--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ পুনৰ ভাঙোন আৰম্ভ হৈছে  ইণ্ডিয়া  মিত্ৰজোঁটলৈ । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তো ইণ্ডিয়া মিত্ৰজোঁটে যেন মূৰ দাঙি থিয় দিব পৰা নাই।  ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পূৰ্বেই , ৰাজ্যখনৰ আৰএলডিয়ে এতিয়া ইংগিত দিছে যে দলটোৱে ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা আঁতৰি আহিব। যদি সকলো ঠিকে থাকে, ৰাষ্ট্ৰীয় লোক দল (আৰএলডি)য়ে এনডিএত যোগদান কৰাৰ পূৰ্ণ  সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

জানিব পৰা  মতে আৰএলডিৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে উত্তৰ প্ৰদেশত আসন ভাগ-বতৰাৰ বিষয়ত সমাজবাদী পাৰ্টিৰ সৰ্বোচ্চ নেতা অখিলেশ যাদৱৰ সৈতে আলোচনা কৰিছিল। অখিলেশেও আৰএলডিক সাতখন আসন এৰি দিয়াৰ  প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে ইমান পিছতো  জয়ন্ত চৌধুৰীয়ে  বিজেপিৰ এন ডি এ মিত্ৰজোঁটৰ সৈতে হাত মিলাবলৈ অধিক আগ্ৰহ দেখুৱাইছে।চৌধুৰীয়ে ইতিমধ্যে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি বিজেপিৰ সৈতে আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰিছে বুলিও বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। গেৰুৱা দলটোৱে ঘোষণা কৰিছে যে আৰএলডিক চাৰিখন আসন দিয়া হ'ব। বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত জয়ন্ত চৌধুৰীৰ দলক চাৰিখন আসন - কৈৰানা, বাগপত, মথুৰা আৰু আমৰোহা এৰি বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। 

এই খবৰ বিয়পি পৰাৰ লগে লগে  আৰএলডিয়ে বিজেপি নেতৃত্বাধীন এনডিএত যোগদান কৰাৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ উঠিছে। সূত্ৰ অনুসৰি  আৰএলডিয়ে ১২ ফেব্ৰুৱাৰীত দলটোৰ স্থিতি স্পষ্ট কৰিব। অৱশ্যে, যদি জয়ন্ত চৌধুৰীৰ দলে এন ডি এৰ সৈতে হাত মিলায়, ই নিঃসন্দেহে ইণ্ডিয়া  মিত্ৰজোঁটৰ বাবে এক ডাঙৰ বিফলতা হ'ব। নীতিশ কুমাৰৰ জেডি(ইউ)য়ে ইতিমধ্যে ইণ্ডিয়া  মিত্ৰতাৰ সৈতে ইয়াৰ সম্পৰ্ক সমাপ্ত কৰিছে।

ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৈছে  যে লোকসভা নিৰ্বাচনত তৃণমূলে বংগত অকলে যুঁজ দিব। অৱশ্যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মমতাক মিত্ৰতাৰ বাৰ্তা দিয়েই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক