--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৫ টন ওজনৰ দুটা শালেগ্ৰাম শিল অযোধ্যাৰ ৰাম জন্মভূমিত উপস্থিত হৈছে। শিল দুটাৰ বয়স ৬ কোটি বছৰ! এসপ্তাহত প্ৰায় ৪০০ কিলোমিটাৰ অতিক্ৰম কৰিছে ই। নেপালৰ মুস্তাং জিলাৰ কালিগণ্ডাকী জলপ্ৰপাতৰ পৰা লোৱা এই জীৱাশ্ম শিলৰ পৰাই তৈয়াৰ কৰা হ’ব ৰামৰ মূৰ্তি।

বুধবাৰে উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰৰ পৰা অযোধ্যালৈ অনা হয় দুটা শালেগ্ৰাম শিল। ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ তত্বাৱধানত অযোধ্যাত প্ৰৱেশ কৰাৰ পূৰ্বে সৰ্যু নদীৰ দলঙৰ সমীপত ট্ৰাক ভৰ্তি শিল দুখন আদৰণি জনায় লাখ লাখ লোকে। ইয়াৰ পিছতে বৃহস্পতিবাৰৰ পৰা শিলাপুজন আৰম্ভ হয়। পূজা শেষ হোৱাৰ পিছত ৰাম জন্মভূমি মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসক শিলাখণ্ড দুটা আগবঢ়োৱা হ’ব।

ৰামৰ সমান্তৰালকৈ সীতা, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নৰ মূৰ্তিও এই শিলটোৰে নিৰ্মাণ কৰা হ’ব। প্ৰসংগক্ৰমে, শালেগ্ৰাম শিলক ভগৱান বিষ্ণুৰ প্ৰতিৰূপ বুলি গণ্য কৰা হয়। সেয়ে নৰেন্দ্ৰ মোডী চৰকাৰে গঠন কৰা ট্ৰাষ্টে সেই শিলটোৰে ৰমন্দিৰৰ মূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। যাৰ নাম ``শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ''।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement