৰি ইজনে সিজনৰ বন্ধু আছিল। এই মহাবিদ্যালয়ত কমাৰ্চত অধ্যয়ন কৰাৰ পিছত ছোহৰাবে ব্ৰিটেইনৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে। এই সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত ছানিয়াই পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকক লগ পায় আৰু পাঁচ মাহ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পিছত দুয়োজনে বিবাহৰ সিদ্ধান্ত লয়।

ছানিয়াৰ প্ৰথমে ঠিক কৰা বিয়াখন কিয় ভাগিল সেই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল। সেই সন্দৰ্ভত কোনেও ভালদৰে মুখ খোলা নাছিল যদিও শুনিবলৈ পোৱা গৈছিল যে ছোহৰাব মিৰ্জাৰ পৰিয়ালে বিয়াৰ পিছত ছানিয়াই টেনিছ খেলাটো বিচৰা নাছিল। কিন্তু ছানিয়াৰ পিতৃ এই কথাটোৰ বাবে সাজু নাছিল। তেওঁ বিচৰা নাছিল যে তেওঁৰ ছোৱালীয়ে সৰুৰে পৰা ইমান কষ্ট কৰি গঢ়া কেৰিয়াৰটো বিয়াৰ পাছত শেষ কৰক। 

লগতে এইটোও শুনিবলৈ পোৱা গৈছিল যে ছোহৰাব ঠাণ্ডা আৰু লাজুকীয়া স্বভাৱৰ বাবে ছানিয়াই তেওঁক নিজৰ অধীনত ৰাখিব বিচাৰিছিল। এংগেজমেণ্টৰ পাছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হোৱা বুলিও শুনিবলৈ পোৱা গৈছিল। কাজিয়াৰ সময়ত উদ্ভৱ হোৱা কথাবোৰৰ পৰা টেনিছ তাৰকাগৰাকীয়ে বুজি পাইছিল যে এই বিয়া সম্ভৱ নহয়। সেয়ে ছানিয়া মিৰ্জাই মাত্ৰ ছমাহৰ পাছতে এই এংগেজমেণ্ট ভংগ কৰাৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু