--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কে এল ৰাহুল, অক্ষৰ পেটেলৰ পাছত আন এগৰাকী টীম ইণ্ডিয়াৰ তাৰকাই এইবাৰ বিবাহপাশত আবদ্ধ হৈছে। তেওঁ হৈছে- ফাষ্ট বলাৰ শ্বাৰদুল ঠাকুৰ। সোমবাৰে  শ্বাৰদুলে বিবাহপাশত আৱদ্ধ হয় তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা মিতালী পাৰুলকাৰৰ সৈতে।

২৭ ফেব্ৰুৱাৰীত মুম্বাইত শ্বাৰদুল আৰু মিতালীৰ বিয়া হৈ যায়। গায় হালুদ, মেহেন্দী আৰু সংগীত অনুষ্ঠানৰ লগতে  পুল পাৰ্টিৰো আয়োজন কৰা হয়।

বিবাহ অনুষ্ঠানত উপস্থিত থাকে ৰোহিত শৰ্মা, ৰোহিতৰ পত্নী ঋতিকা সাজদে, শ্ৰেয়াছ আয়েৰ, যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰীৰ লগতে আন বহু ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পৰিয়াল।

পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে বৰ ধুমধামেৰে বিয়া পাতিলে শ্বাৰদুলে। বিবাহ অনুষ্ঠানত বন্ধু-বান্ধৱীৰ সৈতে গান গোৱাও দেখা গৈছিল তাৰকাগৰাকীক। ইতিমধ্যে তেওঁলোকৰ বিয়াৰ ছবি ইণ্টাৰনেটত বিয়পি পৰিছে। মিতালীৰ পৰিচয় জানিবলৈ আগ্ৰহী নেটিজেনসকল।

১৯৯২ চনত মুম্বাইত জন্মগ্ৰহণ কৰিছিল মিতালীয়ে। স্কুলত পঢ়ি থাকোঁতে শ্বাৰদুলৰ লগত প্ৰেম হয়। দুয়োজনেই পঢ়া-শুনা সম্পূৰ্ণ কৰি কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰিছিল। 

২০২০ চনত মুম্বাইত এটা বেকাৰী খুলিছিল মিতালীয়ে। এই বেকাৰীখনত তেওঁ কেৱল মহিলাসকলকহে নিযুক্তি দিছিল। কেক, পেষ্ট্ৰি, মাফিনৰ পৰা আৰম্ভ কৰি এই বেকাৰীত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য উপলব্ধ হয়।

মহাৰাষ্ট্ৰৰ থানেত মিতালীয়ে নিজৰ বেকাৰী খুলি থকাৰ সময়তে বিক্ৰীৰ সুবিধাৰ বাবে এটা ৱেবছাইটও তৈয়াৰ কৰিছিল। এই ৱেবছাইটৰ জৰিয়তে গ্ৰাহকে তেওঁৰ বেকাৰীৰ খাদ্য ক্ৰয় কৰিব পাৰিব।

২০২১ চনৰ নৱেম্বৰ মাহত মিতালীয়ে শ্বাৰদুলৰ সৈতে আঙঠি বিনিময় কৰিছিল। বিয়াৰ পৰিকল্পনা আছিল যদিও শ্বাৰদুলে ক্ৰিকেটত ব্যস্ত থকাৰ বাবে বিয়াৰ বাবে সময় বিচাৰি নাপালে।

যদিও মিতালীৰ ইনষ্টাগ্ৰামত একাউণ্ট আছে, তথাপিও ইয়াক ‘প্ৰাইভেট’ হিচাপে ছেট কৰা হৈছে। মিতালীতকৈ নেট মিডিয়াত অধিক সক্ৰিয় শ্বাৰদুল। শ্বাৰদুলে নিজৰ একাউণ্টৰ পৰা বিয়াৰ কিছু ছবিও নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক