--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৮ চনত প্ৰথম। ২০২৩ চনত দ্বিতীয়বাৰ। ভাৰতত একেৰাহে দুবাৰকৈ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত হৈছে। হকীৰ ইতিহাসত একেৰাহে দুটাকৈ বিশ্বকাপ আয়োজন কৰা প্ৰথমখন দেশ ভাৰত। দুয়োবাৰেই এই প্ৰতিযোগিতাখন উৰিষ্যাত অনুষ্ঠিত হৈছিল। ২০১৮ চনত ভুৱনেশ্বৰ আৰু ২০২৩ চনত ভুৱনেশ্বৰ আৰু ৰৌৰকেলাত অনুষ্ঠিত হ’ল এই বিশ্বকাপ।

আনহাতে, ভাৰতীয় হকী দলৰো পৃষ্ঠপোষকতা কৰে উৰিষ্যা চৰকাৰে। কিন্তু ভাৰতীয় হকীৰ উন্নতিৰ বাবে কিয় ইমান কষ্ট কৰিছে নবীন পাটনায়কৰ চৰকাৰে?  কিয় বাৰে বাৰে উৰিষ্যাত অনুষ্ঠিত হৈছে বিশ্বকাপ?

ৰাজ্যখনৰ পাঁচবাৰৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও স্কুলীয়া জীৱনত হকী খেলিছিল। সেয়েহে হকীৰ প্ৰতি তেওঁৰ প্ৰেম ৰৈ গ’ল। পাটনায়ক চৰকাৰে হকীত বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰিছে। উৰিষ্যাই সদায়েই প্ৰতিভাৱান হকী খেলুৱৈৰ সৃষ্টি কৰি আহিছে।

যোৱা দশকৰ আৰম্ভণিৰ পৰাই ৰাজ্য চৰকাৰে উৰিষ্যাত বৃৃহৎ হকী প্ৰতিযোগিতা আয়োজন কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছিল। চেম্পিয়নছ ট্ৰফী, হকী বিশ্বকাপৰ আয়োজন কৰা হয়। হকী ইণ্ডিয়া লীগো নিয়মীয়াকৈ খেলা হৈছিল। কলিংগা ষ্টেডিয়ামত এইসমূহ খেলা হৈ আহিছে।

২০১৮ চনত উৰিষ্যা চৰকাৰে ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলৰ পৃষ্ঠপোষকতা কৰিছিল। তাৰ বাবে বছৰি ১০০ কোটি টকা খৰচ কৰিছিল। সেই চুক্তি ২০২৩ চনলৈকে চলিব। কিন্তু চুক্তি ইয়াতেই শেষ নহয়। ২০৩৩ চনলৈকে ভাৰতীয় হকী দলৰ পৃষ্ঠপোষক হ’ব বিচাৰিছে উৰিষ্যাই। সেই সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে নেশ্যনেল হকী এছ’চিয়েশ্যনৰ সৈতে কথা পাতিছে।

এইবাৰৰ বিশ্বকাপৰ বাবে উৰিষ্যা চৰকাৰে ব্যয় কৰিছে ৬৭ কোটি টকা। ৰাজ্যখনৰ হকীৰ উন্নয়নৰ বাবে ২০২৩ চনত পাটনায়ক চৰকাৰে ২৬১ কোটি টকা ব্যয় কৰিছে। সেই ধন ব্যৱহাৰ কৰাত প্ৰশাসনে ডাঙৰ ভূমিকা লৈছে। এইবাৰ উৰিষ্যাৰ প্ৰতিখন গাঁৱৰ পঞ্চায়তত প্ৰদৰ্শন কৰা হৈছে বিশ্বকাপ।

উৰিষ্যাৰ ৬,৭৯৮ খন গাঁও পঞ্চায়তত ডাঙৰ পৰ্দা ওলোমাই খেলখন চোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। বেনাৰ আৰু পোষ্টাৰেৰে গাঁৱে গাঁৱে হকীৰ প্ৰচাৰ চলাইছে। এই অভিযানৰ বাবে প্ৰশাসনে প্ৰতিখন গাঁও পঞ্চায়তক ২০ হাজাৰ টকা প্ৰদান কৰিছে। সেই ধন ব্যৱহাৰ কৰা হৈছে নে নাই চাবলৈও নিৰীক্ষণ কৰা হৈছে।

ভৱিষ্যতে হকীৰ অধিক উন্নতিৰ বাবেও উৰিষ্যা চৰকাৰৰ পৰিকল্পনা আছে। ৰৌৰকেলাৰ সুন্দৰগড় জিলাত বীৰছা মুণ্ডা ষ্টেডিয়ামৰ দৰে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে।

২০২২ চনৰ এপ্ৰিল মাহত উৰিষ্যা চৰকাৰে ‘মো স্কুল হকী ক্লাব’ নামৰ এটা ক্লাব গঠন কৰে।  ৩০খন জিলাৰ প্ৰতিখন জিলাৰ পৰা ২৪ৰ পৰা ৩০জন ছাত্ৰ-ছাত্ৰীক তালৈ লৈ যোৱা হৈছে। তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। সৰুৰে পৰাই তেওঁলোকৰ খেলৰ যত্ন লৈছে চৰকাৰে।

উল্লেখ্য যে এই পৰ্যন্ত এই ৰাজ্যৰ ৬১ গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী দলত সুযোগ লাভ কৰিছে। ৯০ৰ দশকৰ দিলীপ তিৰ্কেৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ দলটোৰ অমিত ৰোহিদাসৰ দৰে তাৰকালৈকে সকলোৱেই উৰিষ্যাৰ।

ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়াবিধৰ প্ৰতি নবীন পাটনায়কৰ এই একান্ত প্ৰচেষ্টাত মুগ্ধ হৈ পৰিছে ক্ৰীড়াবিদসকলে। সকলোৱে তেওঁক প্ৰশংসা কৰিছে।

আনহাতে, নবীন পাটনায়কে হকী বিশ্বকাপ অনুষ্ঠিত কৰি কৈছে- "মই বিচাৰো যে হকীৰ প্ৰতি আকৰ্ষণ সমগ্ৰ দেশতে বিয়পি পৰে। হকীৰ সোণালী দিনবোৰ আকৌ ঘূৰি আহক। সকলো ৰাজ্যকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement