--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফাই ঘোষণা কৰিছে ২০২২ বৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ এঘাৰজনীয়া দলটো। দলটোত লিয়নেল মেছি, কাইলিয়ান এমবাপেৰ দৰে তাৰকা ফুটবলাৰে অৱধাৰিতভাৱেই স্থান লাভ কৰিছে। কিন্তু ২০২২ বৰ্ষতে বিশ্বৰ শ্ৰেষ্ঠ গ’লৰক্ষক হোৱাৰ পাছতো আৰ্জেণ্টিনাৰ এমিলিয়ানো মাৰ্টিনেজ দলটোত স্থান নাপালে। বিশ্বকাপ নেখেলাকৈয়ে দলটোত আছে নৰৱে’ তথা মানচেষ্টাৰ চিটিৰ ষ্ট্ৰাইকাৰ আৰ্লিন হালেণ্ডৰ দৰে তৰুণ তাৰকা।

ফিফাৰ শ্ৰেষ্ঠ একাদশৰ এই দলটোত গ’লৰক্ষক হিচাপে আছে বেলজিয়ামৰ থিবাউট ক’ৰ্টোৱা। যদিও তেওঁ বেলজিয়ামৰ হৈ বিশ্বকাপত ভাল খেলিব পৰা নাছিল, তথাপিও ক’ৰ্টোৱাই ৰিয়েল মাদ্রিদৰ হৈ ক্লাব ফুটবলত ভাল খেলিছিল৷ যোৱা বছৰ মাদ্ৰিদে চেম্পিয়নছ লীগ জয় কৰাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। আনহাতে, বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ ভাল খেলাৰ পিছতো মাৰ্টিনেজে ক্লাব ফুটবলত ভাল খেলিব পৰা নাছিল। লগতে বিশ্বকাপৰ সময়ত তেওঁ ইটোৰ পিছত সিটো বিতৰ্কত জড়িত হৈ পৰিছিল। হয়তো সেইবাবেই মাৰ্টিনেজক দলত ৰখা হোৱা নাই।

দলটোৰ তিনিজন ডিফেণ্ডাৰ হৈছে পৰ্তুগাল আৰু বায়াৰ্ন মিউনিখৰ জোৱাও কান্সেলো, মৰক্কো আৰু পি এছ জিৰ আশ্ৰাফ হাকিমি আৰু নেদাৰলেণ্ড আৰু লিভাৰপুলৰ ভাৰ্জিল ভান ডাইক। এই তিনিজন তাৰকাৰ ভিতৰত হাকিমিয়ে আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছে। বিশ্বকাপৰ ছেমি ফাইনেললৈ মৰক্কোক লৈ যোৱাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ।

দলটোত মিডফিল্ডাৰ হিচাপে আছে ব্ৰাজিল আৰু মানচেষ্টাৰ ইউনাইটেডৰ কেচেমিৰো, বেলজিয়াম আৰু মানচেষ্টাৰ চিটিৰ কেভিন দ্য ব্ৰুইন আৰু ক্ৰ’ৱেচিয়া আৰু ৰিয়েল মাদ্রিদৰ লুকা মড্ৰিচ।

দলটোত চাৰিজন ষ্ট্ৰাইকাৰক অন্তৰ্ভূক্ত কৰা হৈছে। তেওঁলোক হৈছে- ফ্ৰান্স আৰু ৰিয়েল মাদ্রিদৰ কৰিম বেনজেমা, ফ্ৰান্স আৰু পি এছ জিৰ কাইলিয়ান এমবাপে, নৰৱে আৰু মানচেষ্টাৰ চিটিৰ আৰ্লিং হালেণ্ড আৰু আৰ্জেণ্টিনা আৰু পি এছ জিৰ লিয়নেল মেছি।

বিশ্বৰ শ্ৰেষ্ঠ একাদশত এতিয়ালৈকে ১৬বাৰকৈ সুযোগ লাভ কৰিছে মেছিয়ে। কিন্তু মেছিৰ বাহিৰে আন কোনো আৰ্জেণ্টিনাৰ ফুটবলাৰে দলত সুযোগ নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক