--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয়  জিমনাষ্ট দীপা কৰ্মকাৰক ডোপ পৰীক্ষাত বিফল হোৱাৰ বাবে কঠোৰ শাস্তি বিহা  হৈছে। ভাৰতীয় জিমনাষ্টগৰাকীক ২১ মাহৰ বাবে নিষিদ্ধ কৰা হৈছে। তেওঁক ইন্টাৰনেছনেল  টেস্টিং এজেন্সিয়ে এই  শাস্তি বিহাৰ কথা ঘোষণা কৰিছে৷ দীপাই ২০২১ চনৰ অক্টোবৰৰ পৰা কোনো খেলত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। 

খেলুৱৈগৰাকীৰ বিৰুদ্ধে ঘোষণা কৰা শাস্তি জুলাই ২০২৩ লৈকে বলবৎ থাকিব। কাৰণ তেওঁ ইতিমধ্যেই কোনো খেলত ভাগ লোৱাৰ পৰা আঁতৰি আছে৷ দীপাই এই সময়ছোৱাত ভাৰতৰ হৈ কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব।

আই.টি.এ.-ৰ মতে, দীপাৰ শৰীৰত হাইজিনমাইন নামৰ এটা নিষিদ্ধ পদাৰ্থ পোৱা গৈছে। ২০২১ চনত ফেডাৰেচন ইণ্টাৰনেচনেল ডি জিমনাষ্টিকছ (এফআইজি)ৰ দ্বাৰা কৰা পৰীক্ষাতো একে পদাৰ্থই পোৱা গৈছিল। দীপাক ২০২১  চনৰ ১১ অক্টোবৰৰ পৰা খেলৰ  পৰা নিৰ্বাসিত কৰা হৈছিল। আইটিএয়ে পিছত দীপাৰ নমুনা পৰীক্ষা কৰিছিল।উল্লেখ্য হাইজিনমাইন নামৰ  এই পদাৰ্থবিধে হাঁওফাঁওত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

 যিহেতু দীপাই ইতিমধ্যে ১৬  মাহৰ নিৰ্বাসন সম্পূৰ্ণ কৰিছে, তেওঁ আৰু পাঁচ মাহ শাস্তি ভোগ কৰিব লাগিব৷   সেয়ে দীপাৰ ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰাত কোনো সমস্যা নহ'ব ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement