--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগীন্দৰ শৰ্মাক মনত আছেনে? দেশৰ তাৰকা ক্ৰিকেটাৰসকলৰ মাজত স্থান নাপালেও এই অলৰাউণ্ডাৰগৰাকীৰ বাবেই প্ৰথমটো টি২০ বিশ্বকাপ জয় কৰিছিল টীম ইণ্ডিয়াই! হয়, ২০০৭ চনৰ বিশ্বকাপৰ অন্যতম নায়ক এই যোগীন্দৰ শৰ্মা। পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলৰ শেষ অভাৰত কৰা তেওঁৰ বলিঙক এতিয়াও মনত পেলায় ক্ৰিকেটপ্ৰেমীসকলে। তেওঁৰ প্ৰদৰ্শনৰ বাবেই শেষ হাঁহি মাৰে মহেন্দ্ৰ সিং ধোনী বাহিনীয়ে।

এতিয়া ক্ৰিকেট নেখেলে শৰ্মাই। সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে যোগীন্দৰ শৰ্মাই। বিশ্বকাপত সফলতা লাভ কৰিয়েই যোগীন্দৰে হাৰিয়ানা পুলিচত চাকৰি পাইছিল। তাতে এতিয়াও তেওঁ কাম কৰি আছে। তেওঁ আৰক্ষীৰ ভূমিকাত সাধাৰণ মানুহক সহায় কৰি আহিছে। ক’ভিডৰ সময়তো ব্যাপক কাৰ্যপন্থা হাতত লৈছিল।

২০০৭ চনৰ সেই ফাইনেলত যোগীন্দৰ শৰ্মাই মিছবাহ উল হকৰ উইকেট দখল কৰিছিল। যিয়ে ভাৰতলৈ লৈ আহিছিল বিশ্বকাপ। যোগীন্দৰে এবাৰ কৈছিল, "মই ভাৰতৰ হৈ খেলিবলৈ সক্ষম হ’লো। ২০০২ চনৰ পৰা ২০১৭ চনলৈ ক্ৰিকেট খেলিছিলো। এইখিনিয়েই মোৰ জীৱনৰ আটাইতকৈ ভাল সময় আছিল। সকলো সতীৰ্থ, প্ৰশিক্ষক আৰু গুৰুলৈ ধন্যবাদ। আপোনালোকৰ লগত খেলিবলৈ পাই ধন্য মানিলো। মোৰ সপোন বাস্তৱায়িত হ’ল।’’

উল্লেখ্য যে যোগীন্দৰে ভাৰতৰ হৈ মাত্ৰ ৮ খন মেচ খেলিছিল। ৪ খন এদিনীয়া আৰু ৪ খন টি-২০। তেওঁ ২০০৪ চনৰ পৰা ২০০৭ চনলৈ ভাৰতীয় দলত এই ৮ খন খেল খেলাৰ সুযোগ পাইছিল। আই পি এলতো তেওঁ ধোনীৰ দলত আছিল। যোগীন্দৰে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল। আইপিএলৰ ১৬খন মেচত তেওঁ ১২টা উইকেট দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু