--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ পুনৰ ভাঙোন আৰম্ভ হৈছে  ইণ্ডিয়া  মিত্ৰজোঁটলৈ । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তো ইণ্ডিয়া মিত্ৰজোঁটে যেন মূৰ দাঙি থিয় দিব পৰা নাই।  ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পূৰ্বেই , ৰাজ্যখনৰ আৰএলডিয়ে এতিয়া ইংগিত দিছে যে দলটোৱে ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা আঁতৰি আহিব। যদি সকলো ঠিকে থাকে, ৰাষ্ট্ৰীয় লোক দল (আৰএলডি)য়ে এনডিএত যোগদান কৰাৰ পূৰ্ণ  সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

জানিব পৰা  মতে আৰএলডিৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে উত্তৰ প্ৰদেশত আসন ভাগ-বতৰাৰ বিষয়ত সমাজবাদী পাৰ্টিৰ সৰ্বোচ্চ নেতা অখিলেশ যাদৱৰ সৈতে আলোচনা কৰিছিল। অখিলেশেও আৰএলডিক সাতখন আসন এৰি দিয়াৰ  প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে ইমান পিছতো  জয়ন্ত চৌধুৰীয়ে  বিজেপিৰ এন ডি এ মিত্ৰজোঁটৰ সৈতে হাত মিলাবলৈ অধিক আগ্ৰহ দেখুৱাইছে।চৌধুৰীয়ে ইতিমধ্যে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি বিজেপিৰ সৈতে আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰিছে বুলিও বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। গেৰুৱা দলটোৱে ঘোষণা কৰিছে যে আৰএলডিক চাৰিখন আসন দিয়া হ'ব। বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত জয়ন্ত চৌধুৰীৰ দলক চাৰিখন আসন - কৈৰানা, বাগপত, মথুৰা আৰু আমৰোহা এৰি বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। 

এই খবৰ বিয়পি পৰাৰ লগে লগে  আৰএলডিয়ে বিজেপি নেতৃত্বাধীন এনডিএত যোগদান কৰাৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ উঠিছে। সূত্ৰ অনুসৰি  আৰএলডিয়ে ১২ ফেব্ৰুৱাৰীত দলটোৰ স্থিতি স্পষ্ট কৰিব। অৱশ্যে, যদি জয়ন্ত চৌধুৰীৰ দলে এন ডি এৰ সৈতে হাত মিলায়, ই নিঃসন্দেহে ইণ্ডিয়া  মিত্ৰজোঁটৰ বাবে এক ডাঙৰ বিফলতা হ'ব। নীতিশ কুমাৰৰ জেডি(ইউ)য়ে ইতিমধ্যে ইণ্ডিয়া  মিত্ৰতাৰ সৈতে ইয়াৰ সম্পৰ্ক সমাপ্ত কৰিছে।

ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৈছে  যে লোকসভা নিৰ্বাচনত তৃণমূলে বংগত অকলে যুঁজ দিব। অৱশ্যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মমতাক মিত্ৰতাৰ বাৰ্তা দিয়েই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু