--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধূমপানৰ বিৰুদ্ধে কেৱল প্ৰচাৰ চলাওঁতেই ক্ষান্ত থকা নাই নিউজিলেণ্ডৰ চৰকাৰ৷ ২০২৫ চনৰ ভিতৰত দেশ খনক সম্পূৰ্ণৰূপে ধূমপান মুক্ত কৰিবলৈ এইবাৰ দেশ খনৰ চৰকাৰে গ্ৰহণ কৰিলে এখন বিশেষ আইন৷ আইন খনে এক নিৰ্দিষ্ট সময় বান্ধি দি সেই সময়ত বা তাৰ পিছত জন্মগ্ৰহণ কৰা কোনো লোকেই ধূমপান কৰাৰ পথ ৰুদ্ধ কৰি দিছে৷ 

এনে ধৰণৰ আইন বিশ্বত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডতেই গৃহীত ৰা হৈছে৷ নতুন আইন খনত স্পষ্ট কৰি দিয়া হৈছে যে ২০০৯  চনৰ ১ জানুৱাৰীত আৰু তাৰ  পিছত জন্মগ্ৰহণ কৰা  যিকোনো লোককে ধঁপাত বিক্ৰীকৰিব পৰা নাযাব৷ সেই বয়সৰ লোকে কোনো কাৰণতে ধূমপান কৰিব নোৱাৰিব৷ 

আইন খন গৃহীত কৰাৰ ফলত  ২০২৫ চনৰ ভিতৰত দেশখন সম্পূৰ্ণৰূপে  ধূমপানমুক্ত হৈ পৰিব বুলি আশা কৰা হৈছে।  আইন খনে চিগাৰেট বিক্ৰী কৰাৰ বাবে আইনীভাৱে অনুমতি দিয়া দোকানৰ সংখ্যা এক দশমাংশ হ্ৰাস কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে৷  সমগ্ৰ দেশখনত  এতিয়া থকা  ৬,০০০ খন চিগাৰেট বিক্ৰী কৰা দোকানৰ ঠাইত এতিয়া সেই সংখ্যা ৬০০ লৈ হ্ৰাস কৰা হ’ব। 

আইন খন ২০১৩ চনৰ পৰা  কাৰ্যকৰী হ'ব৷  দেশ খনৰ  স্বাস্থ্য মন্ত্ৰী আয়েশা ভেৰালে আইন খন গৃহীত হোৱাৰ সময়ত কয় যে " আইন খনৰ ফলত এতিয়া হাজাৰ হাজাৰ লোকে  সুস্থ অৱস্থাত জীয়াই থাকিব পাৰিব। " উল্লেখ্য নিউজিলেণ্ডত ধূমপানৰ হাৰ ইতিমধ্যে কমি গৈছে৷ দেশ খনত  দৈনিক কেৱল ৮ শতাংশ  প্ৰাপ্তবয়স্কই ধূমপান কৰে৷ডেৰ বছৰ আগতে এই হাৰ  ৯.৪ শতাংশ আছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ