--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰেই শেষ? এইবাৰৰ আইপিএলেই শেষৰখন আইপিএল নেকি মহেন্দ্ৰ সিং ধোনীয়ে? ২০২৩ চনৰ আইপিএলত হালধিয়া জাৰ্চিত দেখা পোৱা নাযাব নেকি বিশ্বকাপজয়ী অধিনায়কজনক?

২০২২ চনৰ আই পি এলৰ শেষত মহেন্দ্ৰ সিং ধোনীয়ে ২০২৩ চনতো চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব বুলি কয়। ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। অনুশীলন আৰম্ভ কৰিছে ধোনীয়েও। কিন্তু অনুৰাগীসকলৰ মুখে মুখে এটাই কথা- ২০২৩ চনত পুনৰ দেখা পোৱা যাব নে ধোনীক? এই সন্দৰ্ভত প্ৰাক্তন সতীৰ্থ সুৰেশ ৰাইনাই মুকলিকৈ কৈছে।

দীৰ্ঘদিন ধৰি চেন্নাইৰ হৈ খেলি আহিছে ধোনী আৰু ৰাইনা। তেওঁ ধোনীক খুব ওচৰৰ পৰা দেখিছে। গতিকে ৰাইনাই তেওঁক কিছু পৰিমাণে চিনি পায়। কাটাৰৰ দোহাত অনুষ্ঠিত লিজেণ্ডছ লীগৰ সময়ত ৰাইনাই কয় যে ধোনীয়ে অহাবাৰো খেলিব পাৰে।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কিয় এই কথা কৈছে সেই কথাও বুজাই দিয়ে। ৰাইনাই ক'লে, "ধোনীক ফিট যেন লাগিছে। নেটতো ভাল বেটিং কৰি আছে। এইবাৰ ধোনীয়ে কেনে খেলে তাৰ ওপৰত নিৰ্ভৰ কৰি অহা বছৰ তেওঁ সিদ্ধান্ত ল’ব। কিন্তু গোটেই বছৰটো ক্ৰিকেট খেলিব নোৱাৰাৰ পিছতো ধোনীক আই পি এলৰ গতিৰ লগত খাপ খুৱাবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে।’’

মাৰ্চ মাহৰ আৰম্ভণিতে ধোনীয়ে চেন্নাইৰ চি এছ কে শিবিৰত যোগদান কৰে। তেওঁৰ নেটত বেটিং কৰা কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। তাত দেখা যায়, ধোনীয়ে দীঘলীয়া লং ছয় মাৰিছে। আই পি এলতো ধোনীয়ে এই ছন্দ বজাই ৰাখিব বুলি আশা কৰিছে ৰাইনাই। তেওঁ কয়, "ধোনীৰ প্ৰেকটিছ ভিডিঅ'টো সকলোৱে দেখিছে। আশাকৰোঁ আই পি এলৰ সময়ত তেওঁ এনেদৰে খেলিব। চেন্নাই দলটো এইবাৰ ভাল। ৰুতুৰাজ গাইকৱাদ, ডেভন কনৱে, ৰবীন্দ্ৰ জাডেজা, বেন ষ্ট’কছ, দীপক চহৰৰ দৰে ক্ৰিকেটাৰ। চেন্নাই আকৌ চেম্পিয়ন হ'ব পাৰে।''

এইবাৰৰ আই পি এল ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন খেলতে চেন্নাইয়ে খেলপথাৰত প্ৰৱেশ কৰিব। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব ধোনীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক