--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰেই শেষ? এইবাৰৰ আইপিএলেই শেষৰখন আইপিএল নেকি মহেন্দ্ৰ সিং ধোনীয়ে? ২০২৩ চনৰ আইপিএলত হালধিয়া জাৰ্চিত দেখা পোৱা নাযাব নেকি বিশ্বকাপজয়ী অধিনায়কজনক?

২০২২ চনৰ আই পি এলৰ শেষত মহেন্দ্ৰ সিং ধোনীয়ে ২০২৩ চনতো চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব বুলি কয়। ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। অনুশীলন আৰম্ভ কৰিছে ধোনীয়েও। কিন্তু অনুৰাগীসকলৰ মুখে মুখে এটাই কথা- ২০২৩ চনত পুনৰ দেখা পোৱা যাব নে ধোনীক? এই সন্দৰ্ভত প্ৰাক্তন সতীৰ্থ সুৰেশ ৰাইনাই মুকলিকৈ কৈছে।

দীৰ্ঘদিন ধৰি চেন্নাইৰ হৈ খেলি আহিছে ধোনী আৰু ৰাইনা। তেওঁ ধোনীক খুব ওচৰৰ পৰা দেখিছে। গতিকে ৰাইনাই তেওঁক কিছু পৰিমাণে চিনি পায়। কাটাৰৰ দোহাত অনুষ্ঠিত লিজেণ্ডছ লীগৰ সময়ত ৰাইনাই কয় যে ধোনীয়ে অহাবাৰো খেলিব পাৰে।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কিয় এই কথা কৈছে সেই কথাও বুজাই দিয়ে। ৰাইনাই ক'লে, "ধোনীক ফিট যেন লাগিছে। নেটতো ভাল বেটিং কৰি আছে। এইবাৰ ধোনীয়ে কেনে খেলে তাৰ ওপৰত নিৰ্ভৰ কৰি অহা বছৰ তেওঁ সিদ্ধান্ত ল’ব। কিন্তু গোটেই বছৰটো ক্ৰিকেট খেলিব নোৱাৰাৰ পিছতো ধোনীক আই পি এলৰ গতিৰ লগত খাপ খুৱাবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে।’’

মাৰ্চ মাহৰ আৰম্ভণিতে ধোনীয়ে চেন্নাইৰ চি এছ কে শিবিৰত যোগদান কৰে। তেওঁৰ নেটত বেটিং কৰা কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। তাত দেখা যায়, ধোনীয়ে দীঘলীয়া লং ছয় মাৰিছে। আই পি এলতো ধোনীয়ে এই ছন্দ বজাই ৰাখিব বুলি আশা কৰিছে ৰাইনাই। তেওঁ কয়, "ধোনীৰ প্ৰেকটিছ ভিডিঅ'টো সকলোৱে দেখিছে। আশাকৰোঁ আই পি এলৰ সময়ত তেওঁ এনেদৰে খেলিব। চেন্নাই দলটো এইবাৰ ভাল। ৰুতুৰাজ গাইকৱাদ, ডেভন কনৱে, ৰবীন্দ্ৰ জাডেজা, বেন ষ্ট’কছ, দীপক চহৰৰ দৰে ক্ৰিকেটাৰ। চেন্নাই আকৌ চেম্পিয়ন হ'ব পাৰে।''

এইবাৰৰ আই পি এল ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন খেলতে চেন্নাইয়ে খেলপথাৰত প্ৰৱেশ কৰিব। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব ধোনীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু