--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰ বনাম ছাকলাইন মুস্তাক। ক্ৰিকেটৰ ইতিহাসৰ অন্যতম উল্লেখযোগ্য প্ৰতিদ্বন্দী। ভাৰত আৰু পাকিস্তানৰ এই দুগৰাকী ক্ৰিকেটাৰে আগতে ইজনে সিজনক পৰাভূত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। ছাকলাইনৰ অফ স্পিন দুছৰাৰ বিৰুদ্ধে শচীনে সংগ্ৰাম কৰিছিল। অৱশ্যে শচীনে ছাকলাইনক বেটেৰে নহয়, এবাৰ শব্দৰ জালেৰে ফান্দত পেলাইছিল। পাকিস্তানৰ প্ৰাক্তন স্পিনাৰগৰাকীয়ে এইধৰণৰ এটা স্মৃতি সোঁৱৰণ কৰিছে।

এটা অনুষ্ঠানত ২৭ বছৰ আগৰ এই ঘটনাটো কৈছে ছাকলাইনে। ১৯৯৬ চনত কানাডাত অনুষ্ঠিত হোৱা চাহাৰা কাপত শচীনে তেওঁক কিদৰে বুৰ্বক কৰি তুলিছিল সেই কাহিনীটো ছাকলাইনে সোৱঁৰণ কৰে। তেওঁ কয়, “মই ভাবিছিলো ক্ৰিজত শচীনে স্থিতি লভাৰ পূৰ্বেই তেওঁক আউট কৰিম। গতিকে মই গৈ তেওঁক স্লেজ কৰিবলৈ ধৰিলো।’’

ছাকলাইনৰ শ্লেজিঙৰ উত্তৰত শচীনে যি কৰিলে তাৰ বাবে ছাকলাইন সাজু নাছিল। শচীনে আগবাঢ়ি আহি ছাকলাইনক ক’লে- ‘তোমাৰ পৰা এনেকুৱা কথা মই আশা কৰা নাছিলো। মই জানো তোমাৰ হৃদয়খন ধুনীয়া। মই ভবা নাছিলো তুমি এই কামটো কৰিবা।’

শচীনৰ কথাত ছাকলাইন বিভ্ৰান্ত হৈ পৰিল। ভাবিবলৈ ধৰিলে যে শচীনক স্লেজিং কৰি ভুল কৰিলে। গতিকে তেওঁ অলপ হতাশ হৈ পৰিছিল। তাৰেই সুযোগ ল’লে শচীনে। পিছৰ কেইটামান অভাৰত বহু ৰান সংগ্ৰহ কৰে ছাকলাইনৰ বলত।

খেলৰ পিছত শচীনৰ কৌশলবোৰ বুজি পালে ছাকলাইনে। তেওঁ ক'লে, "মই একো গম পোৱাৰ আগতেই শচীনৰ হাতখন ক্ৰিজত চেট হৈ গ'ল। তেওঁ মোৰ বলত এটাৰ পিছত এটাকৈ ডাঙৰ শ্বট মাৰি আছিল, আৰু মোৰ এনে লাগিল যেন কোনোবাই মোৰ গালত চৰ মাৰিছে। শচীনে মোক শব্দৰ জালত ধৰিলে। মই কথাটো ধৰিবই পৰা নাছিলো।''

খেল শেষ কৰিও ছাকলাইনে শচীনৰ ওচৰলৈ গৈ তেনেকৈ ক’লে। অৱশ্যে ইয়াৰ উত্তৰত শচীনে একো নক’লে। কেৱল হাঁহিলে। ২৭ বছৰৰ পাছতো সেই স্মৃতি প্ৰাক্তন পাক স্পিনাৰগৰাকীৰ বাবে সতেজ হৈ আছে। শচীনৰ কথাবোৰ পাহৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু