--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইন্দোৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতীয় দলত দুটা বিশেষ  পৰিৱৰ্তন কৰা হৈছে।দলৰ পৰা  লোকেশ ৰাহুলক বাদ দিয়া হৈছে। শুভমন গিলে ৰাহুলৰ ঠাইত খেলাৰ  সুযোগ পাইছে। ইপিনে মহম্মদ ছামীও প্ৰথম একাদশৰ পৰা বাহিৰ হৈছে।

লোকেশ ৰাহুলে প্ৰথম দুখন টেষ্টত বেটিঙৰ ক্ষেত্ৰত  বিফল হৈছিল। সেয়ে তেওঁক তৃতীয় টেষ্টত প্ৰথম একাদশৰ পৰা বাদ দিয়া হৈছে বুলি জানিব পৰা গৈছে৷  শুভমনে ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰিব। ৰাহুলৰ উপৰি ভাৰতীয় দলত আন এটা পৰিৱৰ্তন কৰা হৈছে। মহম্মদ ছামীৰ ঠাইত উমেশ যাদৱে খেলিব বুলি জানিব পৰা গৈছে৷  উল্লেখ্য ৰাহুলক উপ-অধিনায়কৰ পদৰ পৰা আঁতৰাই দিয়াৰ পিছত, তেওঁ তৃতীয় টেষ্ট খেলিবলৈ সুযোগ নাপাব পাৰে বুলি অনুমান কৰা হৈছিল। অৱশেষত সেয়াই হ’ল বুলি বহুতে আলোচনা কৰিছে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ৰোহিতে কয়, "দলটোত দুটা পৰিৱৰ্তন কৰা  হৈছে। শুভমনে দলত প্ৰৱেশ কৰিছে। ৰাহুলক বাদ দিয়া হৈছে। শ্বামীকো বিশ্ৰাম দিয়া হৈছে। উমেশে তেওঁৰ  সলনি খেলিব। ''

ৰাহুলৰ বাদ পৰাটো প্ৰায় নিশ্চিত আছিল। কিন্তু বহুলোকে ছামীক দলৰ পৰা বাহিৰ হোৱা দেখি আচৰিত হৈছে৷  কাৰণ প্ৰথম দুখন টেষ্টত ছামীয়ে স্পিন-অনুকূল উইকেটত ভাল বলিং কৰিছিল। তেওঁ ভাৰতক এটা ভাল আৰম্ভণি দিছিল। উইকেটো লৈছিল। এয়া এতিয়াও স্পষ্ট হোৱা নাই  যে শ্বামীক কিয় খেল পথাৰৰ বাহিৰত  ৰখা হৈছে। ৰোহিতে অৱশ্যে এই কথা নক’লে যে তেওঁৰ কোনো আঘাত আছিল নে নাই। কেৱল ক’লে যে শ্বামীক বিশ্ৰাম দিয়া হৈছে।এয়াও  হ'ব পাৰে যে মেনেজমেণ্টে উমেশক ইন্দোৰৰ ক্ষেত্ৰত অধিক উপযোগী হ’ব বুলি ভাবিছে৷  বুলি বিচাৰি পাইছে।ৰাহুলে প্ৰথম দুখন টেষ্টত মাত্ৰ ৩৮ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ সেয়ে  দলত থকাৰ বিষয়ে  প্ৰশ্ন উত্থাপন হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক