--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগীন্দৰ শৰ্মাক মনত আছেনে? দেশৰ তাৰকা ক্ৰিকেটাৰসকলৰ মাজত স্থান নাপালেও এই অলৰাউণ্ডাৰগৰাকীৰ বাবেই প্ৰথমটো টি২০ বিশ্বকাপ জয় কৰিছিল টীম ইণ্ডিয়াই! হয়, ২০০৭ চনৰ বিশ্বকাপৰ অন্যতম নায়ক এই যোগীন্দৰ শৰ্মা। পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলৰ শেষ অভাৰত কৰা তেওঁৰ বলিঙক এতিয়াও মনত পেলায় ক্ৰিকেটপ্ৰেমীসকলে। তেওঁৰ প্ৰদৰ্শনৰ বাবেই শেষ হাঁহি মাৰে মহেন্দ্ৰ সিং ধোনী বাহিনীয়ে।

এতিয়া ক্ৰিকেট নেখেলে শৰ্মাই। সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে যোগীন্দৰ শৰ্মাই। বিশ্বকাপত সফলতা লাভ কৰিয়েই যোগীন্দৰে হাৰিয়ানা পুলিচত চাকৰি পাইছিল। তাতে এতিয়াও তেওঁ কাম কৰি আছে। তেওঁ আৰক্ষীৰ ভূমিকাত সাধাৰণ মানুহক সহায় কৰি আহিছে। ক’ভিডৰ সময়তো ব্যাপক কাৰ্যপন্থা হাতত লৈছিল।

২০০৭ চনৰ সেই ফাইনেলত যোগীন্দৰ শৰ্মাই মিছবাহ উল হকৰ উইকেট দখল কৰিছিল। যিয়ে ভাৰতলৈ লৈ আহিছিল বিশ্বকাপ। যোগীন্দৰে এবাৰ কৈছিল, "মই ভাৰতৰ হৈ খেলিবলৈ সক্ষম হ’লো। ২০০২ চনৰ পৰা ২০১৭ চনলৈ ক্ৰিকেট খেলিছিলো। এইখিনিয়েই মোৰ জীৱনৰ আটাইতকৈ ভাল সময় আছিল। সকলো সতীৰ্থ, প্ৰশিক্ষক আৰু গুৰুলৈ ধন্যবাদ। আপোনালোকৰ লগত খেলিবলৈ পাই ধন্য মানিলো। মোৰ সপোন বাস্তৱায়িত হ’ল।’’

উল্লেখ্য যে যোগীন্দৰে ভাৰতৰ হৈ মাত্ৰ ৮ খন মেচ খেলিছিল। ৪ খন এদিনীয়া আৰু ৪ খন টি-২০। তেওঁ ২০০৪ চনৰ পৰা ২০০৭ চনলৈ ভাৰতীয় দলত এই ৮ খন খেল খেলাৰ সুযোগ পাইছিল। আই পি এলতো তেওঁ ধোনীৰ দলত আছিল। যোগীন্দৰে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল। আইপিএলৰ ১৬খন মেচত তেওঁ ১২টা উইকেট দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক