--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত কথা কোৱাৰ অধিকাৰ হেৰুৱালেও সংসদৰ বাহিৰতো স্তব্ধ হোৱা নাই জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে শেহতীয়াকৈ   বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণ চলাইছে।   এইবাৰ বৰ্ধিত মুদ্ৰাস্ফীতিকলৈ ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে।

২০১৩ চনত ইউপিএ চৰকাৰৰ দিনত  অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ সৈতে  বৰ্তমানৰ মূল্যৰ তুলনা কৰি ছচিয়েল মিডিয়াত এখন তালিকা  পোষ্ট কৰে। ৰাহুল গান্ধীয়ে অভিযোগ কৰে  যে মুদ্ৰাস্ফীতি হ্ৰাস হোৱা নাই, কিয়নো চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব নিদিয়ে। চৰকাৰৰ  উদ্দেশ্য  বিলিয়নেয়াৰ গৌতম আদানিৰ উপাৰ্জন বৃদ্ধি কৰা আৰু তেওঁক কেলেংকাৰীৰ তদন্তৰ পৰা সুৰক্ষিত কৰা।ৰাহুলে গান্ধীয়ে তালিকা খনৰ  সৈতে টুইটাৰত লিখিছে " মুদ্ৰাস্ফীতি কেনেকৈ হ্ৰাস পাব, ৰাইজৰ বেদনা কেনেকৈ দৃশ্যমান হ'ব!" 

ৰাহুলে লগতে লিখিছে  "চৰকাৰৰ  গুৰুত্ব হৈছে আদানিৰ উপাৰ্জন বৃদ্ধি কৰা আৰু তেওঁক  তদন্তৰ পৰা সুৰক্ষিত কৰা।"  ইপিনে ৰাহুল গান্ধীয়ে পোষ্ট কৰা তালিকা খনৰ মতে যোৱা ১০ বছৰত ময়দা, চাউল, গাখীৰ, ঘিউ, খোৱা তেল, মচুৰ দাইল আৰু ৰন্ধন গেছৰ মূল্য বহু বেছি পৰিমাণে বৃদ্ধি হৈছে। ৰাহুল গান্ধীয়ে পূৰ্বেও এটা টুইটত কৈছিল "প্ৰশ্নটো একেই আছে - আদানিৰ কোম্পানীবোৰত কাৰ ২০,০০০ কোটি টকাৰ বেনামি ধন আছে?" টুইটটোত তেওঁ নাম উল্লেখ কৰা  নেতাসকলৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডী, প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনী, আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদ। 

যদিও তেওঁলোকৰ চাৰিজনে বিজেপিলৈ গমন কৰিছে আজাদে নিজৰ ৰাজনৈতিক মৰ্চা ডেমক্ৰেটিক আজাদ পাৰ্টি (ডিএপি) খুলি নতুনকৈ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰিছে। গান্ধীৰ টুইটটোৰ প্ৰতি  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল