--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰায়ে সাংবাদিকসকলৰ প্ৰতি অহা প্ৰত্যাহ্বানসমূহৰ কথা সজোৰে উত্থাপন হয়৷ এইবাৰ পোহৰলৈ তেনে এক ভয়ংকৰ তথ্য৷প্ৰতিবেদন অনুসৰি এই সাংবাদিকসকলক লক্ষ্য কৰি লৈছিল ৰাজ্যিক সংস্থা, বেচৰকাৰী ৰাজনৈতিক উপাদান, অপৰাধী আৰু সশস্ত্ৰ বিৰোধী গোটৰ দ্বাৰা। লক্ষ্য কৰি লোৱা সাংবাদিকৰ সৰ্বাধিক সংখ্যা জম্মু-কাশ্মীৰৰ,য’ত লক্ষ্য হোৱা মুঠ সাংবাদিক ৪৮,তাৰ পাছতে তেলেংগানাৰ সৰ্বাধিক ৪০ জন৷

সাংবাদিকসকল লক্ষ্য হোৱা অন্যান্য অঞ্চলসমূহ হ’ল – ওড়িশা (১৪), উত্তৰ প্ৰদেশ (১৩), দিল্লী (১২), পশ্চিম বংগ (১১), মধ্যপ্ৰদেশ আৰু মণিপুৰ (৬)), অসম আৰু মহাৰাষ্ট্ৰ (৫), বিহাৰ, কৰ্ণাটক আৰু পঞ্জাৱ (৪), ছত্তীশগড়, ঝাৰখণ্ড আৰু মেঘালয় (৩), অৰুণাচল প্ৰদেশ আৰু তামিলনাডু (২), অন্ধ্ৰপ্ৰদেশ, গুজৰাট, হাৰিয়ানা, পুডুচেৰী, ৰাজস্থান, ত্ৰিপুৰা আৰু উত্তৰাখণ্ড (১)।

প্ৰতিবেদন প্ৰকাশ কৰা সংস্থা আৰ আৰ এ জিয়ে কয় যে কমেও ১০৩ গৰাকী সাংবাদিকক ৰাজ্যিক পৰ্যায়ৰ নেতাই লক্ষ্য কৰি লোৱাৰ বিপৰীতে ৯১ গৰাকী সাংবাদিকক ৰাজনৈতিক কৰ্মীকে ধৰি অৰাজনৈতিক ব্যক্তিয়ে লক্ষ্য কৰি লৈছিল।

খবৰ অনুসৰি ১০৩ জন সাংবাদিকৰ ভিতৰত ৭০ জন সাংবাদিক গ্ৰেপ্তাৰ বা আটক, ১৪ জনৰ বিৰুদ্ধে এফ আই আৰ আৰু চাৰিজনক আৰক্ষী আৰু ই ডিয়ে চমন কৰে। পোন্ধৰজন সাংবাদিকক ৰাজহুৱা বিষয়া আৰু আৰক্ষীৰ পৰা শাৰীৰিক আক্ৰমণ, ভাবুকি আৰু হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে ইমিগ্ৰেচন বিষয়াসকলে দেশ এৰি যাবলৈ বাধা দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস