--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয়  জিমনাষ্ট দীপা কৰ্মকাৰক ডোপ পৰীক্ষাত বিফল হোৱাৰ বাবে কঠোৰ শাস্তি বিহা  হৈছে। ভাৰতীয় জিমনাষ্টগৰাকীক ২১ মাহৰ বাবে নিষিদ্ধ কৰা হৈছে। তেওঁক ইন্টাৰনেছনেল  টেস্টিং এজেন্সিয়ে এই  শাস্তি বিহাৰ কথা ঘোষণা কৰিছে৷ দীপাই ২০২১ চনৰ অক্টোবৰৰ পৰা কোনো খেলত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। 

খেলুৱৈগৰাকীৰ বিৰুদ্ধে ঘোষণা কৰা শাস্তি জুলাই ২০২৩ লৈকে বলবৎ থাকিব। কাৰণ তেওঁ ইতিমধ্যেই কোনো খেলত ভাগ লোৱাৰ পৰা আঁতৰি আছে৷ দীপাই এই সময়ছোৱাত ভাৰতৰ হৈ কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব।

আই.টি.এ.-ৰ মতে, দীপাৰ শৰীৰত হাইজিনমাইন নামৰ এটা নিষিদ্ধ পদাৰ্থ পোৱা গৈছে। ২০২১ চনত ফেডাৰেচন ইণ্টাৰনেচনেল ডি জিমনাষ্টিকছ (এফআইজি)ৰ দ্বাৰা কৰা পৰীক্ষাতো একে পদাৰ্থই পোৱা গৈছিল। দীপাক ২০২১  চনৰ ১১ অক্টোবৰৰ পৰা খেলৰ  পৰা নিৰ্বাসিত কৰা হৈছিল। আইটিএয়ে পিছত দীপাৰ নমুনা পৰীক্ষা কৰিছিল।উল্লেখ্য হাইজিনমাইন নামৰ  এই পদাৰ্থবিধে হাঁওফাঁওত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

 যিহেতু দীপাই ইতিমধ্যে ১৬  মাহৰ নিৰ্বাসন সম্পূৰ্ণ কৰিছে, তেওঁ আৰু পাঁচ মাহ শাস্তি ভোগ কৰিব লাগিব৷   সেয়ে দীপাৰ ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰাত কোনো সমস্যা নহ'ব ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন