--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰ বনাম ছাকলাইন মুস্তাক। ক্ৰিকেটৰ ইতিহাসৰ অন্যতম উল্লেখযোগ্য প্ৰতিদ্বন্দী। ভাৰত আৰু পাকিস্তানৰ এই দুগৰাকী ক্ৰিকেটাৰে আগতে ইজনে সিজনক পৰাভূত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। ছাকলাইনৰ অফ স্পিন দুছৰাৰ বিৰুদ্ধে শচীনে সংগ্ৰাম কৰিছিল। অৱশ্যে শচীনে ছাকলাইনক বেটেৰে নহয়, এবাৰ শব্দৰ জালেৰে ফান্দত পেলাইছিল। পাকিস্তানৰ প্ৰাক্তন স্পিনাৰগৰাকীয়ে এইধৰণৰ এটা স্মৃতি সোঁৱৰণ কৰিছে।

এটা অনুষ্ঠানত ২৭ বছৰ আগৰ এই ঘটনাটো কৈছে ছাকলাইনে। ১৯৯৬ চনত কানাডাত অনুষ্ঠিত হোৱা চাহাৰা কাপত শচীনে তেওঁক কিদৰে বুৰ্বক কৰি তুলিছিল সেই কাহিনীটো ছাকলাইনে সোৱঁৰণ কৰে। তেওঁ কয়, “মই ভাবিছিলো ক্ৰিজত শচীনে স্থিতি লভাৰ পূৰ্বেই তেওঁক আউট কৰিম। গতিকে মই গৈ তেওঁক স্লেজ কৰিবলৈ ধৰিলো।’’

ছাকলাইনৰ শ্লেজিঙৰ উত্তৰত শচীনে যি কৰিলে তাৰ বাবে ছাকলাইন সাজু নাছিল। শচীনে আগবাঢ়ি আহি ছাকলাইনক ক’লে- ‘তোমাৰ পৰা এনেকুৱা কথা মই আশা কৰা নাছিলো। মই জানো তোমাৰ হৃদয়খন ধুনীয়া। মই ভবা নাছিলো তুমি এই কামটো কৰিবা।’

শচীনৰ কথাত ছাকলাইন বিভ্ৰান্ত হৈ পৰিল। ভাবিবলৈ ধৰিলে যে শচীনক স্লেজিং কৰি ভুল কৰিলে। গতিকে তেওঁ অলপ হতাশ হৈ পৰিছিল। তাৰেই সুযোগ ল’লে শচীনে। পিছৰ কেইটামান অভাৰত বহু ৰান সংগ্ৰহ কৰে ছাকলাইনৰ বলত।

খেলৰ পিছত শচীনৰ কৌশলবোৰ বুজি পালে ছাকলাইনে। তেওঁ ক'লে, "মই একো গম পোৱাৰ আগতেই শচীনৰ হাতখন ক্ৰিজত চেট হৈ গ'ল। তেওঁ মোৰ বলত এটাৰ পিছত এটাকৈ ডাঙৰ শ্বট মাৰি আছিল, আৰু মোৰ এনে লাগিল যেন কোনোবাই মোৰ গালত চৰ মাৰিছে। শচীনে মোক শব্দৰ জালত ধৰিলে। মই কথাটো ধৰিবই পৰা নাছিলো।''

খেল শেষ কৰিও ছাকলাইনে শচীনৰ ওচৰলৈ গৈ তেনেকৈ ক’লে। অৱশ্যে ইয়াৰ উত্তৰত শচীনে একো নক’লে। কেৱল হাঁহিলে। ২৭ বছৰৰ পাছতো সেই স্মৃতি প্ৰাক্তন পাক স্পিনাৰগৰাকীৰ বাবে সতেজ হৈ আছে। শচীনৰ কথাবোৰ পাহৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক