--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট, ২০০১ৰ চনৰ ১৪ মাৰ্চ। স্থানঃ কলকাতাৰ ইডেন গাৰ্ডেন অধিনায়ক সৌৰভ গাংগুলী বনাম ষ্টিভ ৱ’। ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে পাহৰিব নোৱাৰা এখন ঐতিহাসিক টেষ্ট।

চিৰঃস্মৰণীয় এই টেষ্টখনৰ সময়ত লাভ কৰা এক অভিজ্ঞতাৰ কথা সুঁৱৰিলে প্ৰাক্তন ক্ৰিকেটাৰ হেমাংগ বদানীয়ে। টেষ্টখনৰ চতুৰ্থ দিনৰ শেষত ভাৰতীয় দলটোৱে হোটেললৈ আহি দেখিলে যে তেওঁলোকৰ লাগেজ হোটেলৰ কোঠাত নাই!

টেষ্টখনত ভিভিএছ লক্ষ্মণ আৰু ৰাহুল দ্ৰাবিড়ে মেচ বিজয়ী ইনিংছ খেলিছিল। ভাৰতৰ দ্বিতীয় ইনিংছত তেওঁলোকৰ ৩৭৬ ৰানৰ যুটিয়ে ভাৰতৰ জয়ৰ পথ প্ৰশস্ত কৰে। হৰভজন সিঙে দিনটোৰ শেষৰ সময়খিনিত বাকীখিনি কাম কৰিলে।

সেই টেষ্টৰ তৃতীয় দিনৰ শেষত ভাৰতে ভাবিছিল যে চতুৰ্থ দিনতে খেল শেষ হ’ব। সেইবাবেই ভাৰতীয় দলটোৱে তেওঁলোকৰ লাগেজ বিমানবন্দৰলৈ পঠিয়াবলৈ ক’লে। ইডেনৰ পৰা পোনে পোনে বিমানবন্দৰলৈ যোৱাটো সৌৰভৰ দলৰ পৰিকল্পনা আছিল। 

সেই ঘটনাৰ ২২ বছৰৰ পাছত প্ৰাক্তন ক্ৰিকেটাৰ বদানীয়ে টুইট কৰি কয়, ''বহুতে নাজানে যে আমি সেই মেচখনৰ তৃতীয় দিনৰ দিনাই ছুটকেছবোৰ পেক কৰি থৈছিলো। পোনে পোনে বিমানবন্দৰলৈ যোৱাৰ কথা আছিল আৰু আমি বিমান ধৰিবলৈ পোনে পোনেই খেলপথাৰৰ পৰা ওলাই যাম। কিন্তু ৰাহুল আৰু লক্ষ্মণে গোটেই দিনটো বেটিং কৰিছিল। তেওঁলোক যাদুকৰ। চতুৰ্থ দিনৰ শেষত হোটেললৈ উভতি আহি দেখিলোঁ যে কোঠাটোত কাৰো ছুটকেছ নাই। আমি নিশা ৯ বজালৈকে জাৰ্চি পিন্ধি থাকিলোঁ। তাৰ পিছত বহুতে ৰাতিৰ আহাৰ খালে।”

উল্লেখ্যযোগ্য যে মেচখনৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰে। ষ্টীভ ৱ’ই ১১০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ১৭১ ৰানেৰে সমাপ্ত হয়। ফ'ল'-আপ কৰিবলগা হয় ভাৰতে। দ্বিতীয় ইনিংছত লক্ষ্মণে ২৮১ ৰান সংগ্ৰহ কৰে। দ্ৰাবিড়ে ১৮০ ৰান সংগ্ৰহ কৰে। ভাৰতে মুঠ ৬৫৭ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ সন্মুখত সৌৰভবাহিনীয়ে ৩৮৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। অষ্ট্ৰেলিয়াই ২১২ ৰান সংগ্ৰহ কৰিয়ে অল আউট হয়। হৰভজনে ৬ উইকেট দখল কৰে। টেষ্টত ভাৰতে ১৭১ ৰাণত জয়লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু