--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে। ৩৬ বছৰীয়া ছানিয়া মিৰ্জাৰ এই ঘোষণাত দুখী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। শুকুৰবাৰে তেওঁ খেলিলে জীৱনৰ অন্তিমখন খেল। ডুবাইত আয়োজিত টুৰ্ণামেণ্টত শেষৰখন খেল খেলিলে ছানিয়াই। অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত ছানিয়া মিৰ্জা দুখত কাতৰ হৈ পৰে। ছানিয়া মিৰ্জাৰ ব্যক্তিগত জীৱনতো বহু ধুমুহা চলি থকাৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ মাজতে যদি তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত জয়ী হ’লহেঁতেন তেন্তে সেই ঘাঁবোৰ নিশ্চিতভাৱে অলপ হ’লেও ভাল হ’লহেঁতেন, কিন্তু সেয়া নহ’ল।

ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদৰ খবৰেও কিছুদিন পূৰ্বে তোলপাৰ লগাইছিল সংবাদ মাধ্যম। পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে ২০১০ চনত বিবাহপাশত আৱদ্ধ হৈছিল ছানিয়া। ছানিয়া ছোৱেইব মালিকৰ দ্বিতীয় পত্নী।

উল্লেখ্য যে ছোৱেইব মালিকৰ পূৰ্বে অন্য এজন যুৱকৰ সৈতে বিয়া ঠিক হৈছিল ছানিয়াৰ। ২০০৯ চনৰ ১০ জুলাইত বন্ধু ছোহৰাব মিৰ্জাৰ সৈতে এংগেজমেণ্ট হৈছিল ছানিয়াৰ। হায়দৰাবাদৰ মহম্মদ ছোহৰাব মিৰ্জাৰ পৰিয়ালটোক চহৰখনৰ প্ৰভাৱশালী লোকৰ ভিতৰত গণ্য কৰা হয় আৰু তেওঁলোকৰ এটা বেকাৰী কোম্পানী আছে।

ইউনিভাৰ্চেল বেকাৰছ চেইনৰ মালিক ছোহৰাব আৰু ছানিয়াৰ এংগেজমেণ্টে সেইসময়ত সংবাদ শিৰোনাম দখল কৰিছিল। দুয়োৰে পৰিয়াল এই সম্পৰ্কক লৈ বৰ সুখী হৈছিল কিন্তু ছমাহৰ পাছত এই এংগেজমেণ্ট ভাঙি গৈছিল। দুয়ো দুয়োকে বিয়া নপতাৰ সিদ্ধান্ত লয়। ছোহৰাব আৰু ছানিয়াৰ লগ হৈছিল হায়দৰাবাদৰ ছেইণ্ট মেৰী কলেজত, য’ত তেওঁলোকে আগতে পঢ়িছিল। দুয়োজনেই প্ৰায় পাঁচ বছৰ ধৰি ইজনে সিজনৰ বন্ধু আছিল। এই মহাবিদ্যালয়ত কমাৰ্চত অধ্যয়ন কৰাৰ পিছত ছোহৰাবে ব্ৰিটেইনৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে। এই সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত ছানিয়াই পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকক লগ পায় আৰু পাঁচ মাহ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পিছত দুয়োজনে বিবাহৰ সিদ্ধান্ত লয়।

ছানিয়াৰ প্ৰথমে ঠিক কৰা বিয়াখন কিয় ভাগিল সেই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল। সেই সন্দৰ্ভত কোনেও ভালদৰে মুখ খোলা নাছিল যদিও শুনিবলৈ পোৱা গৈছিল যে ছোহৰাব মিৰ্জাৰ পৰিয়ালে বিয়াৰ পিছত ছানিয়াই টেনিছ খেলাটো বিচৰা নাছিল। কিন্তু ছানিয়াৰ পিতৃ এই কথাটোৰ বাবে সাজু নাছিল। তেওঁ বিচৰা নাছিল যে তেওঁৰ ছোৱালীয়ে সৰুৰে পৰা ইমান কষ্ট কৰি গঢ়া কেৰিয়াৰটো বিয়াৰ পাছত শেষ কৰক। 

লগতে এইটোও শুনিবলৈ পোৱা গৈছিল যে ছোহৰাব ঠাণ্ডা আৰু লাজুকীয়া স্বভাৱৰ বাবে ছানিয়াই তেওঁক নিজৰ অধীনত ৰাখিব বিচাৰিছিল। এংগেজমেণ্টৰ পাছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হোৱা বুলিও শুনিবলৈ পোৱা গৈছিল। কাজিয়াৰ সময়ত উদ্ভৱ হোৱা কথাবোৰৰ পৰা টেনিছ তাৰকাগৰাকীয়ে বুজি পাইছিল যে এই বিয়া সম্ভৱ নহয়। সেয়ে ছানিয়া মিৰ্জাই মাত্ৰ ছমাহৰ পাছতে এই এংগেজমেণ্ট ভংগ কৰাৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক