--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ শ্বাহিদ আফ্ৰিদিৰ কন্যা আনছাৰ সৈতে বাগ্দান সম্পন্ন হৈছিল শ্বাহিন আফ্ৰিডিৰ। তাৰ এবছৰৰ ভিতৰতে বিয়া হৈ গ’ল পাকিস্তানৰ তাৰকা ফাষ্ট বলাৰগৰাকীৰ।

শুকুৰবাৰে কৰাচীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আনছা-শ্বাহিনৰ চাৰিখন হাত একত্ৰিত হয়। অনুষ্ঠানত অতিথি হিচাপে সমবেত হৈছিল কেইবাজনো উল্লেখযোগ্য লোক।

বিয়াৰ আগৰ পৰাই আনছাৰ প্ৰেমত পৰিছিল শ্বাহীন। কিন্তু শ্বাহীনে নিজে শহুৰেক তথা প্ৰাক্তন তাৰকা শ্বাহিদ আফ্ৰিদিক সেই কথা পৰা নাছিল।

সংবাদ মাধ্যমৰ মতে, শ্বাহীনৰ পৰিয়ালৰ লোকে আনছাক বোৱাৰী হিচাপে পাবলৈ আগুৱাই আহে। ইয়াৰ পিছতে ২০২২ চনৰ ৩ ফেব্ৰুৱাৰীত তেওঁলোকৰ এংগেজমেণ্ট হয়।

মেডিকেলৰ ছাত্ৰী আনছাৰ সৈতে হোৱা বিবাহৰ কথা সকলোকে কোৱা নাছিল শ্বাহীনে। কিন্তু কেনেবাকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰিল তেওঁলোকৰ বিবাহৰ কথা। ভাইৰেল হৈ পৰিল বিয়াৰ ছৱিসমূহ।

শ্বাহীন-আনছা বিয়াৰ ছবি শ্বেয়াৰ কৰাসকলক শ্বাহীনে শনিবাৰে টুইট কৰি কয় যে, "বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ গোপনীয়তা উলংঘন কৰা হৈছে। ই অতি হতাশাজনক। কোনো অনুমতি অবিহনে মানুহে ছৱিসমূহ শ্বেয়াৰ কৰি আছে। সকলোকে বিনম্ৰ অনুৰোধ জনাইছো, সহযোগ কৰক আৰু আমাৰ স্মৰণীয় দিনটো নষ্ট নকৰিব।''

কিন্তু ইতিমধ্যে ছৱিসমূহ ভাইৰেল হৈ পৰিছে। পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ ফখৰ জামানৰ পৰা সৰফৰাজ আহমেদলৈকে সকলোৱে বিয়াখনত উলহ মালহৰ মাজত কটোৱা সেইসমূহ দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক