--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট, ২০০১ৰ চনৰ ১৪ মাৰ্চ। স্থানঃ কলকাতাৰ ইডেন গাৰ্ডেন অধিনায়ক সৌৰভ গাংগুলী বনাম ষ্টিভ ৱ’। ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে পাহৰিব নোৱাৰা এখন ঐতিহাসিক টেষ্ট।

চিৰঃস্মৰণীয় এই টেষ্টখনৰ সময়ত লাভ কৰা এক অভিজ্ঞতাৰ কথা সুঁৱৰিলে প্ৰাক্তন ক্ৰিকেটাৰ হেমাংগ বদানীয়ে। টেষ্টখনৰ চতুৰ্থ দিনৰ শেষত ভাৰতীয় দলটোৱে হোটেললৈ আহি দেখিলে যে তেওঁলোকৰ লাগেজ হোটেলৰ কোঠাত নাই!

টেষ্টখনত ভিভিএছ লক্ষ্মণ আৰু ৰাহুল দ্ৰাবিড়ে মেচ বিজয়ী ইনিংছ খেলিছিল। ভাৰতৰ দ্বিতীয় ইনিংছত তেওঁলোকৰ ৩৭৬ ৰানৰ যুটিয়ে ভাৰতৰ জয়ৰ পথ প্ৰশস্ত কৰে। হৰভজন সিঙে দিনটোৰ শেষৰ সময়খিনিত বাকীখিনি কাম কৰিলে।

সেই টেষ্টৰ তৃতীয় দিনৰ শেষত ভাৰতে ভাবিছিল যে চতুৰ্থ দিনতে খেল শেষ হ’ব। সেইবাবেই ভাৰতীয় দলটোৱে তেওঁলোকৰ লাগেজ বিমানবন্দৰলৈ পঠিয়াবলৈ ক’লে। ইডেনৰ পৰা পোনে পোনে বিমানবন্দৰলৈ যোৱাটো সৌৰভৰ দলৰ পৰিকল্পনা আছিল। 

সেই ঘটনাৰ ২২ বছৰৰ পাছত প্ৰাক্তন ক্ৰিকেটাৰ বদানীয়ে টুইট কৰি কয়, ''বহুতে নাজানে যে আমি সেই মেচখনৰ তৃতীয় দিনৰ দিনাই ছুটকেছবোৰ পেক কৰি থৈছিলো। পোনে পোনে বিমানবন্দৰলৈ যোৱাৰ কথা আছিল আৰু আমি বিমান ধৰিবলৈ পোনে পোনেই খেলপথাৰৰ পৰা ওলাই যাম। কিন্তু ৰাহুল আৰু লক্ষ্মণে গোটেই দিনটো বেটিং কৰিছিল। তেওঁলোক যাদুকৰ। চতুৰ্থ দিনৰ শেষত হোটেললৈ উভতি আহি দেখিলোঁ যে কোঠাটোত কাৰো ছুটকেছ নাই। আমি নিশা ৯ বজালৈকে জাৰ্চি পিন্ধি থাকিলোঁ। তাৰ পিছত বহুতে ৰাতিৰ আহাৰ খালে।”

উল্লেখ্যযোগ্য যে মেচখনৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰে। ষ্টীভ ৱ’ই ১১০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ১৭১ ৰানেৰে সমাপ্ত হয়। ফ'ল'-আপ কৰিবলগা হয় ভাৰতে। দ্বিতীয় ইনিংছত লক্ষ্মণে ২৮১ ৰান সংগ্ৰহ কৰে। দ্ৰাবিড়ে ১৮০ ৰান সংগ্ৰহ কৰে। ভাৰতে মুঠ ৬৫৭ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ সন্মুখত সৌৰভবাহিনীয়ে ৩৮৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। অষ্ট্ৰেলিয়াই ২১২ ৰান সংগ্ৰহ কৰিয়ে অল আউট হয়। হৰভজনে ৬ উইকেট দখল কৰে। টেষ্টত ভাৰতে ১৭১ ৰাণত জয়লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক