--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁলোকৰ একো একোটা সপোন আছে। নিজকে ধুনীয়া কৰি ৰখাৰ হেঁপাহ আছে। কিন্তু এচিড আক্ৰমণৰ বলি তেওঁলোক যেন কিছু হতাশ হৈ পৰিছে। প্ৰেমজনিত কাৰণতেই হওঁক বা আন কাৰণতেই হওঁক, দেশৰ বিভিন্ন প্ৰান্তত এতিয়া এচিড আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।   তথাপিও সেইসকল মহিলা-যুৱতীয়ে থমকি ৰোৱা নাই।  তেওঁলোকে যুঁজ দি আছে, তেওঁলোকে তেওঁলোকৰ লক্ষ্য প্ৰাপ্তিৰ বাবে  আগুৱাই আছে পৰম সাহসেৰে।

 মিৰ ফাউণ্ডেচনৰ হৈ বলীউডৰ 'বাদশ্বাহ' শ্বাহৰুখ খান শেহতীয়াকৈ কলকাতালৈ আহিছে। শ্বাহৰুখে কলকাতাৰ এচিড আক্ৰমণৰ বলি হোৱা মহিলাৃ-যুৱতীসকলৰ কাষত থিয় হৈ তেওঁলোকক জীয়াই থকাৰ নতুন প্ৰেৰণা দিছে। তেওঁ উৎসাহেৰে এচিড আক্ৰমণৰ বলিসকলৰ কান্ধত হাত ৰাখি সাহস দিছে। সেই ছবিবোৰ এতিয়া শ্বাহৰুখ খানৰ অনুৰাগীৰ ছ’চিয়েল মিডিয়াৰ পেজত ভাইৰেল হৈ পৰিছে।শ্বাহৰুখ খান অলপতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)  উপলক্ষে কলকাতালৈ আহিছিল। 

তেতিয়াই তেওঁ এচিড আক্ৰমণৰ বলি হোৱা  মহিলা-যুৱতীসকলক লগ ধৰিছিল। শ্বাহৰুখ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ গৰাকী আৰু লগতে মীৰ ফাউণ্ডেচনৰো গৰাকী। মীৰ ফাউণ্ডেচন শ্বাহৰুখ খানৰ পিতৃ  মীৰ তাজ মুহাম্মাদ খানৰ নামেৰে গঠন কৰা এটা ৰাজহুৱা কল্যাণ সংস্থা ।  এই সংস্থাটোৱে  মহিলাসৱলীকৰণৰ হকে কাম কৰি আহিছে। সংস্থাটোৱে  অলপতে দিল্লীত দুৰ্ঘটনাত পতিত হোৱা অঞ্জলি সিঙৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়াইছে।

দিল্লীৰ কাঞ্জাৱালাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ২০ বছৰীয়া অঞ্জলীয়ে প্ৰাণ হেৰুৱাইছিল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী অঞ্জলিৰ আকস্মিক মৃত্যুৰ পিছতে  মীৰ ফাউণ্ডেচনে অঞ্জলিৰ পৰিয়ালক  আৰ্থিকভাবে  সহায় আগবঢ়াইছে।শ্বাহৰুখৰ মহানুভৱতা ইয়াতেই শেষ নহয়। তিনি বছৰৰ পিছত কলকাতালৈ অহা  শ্বাহৰুখে  হৰ্ষল গোয়েঙ্কা নামৰ এজন বিশেষভাৱে সক্ষম অনুৰাগীৰ সৈতে মত  বিনিময় কৰে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'টোৱে অনুৰাগীসকলৰ মনত দোলা দি গৈছে।শ্বাহৰুখ ওচৰলৈ অহাৰ লগে লগে হৰ্ষলে শ্বাহৰুখৰ বুকুত হাত ৰাখি কৈছিল, "মই তোমাক ভালপাওঁ"। শ্বাহৰুখেও হৰ্ষলৰ মৰম গ্ৰহণ কৰিছিল।  তেওঁ  হৰ্ষলৰ কপালত মৰমেৰে চুমা আঁকি দিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৪ বিলিয়ন ডলাৰ বৃদ্ধি হ'ব দুয়ো ৰাষ্ট্ৰৰ ব্যৱসায়! বৃহত্তম বাণিজ্য চুক্তিত স্বাক্ষৰ ভাৰত-ব্রিটেইনৰ
EDৰ ৰোষত অনিল আম্বানিৰ কোম্পানী
২০১৬ চনৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনত ৰাছিয়াৰ সহায় লোৱাৰ অভিযোগ
দখলাত গৃহৰক্ষী জোৱানৰ হাতত প্ৰাণ গ'ল প্ৰাক্তন গৃহৰক্ষী জোৱানৰ
চৰকাৰী বিদ্যালয়ৰ ছাদ খহি ৪ শিক্ষাৰ্থীৰ কৰুণ মৃত্যু; ১০ শিশু আহত, ৪০ আৱদ্ধ
মহানগৰীত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ ৰূপ!  ডেগাৰৰ আক্ৰমণত আহত ৩
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ