--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কে এল ৰাহুল, অক্ষৰ পেটেলৰ পাছত আন এগৰাকী টীম ইণ্ডিয়াৰ তাৰকাই এইবাৰ বিবাহপাশত আবদ্ধ হৈছে। তেওঁ হৈছে- ফাষ্ট বলাৰ শ্বাৰদুল ঠাকুৰ। সোমবাৰে  শ্বাৰদুলে বিবাহপাশত আৱদ্ধ হয় তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা মিতালী পাৰুলকাৰৰ সৈতে।

২৭ ফেব্ৰুৱাৰীত মুম্বাইত শ্বাৰদুল আৰু মিতালীৰ বিয়া হৈ যায়। গায় হালুদ, মেহেন্দী আৰু সংগীত অনুষ্ঠানৰ লগতে  পুল পাৰ্টিৰো আয়োজন কৰা হয়।

বিবাহ অনুষ্ঠানত উপস্থিত থাকে ৰোহিত শৰ্মা, ৰোহিতৰ পত্নী ঋতিকা সাজদে, শ্ৰেয়াছ আয়েৰ, যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰীৰ লগতে আন বহু ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পৰিয়াল।

পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে বৰ ধুমধামেৰে বিয়া পাতিলে শ্বাৰদুলে। বিবাহ অনুষ্ঠানত বন্ধু-বান্ধৱীৰ সৈতে গান গোৱাও দেখা গৈছিল তাৰকাগৰাকীক। ইতিমধ্যে তেওঁলোকৰ বিয়াৰ ছবি ইণ্টাৰনেটত বিয়পি পৰিছে। মিতালীৰ পৰিচয় জানিবলৈ আগ্ৰহী নেটিজেনসকল।

১৯৯২ চনত মুম্বাইত জন্মগ্ৰহণ কৰিছিল মিতালীয়ে। স্কুলত পঢ়ি থাকোঁতে শ্বাৰদুলৰ লগত প্ৰেম হয়। দুয়োজনেই পঢ়া-শুনা সম্পূৰ্ণ কৰি কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰিছিল। 

২০২০ চনত মুম্বাইত এটা বেকাৰী খুলিছিল মিতালীয়ে। এই বেকাৰীখনত তেওঁ কেৱল মহিলাসকলকহে নিযুক্তি দিছিল। কেক, পেষ্ট্ৰি, মাফিনৰ পৰা আৰম্ভ কৰি এই বেকাৰীত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য উপলব্ধ হয়।

মহাৰাষ্ট্ৰৰ থানেত মিতালীয়ে নিজৰ বেকাৰী খুলি থকাৰ সময়তে বিক্ৰীৰ সুবিধাৰ বাবে এটা ৱেবছাইটও তৈয়াৰ কৰিছিল। এই ৱেবছাইটৰ জৰিয়তে গ্ৰাহকে তেওঁৰ বেকাৰীৰ খাদ্য ক্ৰয় কৰিব পাৰিব।

২০২১ চনৰ নৱেম্বৰ মাহত মিতালীয়ে শ্বাৰদুলৰ সৈতে আঙঠি বিনিময় কৰিছিল। বিয়াৰ পৰিকল্পনা আছিল যদিও শ্বাৰদুলে ক্ৰিকেটত ব্যস্ত থকাৰ বাবে বিয়াৰ বাবে সময় বিচাৰি নাপালে।

যদিও মিতালীৰ ইনষ্টাগ্ৰামত একাউণ্ট আছে, তথাপিও ইয়াক ‘প্ৰাইভেট’ হিচাপে ছেট কৰা হৈছে। মিতালীতকৈ নেট মিডিয়াত অধিক সক্ৰিয় শ্বাৰদুল। শ্বাৰদুলে নিজৰ একাউণ্টৰ পৰা বিয়াৰ কিছু ছবিও নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু