--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় চলচ্চিত্ৰ জগতত যেতিয়াই সৰ্বাধিক উপাৰ্জন কৰা অভিনেতাৰ নাম আহে তেতিয়াই অক্ষয় কুমাৰ, ছলমান খান, শ্বাহৰুখৰ দৰে অভিনেতাৰ নামহে আহে। কিন্তু কথাটো তেনেকুৱা নহয়। এইবাৰ বলীউডক পৰাস্ত কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ থালাপাথী বিজয়ে। তেওঁ কেৱল দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হোৱাই নহয় বৰং সৰ্ব ভাৰতৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেতা হিচাপে পৰিগণিত হৈছে।

থালাপাথী বিজয়ে ২০০ কোটি টকাৰ পাৰিশ্ৰামিক লাভ কৰা ছবিখনৰ আংশিক নামটো ‘থালাপথী ৬৮’ হিচাপে ৰখা হৈছে। এইখন বিজয়ৰ কেৰিয়াৰৰ ৬৮ সংখ্যক ছবি। শুনিবলৈ পোৱা অনুসৰি এইখন থালাপাথীৰ শেষ ছবিও বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ এই ছবিখনৰ পিছত তেওঁ ৰাজনীতিৰ জগতখনত ভৰি দিয়াৰ পৰিকল্পনা কৰিছে। কিন্তু এতিয়ালৈকে এই বিষয়ত থালাপথী বিজয়ৰ কোনো প্ৰতিক্ৰিয়া অহা নাই।

দুবছৰ আগলৈকে বিজয়ে তেওঁৰ ছবিৰ বাবে ১০০ কোটি টকা লৈছিল। কিন্তু, যেতিয়া তেওঁ নিজৰ ছবিয়ে বক্স অফিচত ভাল কাম কৰা দেখিছিল, তেতিয়া তেওঁৰ মাচুল দুগুণ কৰিলে। থালাপথী বিজয়ৰ পূৰ্বে দেশৰ কোনো অভিনেতাই এখন ছবিৰ বাবে ২০০ কোটি টকাৰ মাচুল লোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক