--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ শ্বাহিদ আফ্ৰিদিৰ কন্যা আনছাৰ সৈতে বাগ্দান সম্পন্ন হৈছিল শ্বাহিন আফ্ৰিডিৰ। তাৰ এবছৰৰ ভিতৰতে বিয়া হৈ গ’ল পাকিস্তানৰ তাৰকা ফাষ্ট বলাৰগৰাকীৰ।

শুকুৰবাৰে কৰাচীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আনছা-শ্বাহিনৰ চাৰিখন হাত একত্ৰিত হয়। অনুষ্ঠানত অতিথি হিচাপে সমবেত হৈছিল কেইবাজনো উল্লেখযোগ্য লোক।

বিয়াৰ আগৰ পৰাই আনছাৰ প্ৰেমত পৰিছিল শ্বাহীন। কিন্তু শ্বাহীনে নিজে শহুৰেক তথা প্ৰাক্তন তাৰকা শ্বাহিদ আফ্ৰিদিক সেই কথা পৰা নাছিল।

সংবাদ মাধ্যমৰ মতে, শ্বাহীনৰ পৰিয়ালৰ লোকে আনছাক বোৱাৰী হিচাপে পাবলৈ আগুৱাই আহে। ইয়াৰ পিছতে ২০২২ চনৰ ৩ ফেব্ৰুৱাৰীত তেওঁলোকৰ এংগেজমেণ্ট হয়।

মেডিকেলৰ ছাত্ৰী আনছাৰ সৈতে হোৱা বিবাহৰ কথা সকলোকে কোৱা নাছিল শ্বাহীনে। কিন্তু কেনেবাকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰিল তেওঁলোকৰ বিবাহৰ কথা। ভাইৰেল হৈ পৰিল বিয়াৰ ছৱিসমূহ।

শ্বাহীন-আনছা বিয়াৰ ছবি শ্বেয়াৰ কৰাসকলক শ্বাহীনে শনিবাৰে টুইট কৰি কয় যে, "বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ গোপনীয়তা উলংঘন কৰা হৈছে। ই অতি হতাশাজনক। কোনো অনুমতি অবিহনে মানুহে ছৱিসমূহ শ্বেয়াৰ কৰি আছে। সকলোকে বিনম্ৰ অনুৰোধ জনাইছো, সহযোগ কৰক আৰু আমাৰ স্মৰণীয় দিনটো নষ্ট নকৰিব।''

কিন্তু ইতিমধ্যে ছৱিসমূহ ভাইৰেল হৈ পৰিছে। পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ ফখৰ জামানৰ পৰা সৰফৰাজ আহমেদলৈকে সকলোৱে বিয়াখনত উলহ মালহৰ মাজত কটোৱা সেইসমূহ দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু