--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত কথা কোৱাৰ অধিকাৰ হেৰুৱালেও সংসদৰ বাহিৰতো স্তব্ধ হোৱা নাই জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে শেহতীয়াকৈ   বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণ চলাইছে।   এইবাৰ বৰ্ধিত মুদ্ৰাস্ফীতিকলৈ ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে।

২০১৩ চনত ইউপিএ চৰকাৰৰ দিনত  অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ সৈতে  বৰ্তমানৰ মূল্যৰ তুলনা কৰি ছচিয়েল মিডিয়াত এখন তালিকা  পোষ্ট কৰে। ৰাহুল গান্ধীয়ে অভিযোগ কৰে  যে মুদ্ৰাস্ফীতি হ্ৰাস হোৱা নাই, কিয়নো চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব নিদিয়ে। চৰকাৰৰ  উদ্দেশ্য  বিলিয়নেয়াৰ গৌতম আদানিৰ উপাৰ্জন বৃদ্ধি কৰা আৰু তেওঁক কেলেংকাৰীৰ তদন্তৰ পৰা সুৰক্ষিত কৰা।ৰাহুলে গান্ধীয়ে তালিকা খনৰ  সৈতে টুইটাৰত লিখিছে " মুদ্ৰাস্ফীতি কেনেকৈ হ্ৰাস পাব, ৰাইজৰ বেদনা কেনেকৈ দৃশ্যমান হ'ব!" 

ৰাহুলে লগতে লিখিছে  "চৰকাৰৰ  গুৰুত্ব হৈছে আদানিৰ উপাৰ্জন বৃদ্ধি কৰা আৰু তেওঁক  তদন্তৰ পৰা সুৰক্ষিত কৰা।"  ইপিনে ৰাহুল গান্ধীয়ে পোষ্ট কৰা তালিকা খনৰ মতে যোৱা ১০ বছৰত ময়দা, চাউল, গাখীৰ, ঘিউ, খোৱা তেল, মচুৰ দাইল আৰু ৰন্ধন গেছৰ মূল্য বহু বেছি পৰিমাণে বৃদ্ধি হৈছে। ৰাহুল গান্ধীয়ে পূৰ্বেও এটা টুইটত কৈছিল "প্ৰশ্নটো একেই আছে - আদানিৰ কোম্পানীবোৰত কাৰ ২০,০০০ কোটি টকাৰ বেনামি ধন আছে?" টুইটটোত তেওঁ নাম উল্লেখ কৰা  নেতাসকলৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডী, প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনী, আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদ। 

যদিও তেওঁলোকৰ চাৰিজনে বিজেপিলৈ গমন কৰিছে আজাদে নিজৰ ৰাজনৈতিক মৰ্চা ডেমক্ৰেটিক আজাদ পাৰ্টি (ডিএপি) খুলি নতুনকৈ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰিছে। গান্ধীৰ টুইটটোৰ প্ৰতি  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ