--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতে। কিন্তু পৰাজয়বৰণ কৰিছিল অষ্ট্ৰেলিয়াৰ হাতত। নিৰাশ হৈছিল সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়া।

প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল শচীন টেণ্ডুলকাৰে। কিন্তু সমগ্ৰ বিশ্বকাপৰ সময়ছোৱাত তেওঁ এবাৰো নেটত অনুশীলন কৰা নাছিল।

শচীনৰ ৫০ সংখ্যক জন্মদিনৰ আগেয়ে এই আশ্চৰ্যজনক তথ্য প্ৰকাশ কৰিছে বিশ্বকাপৰ সতীৰ্থ হৰভজন সিঙে। সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়- ''শচীন কিমান মহান প্ৰতিভা,  সেই কথা বুজাবলৈ মই এটা কাহিনী ক’ব পাৰো। ২০০৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত সমগ্ৰ বিশ্বকাপত শচীনে এবাৰো নেটত বেটিং কৰা নাছিল।’’

হৰভজনে কয়- ''সেই বিশ্বকাপত ভাৰতৰ বলিং বিভাগে ভাল খেল প্ৰদৰ্শন কৰিছিল। কিন্তু জাভাগল শ্ৰীনাথ, আশীষ নেহৰা, জহীৰ খান, অনিল কুম্বলে বা মই কেতিয়াও তেওঁক নেটত বল কৰা নাছিলো।"

নেট প্ৰেক্টিছ নকৰাকৈয়ে শচীনে কেনেকৈ প্ৰস্তুতি চলাইছিল? হৰভজনে কয়, “তেতিয়া বলিং বিশ্লেষণৰ বাবে কম্পিউটাৰৰো বহুল সুবিধা নাছিল। কিন্তু শচীনে বলাৰক কেনেকৈ চম্ভালিব লাগে জানিছিল।"

শচীনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হৰভজন। তেওঁ কয়- ''খেলপথাৰত আৰু খেলপথাৰৰ বাহিৰত শচীনৰ বিভিন্ন কাহিনী মোৰ স্মৃতিত ভৰি আছে।  শচীন  নিখুঁত ক্ৰিকেটাৰ নহয়। কিন্তু নিখুঁতৰ আটাইতকৈ ওচৰ চপা ক্ৰিকেটাৰ। ব্যক্তি হিচাপে তেওঁ সকলোৰে বাবে আদৰ্শ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ