--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতে। কিন্তু পৰাজয়বৰণ কৰিছিল অষ্ট্ৰেলিয়াৰ হাতত। নিৰাশ হৈছিল সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়া।

প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল শচীন টেণ্ডুলকাৰে। কিন্তু সমগ্ৰ বিশ্বকাপৰ সময়ছোৱাত তেওঁ এবাৰো নেটত অনুশীলন কৰা নাছিল।

শচীনৰ ৫০ সংখ্যক জন্মদিনৰ আগেয়ে এই আশ্চৰ্যজনক তথ্য প্ৰকাশ কৰিছে বিশ্বকাপৰ সতীৰ্থ হৰভজন সিঙে। সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়- ''শচীন কিমান মহান প্ৰতিভা,  সেই কথা বুজাবলৈ মই এটা কাহিনী ক’ব পাৰো। ২০০৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত সমগ্ৰ বিশ্বকাপত শচীনে এবাৰো নেটত বেটিং কৰা নাছিল।’’

হৰভজনে কয়- ''সেই বিশ্বকাপত ভাৰতৰ বলিং বিভাগে ভাল খেল প্ৰদৰ্শন কৰিছিল। কিন্তু জাভাগল শ্ৰীনাথ, আশীষ নেহৰা, জহীৰ খান, অনিল কুম্বলে বা মই কেতিয়াও তেওঁক নেটত বল কৰা নাছিলো।"

নেট প্ৰেক্টিছ নকৰাকৈয়ে শচীনে কেনেকৈ প্ৰস্তুতি চলাইছিল? হৰভজনে কয়, “তেতিয়া বলিং বিশ্লেষণৰ বাবে কম্পিউটাৰৰো বহুল সুবিধা নাছিল। কিন্তু শচীনে বলাৰক কেনেকৈ চম্ভালিব লাগে জানিছিল।"

শচীনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হৰভজন। তেওঁ কয়- ''খেলপথাৰত আৰু খেলপথাৰৰ বাহিৰত শচীনৰ বিভিন্ন কাহিনী মোৰ স্মৃতিত ভৰি আছে।  শচীন  নিখুঁত ক্ৰিকেটাৰ নহয়। কিন্তু নিখুঁতৰ আটাইতকৈ ওচৰ চপা ক্ৰিকেটাৰ। ব্যক্তি হিচাপে তেওঁ সকলোৰে বাবে আদৰ্শ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ