--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফাই ঘোষণা কৰিছে ২০২২ বৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ এঘাৰজনীয়া দলটো। দলটোত লিয়নেল মেছি, কাইলিয়ান এমবাপেৰ দৰে তাৰকা ফুটবলাৰে অৱধাৰিতভাৱেই স্থান লাভ কৰিছে। কিন্তু ২০২২ বৰ্ষতে বিশ্বৰ শ্ৰেষ্ঠ গ’লৰক্ষক হোৱাৰ পাছতো আৰ্জেণ্টিনাৰ এমিলিয়ানো মাৰ্টিনেজ দলটোত স্থান নাপালে। বিশ্বকাপ নেখেলাকৈয়ে দলটোত আছে নৰৱে’ তথা মানচেষ্টাৰ চিটিৰ ষ্ট্ৰাইকাৰ আৰ্লিন হালেণ্ডৰ দৰে তৰুণ তাৰকা।

ফিফাৰ শ্ৰেষ্ঠ একাদশৰ এই দলটোত গ’লৰক্ষক হিচাপে আছে বেলজিয়ামৰ থিবাউট ক’ৰ্টোৱা। যদিও তেওঁ বেলজিয়ামৰ হৈ বিশ্বকাপত ভাল খেলিব পৰা নাছিল, তথাপিও ক’ৰ্টোৱাই ৰিয়েল মাদ্রিদৰ হৈ ক্লাব ফুটবলত ভাল খেলিছিল৷ যোৱা বছৰ মাদ্ৰিদে চেম্পিয়নছ লীগ জয় কৰাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। আনহাতে, বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ ভাল খেলাৰ পিছতো মাৰ্টিনেজে ক্লাব ফুটবলত ভাল খেলিব পৰা নাছিল। লগতে বিশ্বকাপৰ সময়ত তেওঁ ইটোৰ পিছত সিটো বিতৰ্কত জড়িত হৈ পৰিছিল। হয়তো সেইবাবেই মাৰ্টিনেজক দলত ৰখা হোৱা নাই।

দলটোৰ তিনিজন ডিফেণ্ডাৰ হৈছে পৰ্তুগাল আৰু বায়াৰ্ন মিউনিখৰ জোৱাও কান্সেলো, মৰক্কো আৰু পি এছ জিৰ আশ্ৰাফ হাকিমি আৰু নেদাৰলেণ্ড আৰু লিভাৰপুলৰ ভাৰ্জিল ভান ডাইক। এই তিনিজন তাৰকাৰ ভিতৰত হাকিমিয়ে আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছে। বিশ্বকাপৰ ছেমি ফাইনেললৈ মৰক্কোক লৈ যোৱাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ।

দলটোত মিডফিল্ডাৰ হিচাপে আছে ব্ৰাজিল আৰু মানচেষ্টাৰ ইউনাইটেডৰ কেচেমিৰো, বেলজিয়াম আৰু মানচেষ্টাৰ চিটিৰ কেভিন দ্য ব্ৰুইন আৰু ক্ৰ’ৱেচিয়া আৰু ৰিয়েল মাদ্রিদৰ লুকা মড্ৰিচ।

দলটোত চাৰিজন ষ্ট্ৰাইকাৰক অন্তৰ্ভূক্ত কৰা হৈছে। তেওঁলোক হৈছে- ফ্ৰান্স আৰু ৰিয়েল মাদ্রিদৰ কৰিম বেনজেমা, ফ্ৰান্স আৰু পি এছ জিৰ কাইলিয়ান এমবাপে, নৰৱে আৰু মানচেষ্টাৰ চিটিৰ আৰ্লিং হালেণ্ড আৰু আৰ্জেণ্টিনা আৰু পি এছ জিৰ লিয়নেল মেছি।

বিশ্বৰ শ্ৰেষ্ঠ একাদশত এতিয়ালৈকে ১৬বাৰকৈ সুযোগ লাভ কৰিছে মেছিয়ে। কিন্তু মেছিৰ বাহিৰে আন কোনো আৰ্জেণ্টিনাৰ ফুটবলাৰে দলত সুযোগ নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু