--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ২৭ এপ্ৰিলত জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছ (আৰ আৰ)য়ে।যোৱা দুখন খেলত একেৰাহে দুখনকৈ পৰাজয়ৰ পিছত আৰ আৰয়ে পুনৰ জয়ৰ পথত আগবাঢ়িবলৈ বিচাৰিব। সঞ্জু চেমছন নেতৃত্বাধীন দলটোৱে এই পৰ্যন্ত ৭খন খেলৰ ভিতৰত চাৰিখন জয়ৰ বিপৰীতে তিনিখন খেলত পৰাস্ত হৈছে।

এছ আৰ এইচৰ বিৰুদ্ধে ছিজনৰ প্ৰথমখন খেলত আৰ আৰে আধিপত্য বিস্তাৰ কৰিছিল যদিও দ্বিতীয়খন খেলত পি বি কে এছৰ হাতত ৫ ৰাণত পৰাস্ত হৈছিল। পঞ্জাব কিংছৰ বিৰুদ্ধে পৰাজয়ৰ পৰা উভতি আহি গুৱাহাটীত দিল্লী কেপিটেলছক ৫৭ ৰানত পৰাস্ত কৰে ৰয়েলছ দলে। ৰিভাৰ্ছ ফিক্সাৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত ৰাজস্থান ৰয়েলে চেন্নাই ছুপাৰ কিংছক ৩ ৰাণত পৰাস্ত কৰে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বর্তমানৰ চেম্পিয়ন গুজৰাট টাইটানছক ৩ উইকেটত পৰাস্ত কৰি আৰ আৰ এ একেৰাহে তিনিটা জয় লাভ কৰে৷ এই ছিজনত জয়পুৰত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত আৰ আৰ এল এছ জিৰ হাতত সংকীৰ্ণভাৱে পৰাস্ত হয় কাৰণ এল এছ জিৰ অনুশাসিত বলিং ইউনিটে আৰ আৰক ১৫৫ ৰানৰ লক্ষ্যত উপনীত হোৱাত বাধা দিছিল আৰু অৱশেষত আৰ আৰ ১০ ৰানত খেলখন হেৰুৱাইছিল। যোৱা টাইম আউটত বাংগালুৰুত ১৯০ ৰানৰ লক্ষ্য খেদিব নোৱাৰাৰ বাবে আৰ চি বিৰ হাতত ৭ ৰানত পৰাস্ত হৈছিল।

আজি আৰ আৰে তেওঁলোকৰ ইমপেক্ট প্লেয়াৰ বিকল্পৰ বাবে ৰিয়ান পৰাগ, এম অশ্বিন, কুলদীপ সেনৰ ওপৰত নিৰ্ভৰ কৰিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ