--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰায়ে সাংবাদিকসকলৰ প্ৰতি অহা প্ৰত্যাহ্বানসমূহৰ কথা সজোৰে উত্থাপন হয়৷ এইবাৰ পোহৰলৈ তেনে এক ভয়ংকৰ তথ্য৷প্ৰতিবেদন অনুসৰি এই সাংবাদিকসকলক লক্ষ্য কৰি লৈছিল ৰাজ্যিক সংস্থা, বেচৰকাৰী ৰাজনৈতিক উপাদান, অপৰাধী আৰু সশস্ত্ৰ বিৰোধী গোটৰ দ্বাৰা। লক্ষ্য কৰি লোৱা সাংবাদিকৰ সৰ্বাধিক সংখ্যা জম্মু-কাশ্মীৰৰ,য’ত লক্ষ্য হোৱা মুঠ সাংবাদিক ৪৮,তাৰ পাছতে তেলেংগানাৰ সৰ্বাধিক ৪০ জন৷

সাংবাদিকসকল লক্ষ্য হোৱা অন্যান্য অঞ্চলসমূহ হ’ল – ওড়িশা (১৪), উত্তৰ প্ৰদেশ (১৩), দিল্লী (১২), পশ্চিম বংগ (১১), মধ্যপ্ৰদেশ আৰু মণিপুৰ (৬)), অসম আৰু মহাৰাষ্ট্ৰ (৫), বিহাৰ, কৰ্ণাটক আৰু পঞ্জাৱ (৪), ছত্তীশগড়, ঝাৰখণ্ড আৰু মেঘালয় (৩), অৰুণাচল প্ৰদেশ আৰু তামিলনাডু (২), অন্ধ্ৰপ্ৰদেশ, গুজৰাট, হাৰিয়ানা, পুডুচেৰী, ৰাজস্থান, ত্ৰিপুৰা আৰু উত্তৰাখণ্ড (১)।

প্ৰতিবেদন প্ৰকাশ কৰা সংস্থা আৰ আৰ এ জিয়ে কয় যে কমেও ১০৩ গৰাকী সাংবাদিকক ৰাজ্যিক পৰ্যায়ৰ নেতাই লক্ষ্য কৰি লোৱাৰ বিপৰীতে ৯১ গৰাকী সাংবাদিকক ৰাজনৈতিক কৰ্মীকে ধৰি অৰাজনৈতিক ব্যক্তিয়ে লক্ষ্য কৰি লৈছিল।

খবৰ অনুসৰি ১০৩ জন সাংবাদিকৰ ভিতৰত ৭০ জন সাংবাদিক গ্ৰেপ্তাৰ বা আটক, ১৪ জনৰ বিৰুদ্ধে এফ আই আৰ আৰু চাৰিজনক আৰক্ষী আৰু ই ডিয়ে চমন কৰে। পোন্ধৰজন সাংবাদিকক ৰাজহুৱা বিষয়া আৰু আৰক্ষীৰ পৰা শাৰীৰিক আক্ৰমণ, ভাবুকি আৰু হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে ইমিগ্ৰেচন বিষয়াসকলে দেশ এৰি যাবলৈ বাধা দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি