--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধূমপানৰ বিৰুদ্ধে কেৱল প্ৰচাৰ চলাওঁতেই ক্ষান্ত থকা নাই নিউজিলেণ্ডৰ চৰকাৰ৷ ২০২৫ চনৰ ভিতৰত দেশ খনক সম্পূৰ্ণৰূপে ধূমপান মুক্ত কৰিবলৈ এইবাৰ দেশ খনৰ চৰকাৰে গ্ৰহণ কৰিলে এখন বিশেষ আইন৷ আইন খনে এক নিৰ্দিষ্ট সময় বান্ধি দি সেই সময়ত বা তাৰ পিছত জন্মগ্ৰহণ কৰা কোনো লোকেই ধূমপান কৰাৰ পথ ৰুদ্ধ কৰি দিছে৷ 

এনে ধৰণৰ আইন বিশ্বত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডতেই গৃহীত ৰা হৈছে৷ নতুন আইন খনত স্পষ্ট কৰি দিয়া হৈছে যে ২০০৯  চনৰ ১ জানুৱাৰীত আৰু তাৰ  পিছত জন্মগ্ৰহণ কৰা  যিকোনো লোককে ধঁপাত বিক্ৰীকৰিব পৰা নাযাব৷ সেই বয়সৰ লোকে কোনো কাৰণতে ধূমপান কৰিব নোৱাৰিব৷ 

আইন খন গৃহীত কৰাৰ ফলত  ২০২৫ চনৰ ভিতৰত দেশখন সম্পূৰ্ণৰূপে  ধূমপানমুক্ত হৈ পৰিব বুলি আশা কৰা হৈছে।  আইন খনে চিগাৰেট বিক্ৰী কৰাৰ বাবে আইনীভাৱে অনুমতি দিয়া দোকানৰ সংখ্যা এক দশমাংশ হ্ৰাস কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে৷  সমগ্ৰ দেশখনত  এতিয়া থকা  ৬,০০০ খন চিগাৰেট বিক্ৰী কৰা দোকানৰ ঠাইত এতিয়া সেই সংখ্যা ৬০০ লৈ হ্ৰাস কৰা হ’ব। 

আইন খন ২০১৩ চনৰ পৰা  কাৰ্যকৰী হ'ব৷  দেশ খনৰ  স্বাস্থ্য মন্ত্ৰী আয়েশা ভেৰালে আইন খন গৃহীত হোৱাৰ সময়ত কয় যে " আইন খনৰ ফলত এতিয়া হাজাৰ হাজাৰ লোকে  সুস্থ অৱস্থাত জীয়াই থাকিব পাৰিব। " উল্লেখ্য নিউজিলেণ্ডত ধূমপানৰ হাৰ ইতিমধ্যে কমি গৈছে৷ দেশ খনত  দৈনিক কেৱল ৮ শতাংশ  প্ৰাপ্তবয়স্কই ধূমপান কৰে৷ডেৰ বছৰ আগতে এই হাৰ  ৯.৪ শতাংশ আছিল৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰৰ পৰা প্রতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব ৫টাকৈ স্বাস্থ্য শিবিৰ, ঘোষণা মুখ্যমন্ত্ৰীৰ
'জয় আই অসম' ধ্বনিৰে মুখৰ হ'ব চিকাগো
দিছপুৰৰ ৰাজপথ উত্তাল কৰি প্ৰতিবন্ধীৰ প্রতিবাদ
হামবাৰ্গৰ ইণ্ডিয়া উইকত অসমৰ সাংবাদিকৰ চুটি ছবি প্ৰদৰ্শিত
ইজৰাইল-ইৰানৰ যুদ্ধ-বিৰতি
ইৰানৰ ৪০০ কেজি ইউৰেনিয়াম ক'ত?
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি